মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

বনপালন-বিদ্যা

  • কাৰবি আংলং জিলাৰ বন ব্যৱস্থাপনাৰ তথ্য

     

     

     

     

     

     

     

    ভাগ্যশালী পৱিত্ৰ বৃক্ষ, ৰংহাংৰংবং, হামৰেণ

    ১. পৰিচয়

    ১.১ এই জিলাৰ মুঠ ভৌগোলিক এলেকা ১০,৪৩৪ বৰ্গ কিল’মিটাৰ অৰ্থাৎ ৰাজ্যখনৰ মুঠ এলেকাৰ ১৩.৩০ শতাংশ৷ ইয়াৰ অধিকাংশ অঞ্চলেই ওখ-চাপৰ, পাহাৰীয়া গছ-গছনিৰে আবৃত আৰু অসংখ্য জান-জুৰিৰে ভৰা৷

    ১.২ বহলভাৱে জিলাখনক পাহাৰ আৰু সমতল নামে দুটা ভূ-প্ৰাকৃতিক গোটত ভগাব পাৰি৷ এই জিলাৰ প্ৰায় ৮৫ শতাংশ এলেকাই পাহাৰে আৱৰি ৰাখিছে৷ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা ১,৩৬০ মিটাৰ৷ ডিফু মহকুমাৰ উত্তৰ আৰু দক্ষিণৰ পাৰ্বত্য অঞ্চলটো সমতলভূমি আৰু অনুচ্চ মালভূমিৰে বিশেষত্বপূৰ্ণ৷ পূব দিশৰ সমতল এলেকা সৃষ্টি হৈছে উক্ত অংশইদি বৈ যোৱা যমুনা, কপিলী আৰু ধনশিৰি নদীৰ উপত্যকাৰে৷ এই তিনিখন মূল নদীৰ উপৰি জিলাখনৰ আনকেইখনমান গুৰুত্বপূৰ্ণ নদী হ’ল কলিয়নি, বৰপানী, পাত্ৰাদিছা আৰু ডিখাৰু৷ কাৰবি আংলঙৰ বনাঞ্চলৰ পূৰ্ব-স্থিতি অধ্যয়নে বিশাল জৈৱ-বৈচিত্ৰ্যৰ উন্নীতকৰণেৰে বৃহৎ পৰিমাণৰ ভূ-দৃশ্যৰ বিবিধতাৰ সম্ভেদ দিয়ে৷ জীৱিত আৰু বিৰাটকায় গছ-বিৰিখেৰে পৰিপূৰ্ণ ইয়াৰ বনাঞ্চলসমূহক প্ৰাকৃতিক গৱেষণাগাৰ বুলিব পাৰি৷ বিৰল, বৈশিষ্ট্যপূৰ্ণ আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ গছ-গছনিৰ ভঁৰাল, বনৌষধি উদ্ভিদৰ ঔষধালয়, উদ্ভিদবিদৰ বাবে উদ্যান, অৰ্থনৈতিকভাৱে প্ৰয়োজনীয় জীৱ-জন্তুৰ জিন অধিকোষ, প্ৰকৃতিপ্ৰেমীৰ ভূস্বৰ্গ আৰু পৰিৱেশবিদসকলৰ গৱেষণাগাৰ এয়া৷

    ১.৩ ১৯৯১ চনৰ লোক-পিয়ল অনুসৰি কাৰবি আংলং জিলাৰ জনসংখ্যা ৬,৬৩,০০০৷ কাৰবি জনগোষ্ঠীয়ে ইয়াৰ সিংহভাগ আৱৰি আছে৷ কাৰবিৰ বাহিৰেও লালুং (তিৱা), ডিমাচা কছাৰী, ৰেংমা নগা, কুকি, গাৰো, খাচি আৰু শ্যামসকলে জিলাখনৰ বিভিন্ন স্থানত বসতি কৰি আহিছে আৰু নিজৰ নিজৰ নৃগোষ্ঠীয় পৰিচয়ৰ প্ৰতিপালন কৰি আছে৷

    ২. বনাঞ্চল আৰু প্ৰশাসনীয় গাঁথনি

    ২.১ অসম চৰকাৰৰ ৩১.১২.১৯৯৬ তাৰিখৰ কাৰ্যালয় স্মাৰক নং এইচ.এ.ডি. ৫৭/৯৫/৩০৯ অনুসাৰে বন বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদলৈ হস্তান্তৰ কৰা হয়৷ ৰাজ্য চৰকাৰৰ ভূমিকা হৈছে পৰামৰ্শদাতা৷ তিনিটা ক্ষেত্ৰীয় সংমণ্ডল ক্ৰমে কাৰবি আংলং পূব সংমণ্ডল, কাৰবি আংলং পশ্চিম সংমণ্ডল আৰু হামৰেণ সংমণ্ডলে বনাঞ্চলসমূহ নিয়ন্ত্ৰণ কৰে৷ ইয়াৰ বাহিৰেও আছে তিনিটা কাৰ্যকৰী সংমণ্ডল ক্ৰমে উত্তৰ বনানীকৰণ সংমণ্ডল, কৰ্ম-যোজনা সংমণ্ডল (পাৰ্বত্য) আৰু বন সংবৰ্ধন সংমণ্ডল (পাৰ্বত্য)৷ প্ৰতিটো সংমণ্ডলৰে মুৰব্বী একোজন সংমণ্ডলীয় বন বিষয়া৷ সমূহ সংমণ্ডল কাৰবি আংলং চক্ৰ, ডিফুৰ বন সংৰক্ষকৰ পৰ্যবেক্ষণ তথা নিয়ন্ত্ৰণনাধীন৷

