নজৰ-তালিকা:
- পঞ্জীয়নৰ আৱেদন দুই প্ৰকাৰৰ : বিশুদ্ধ আৰু পুনৰ্নবীকৰণ৷
- বৃত্তিৰ ধনৰ পৰিমাণ ৫০,০০০.০০ টকাতকৈ কম৷ প’ৰ্টেলত কোনো কাগজ-পত্ৰ আপল’ড কৰিব নালাগে৷ শিক্ষাৰ্থীয়ে তেওঁৰ তথ্যসমূহ নিজৰ শিক্ষানুষ্ঠানতে জমা দিব লাগিব৷
- ৫০,০০০.০০ টকাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা শিক্ষাৰ্থীয়ে বাধ্যতামূলকভাৱে তথ্যসমূহ তলত দিয়া প’ৰ্টেলত অনলাইনযোগে আপল’ড কৰিব লাগিব৷
- আৱেদন প্ৰ-পত্ৰৰ ৰঙা তৰাচিনযুক্ত ক্ষেত্ৰসমূহ বাধ্যতামূলক৷
সংক্ষিপ্ত বিৱৰণ
প্ৰতিবন্ধী শিক্ষাৰ্থীলৈ শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে বিভাগে তিনিটাকৈ বৃত্তি আঁচনিৰ ব্যৱস্থা ৰাখিছে৷ মেট্ৰিক-পূৰ্ব, মেট্ৰিক-পশ্চাৎ আৰু শিক্ষাৰ জৰিয়তে ভিন্নভাৱে সক্ষম লোকৰ সবলীকৰণৰ অৰ্থে উচ্চ শিক্ষাৰ ক্ষেত্ৰত৷
যোগ্যতা নিৰ্ণায়ক
- প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব৷
- প্ৰতিবন্ধীৰ অক্ষমতা ৪০ শতাংশতকৈ অধিক আৰু সেয়া যিকোনো যোগ্য চিকিৎসা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰমাণিত হ’ব লাগিব৷
- একে পিতৃ-মাতৃৰ দুজনতকৈ অধিক প্ৰতিবন্ধী সন্তানে এই আঁচনিৰ অন্তৰ্গত সুবিধা নাপাব৷ অৱশ্যে দ্বিতীয় সন্তান যঁজা হ’লে উভয় সন্তানেই সুবিধা লাভ কৰিব৷
- যিকোনো শ্ৰেণীত অধ্যয়ন কৰাৰ বাবে পাবলগীয়া বৃত্তি এবছৰলৈ বাহাল থাকিব৷ যদিহে একেজন প্ৰতিবন্ধী শিক্ষাৰ্থীয়ে কিবা কাৰণত একেটা শ্ৰেণীতে পুনৰ অধ্যয়ন কৰিবলগীয়া পৰিস্থিতি হয়, তেনেহ’লে দ্বিতীয় অৰ্থাৎ পৰৱৰ্তী বৰ্ষটোত বৃত্তি নাপাব৷
- • এই আঁচনিৰ অন্তৰ্গত বৃত্তিপ্ৰাপক প্ৰতিবন্ধী শিক্ষাৰ্থীয়ে আন কোনো বৃত্তি / অনুদান ল’ব নোৱাৰিব৷ যদি তেনে সুযোগ হাতলৈ আহে, তেন্তে শিক্ষাৰ্থীগৰাকীয়ে সেইবোৰৰ ভিতৰত নিজৰ ইচ্ছানুসাৰে লাভজনক বুলি ভবা যিকোনো এটাহে বাছনি কৰি লৈ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ জৰিয়তে বৃত্তিদাতা কৰ্তৃপক্ষক নিজৰ ইচ্ছাৰ বিষয়ে জনাব লাগিব৷
দৰকাৰী নথি-পত্ৰ
- বৃত্তিৰ ধনৰ পৰিমাণ ৫০,০০০ টকাতকৈ কম
- ১. আধাৰ কাৰ্ড বা আধাৰ নথিভুক্ত নম্বৰ৷
- ২. জিলা চিকিৎসা বিষয়া / চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া পৰ্যায়ৰ পদমৰ্যাদাসম্পন্ন সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃত প্ৰতিবন্ধীৰ প্ৰমাণ-পত্ৰ৷
- ৩. আঁচনিৰ নিৰ্দেশনা অনুযায়ী ৰাজহ কৰ্তৃপক্ষ যেনে তহচিলদাৰ পৰ্যায়ৰ পদমৰ্যাদাসম্পন্ন সংশ্লিষ্ট কৰ্তৃপক্ষৰ স্বাক্ষৰ সম্বলিত পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ৷ ১৬ নং প্ৰ-পত্ৰ গ্ৰহণযোগ্য নহয়৷
- ৪. আগৰ বছৰৰ নম্বৰ তালিকা৷
- ৫. শিক্ষাদান মাচুলৰ ৰচিদ৷
- বৃত্তিৰ ধনৰ পৰিমাণ ৫০,০০০ টকাতকৈ বেছি
- ১. শিক্ষাৰ্থীৰ ফটোগ্ৰাফ৷
- ২. ৰাজহ কৰ্তৃপক্ষ যেনে তহচিলদাৰ পৰ্যায়ৰ পদমৰ্যাদাসম্পন্ন সংশ্লিষ্ট কৰ্তৃপক্ষৰ স্বাক্ষৰ সম্বলিত পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ৷ ১৬ নং প্ৰ-পত্ৰ গ্ৰহণযোগ্য নহয়৷
- ৩. আধাৰ কাৰ্ড বা আধাৰ নথিভুক্ত নম্বৰ৷
- ৪. জিলা চিকিৎসা বিষয়া / চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া পৰ্যায়ৰ পদমৰ্যাদাসম্পন্ন সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃত প্ৰতিবন্ধীৰ প্ৰমাণ-পত্ৰ৷
- ৫. আগৰ বছৰৰ নম্বৰ তালিকা৷
- ৬. শিক্ষাদান মাচুলৰ ৰচিদ৷
- ৭. বেংকৰ পাছবুক / বাতিল কৰা চেকৰ পৃষ্ঠা
- ৮. কম্পিউটাৰ আৰু আনুষংগিক যন্ত্ৰপাতি ক্ৰয়ৰ ৰচিদ (এছ.ডব্লিউ.ডি.ৰ অন্তৰ্গত উচ্চ পৰ্যায়ৰ বৃত্তিৰ ক্ষেত্ৰত প্ৰযোজ্য)৷
জৰুৰী সময়সীমা
বিভিন্ন বৃত্তিৰ বাবে আৱেদন প্ৰ-পত্ৰ গ্ৰহণৰ অন্তিম তিথি নেছনেল স্কলাৰশ্বিপ প’ৰ্টেলত উপলব্ধ৷
কেনেকৈ আৱেদন কৰিব
পঞ্জীয়নৰ আৱেদন দুই প্ৰকাৰৰ৷ বিশুদ্ধ আৰু পুনৰ্নবীকৰণ৷
বিশুদ্ধ : প’ৰ্টেলত প্ৰথমবাৰৰ বাবে আৱেদন কৰা শিক্ষাৰ্থীয়ে বিশুদ্ধ হিচাপে পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ তাৰ বাবে নেছনেল স্কলাৰশ্বিপ প’ৰ্টেলৰ হ’ম পে’জত Student Loginত ক্লিক্ কৰিব৷ নিৰ্দেশনা অনুসৰণ কৰি ব্যৱস্থাটোৱে দেখুওৱা আৱেদন প্ৰ-পত্ৰ পূৰণ কৰা হ’লে Save বুটামত ক্লিক্ কৰিব৷ ছে’ভ কৰাৰ লগে লগে এটা TemporaryID লাভ কৰিব৷ পৰৱৰ্তী তথ্যসমূহ পূৰণৰ বাবে ব্যৱস্থাটোৱে শিক্ষাৰ্থীগৰাকীক এই TemporaryID আৰু জন্মৰ তাৰিখটো বিচাৰিব৷ পঞ্জীয়নৰ এই অংশটো সম্পূৰ্ণকৈ ভৰ্তি কৰা হ’লে Submit বুটামত ক্লিক্ কৰিব৷ ফলত Permanent Registration ID এটা সৃষ্টি হ’ব৷ এই Permanent Registration IDটো বৰ্তমান শিক্ষাবৰ্ষত আৱেদন প্ৰ-পত্ৰখনৰ অৱস্থান আৰু পৰৱৰ্তী বৰ্ষত পুনৰ্নবীকৰণৰ দিশত ব্যৱহাৰ কৰিব পৰা যাব৷
পুনৰ্নবীকৰণ : এন.এছ.পি.ৰ জৰিয়তে বিগত বছৰটোত বৃত্তি লাভ কৰা শিক্ষাৰ্থীয়ে পৰৱৰ্তী বছৰতো একে পাঠ্যক্ৰম অধ্যয়ন কৰাৰ ক্ষেত্ৰত পুনৰ্নবীকৰণ গ্ৰহণযোগ্য হ’ব৷ আগৰটো শিক্ষাবৰ্ষত পঞ্জীয়নৰ আৱেদন সম্পূৰ্ণ কৰি ৰখা হেতুকে পূৰ্বৰ আৱেদন প্ৰ-পত্ৰৰ পৰা ন্যূনতম কেইটামান তথ্য যেনে Application Id আৰু জন্মৰ তাৰিখ আপল’ড কৰা প্ৰয়োজন৷ আনহাতে পাহৰণিৰ ক্ষেত্ৰত Forgot Application IDৰ সহায় ল’ব পাৰে৷ কেৱল বিগত বৰ্ষত এন.এছ.পি.ৰ পৰা বৃত্তিৰ ধন লাভ কৰা শিক্ষাৰ্থীয়েহে পুনৰ্নবীকৰণ কৰিব পাৰে৷ অনলাইনযোগে আৱেদন কৰিবলৈ www.scholarships.gov.in প’ৰ্টেলটো চাওক৷
সেৱাৰ প্ৰকাৰ
অনলাইন
আৱেদন প্ৰ-পত্ৰ ডাউনল’ড কৰিবলৈ এই প’ৰ্টেলটো চাওক-> www.scholarships.gov.in
জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, ডিফু, কাৰবি আংলং৷