    ২.২ ভাৰতীয় বন জৰীপ, ডেৰাডুনৰ ১৯৯৯ চনৰ বন অৱস্থা প্ৰতিবেদনৰ মতে জিলাখনৰ ৬,০৪৪ বৰ্গ কিল’মিটাৰ এলেকা ঘন অৰণ্যৰে আৰু ২,৭৭৬ বৰ্গ কিল’মিটাৰ এলেকা মুকলি হাবি-জংঘলেৰে আবৃত৷ কাৰবি আংলং জিলাত পোৱা অৰণ্যৰ বিভাগসমূহ হৈছে-

    ক. সেমেকা অৰ্ধ-চিৰসেউজ অৰণ্য

    খ. সেমেকা পৰ্ণপাতী সানমিহলি অৰণ্য

    গ. নৈপৰীয়া

    ঘ. নিভাঁজ বা মিশ্ৰভাৱে সিঁচৰতি হৈ থকা বাঁহগছ

    ২.৩ বাদাম, গমাৰি, চাম, তিতাচঁপা, নাহৰ, ভেলৌ, পমা, বনচোম, ধুনা, শিলিখা, ভেলা, বন-আম আদিৰ দৰে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ প্ৰজাতিসমূহেৰে সমৃদ্ধ সেমেকা অৰ্ধ-চিৰসেউজ অৰণ্যানী জিলাখনত ব্যাপকভাৱে উপলব্ধ আৰু ই শীৰ্ষস্থান অধিকাৰ কৰি আছে৷ সেমেকা পৰ্ণপাতী সানমিহলি অৰণ্যত হালধি, বগৰী, শিমলু, ঘগ্ৰা, আজাৰ, ওদাল, ঔ-টেঙা ইত্যাদিৰ পয়োভৰ বেছি৷ জিলাখনৰ জুৰি আৰু নদীসমূহৰ আশে-পাশে থকা পলসুৱা ভূভাগ নৈপৰীয়া অৰণ্যই আৱৰি ৰাখিছে য’ত সচৰাচৰ পোৱা দৰকাৰী প্ৰজাতিসমূহ হ’ল খয়েৰ, শিশু, উৰিয়াম, ককলি আদি৷ গমাৰি, চঁপা, চাম, বনচোম, বগীপমা, গন্ধকৰৈ, ধুনা, শিঙৰি আদি গছ-গছনিৰে মিশ্ৰ ধৰণৰ অৰণ্য গঠিত৷ আনহাতে বাঁহৰ প্ৰধান প্ৰজাতি হৈছে কাক আৰু জাতি৷ এই বাঁহৰ উৎপাদন ঘাইকৈ কৰা হয় জাগীৰোডৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বনৰ বাবে৷ কাৰবি আংলঙৰ বনাঞ্চল বিস্তৃত আৰু বেত, পাটীদৈ, ধুনা, আগৰ, ইকৰা, খেৰৰ লগতে বাঘনলা, লা, ডালচেনি, পাটীসোন্দা, ৰিমা, শতকৰা তথা ঔষধি গুণসম্পন্ন বিবিধ গছ-গছনিৰে পৰিপূৰ্ণ৷

    ২.৪ বন্যভূমিৰ বিধিসংগত তথ্য

    কাৰবি আংলং জিলাৰ বিস্তৰ এলেকা ঘন বনাঞ্চলেৰে আবৃত৷ বনভূমিৰ বিধিসংগত এলেকা তলত দিয়া ধৰণৰ-

    ১. ৰাজ্যিক সংৰক্ষিত বনাঞ্চল (এছ.আৰ.এফ.) ১,৯৬২.০৬ বৰ্গ কিল’মিটাৰ

    ২. জিলা পৰিষদৰ সংৰক্ষিত বনাঞ্চল (ডি.চি.আৰ.এফ.) ১,০১১.২৬ বৰ্গ কিল’মিটাৰ

    ৩. প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি.আৰ.এফ.) ১,৩১৭.০১ বৰ্গ কিল’মিটাৰ

    ওপৰৰ প্ৰ-বিৱৰণৰ পৰা এইটো স্পষ্ট যে কাৰবি আংলঙৰ ভৌগোলিক ক্ষেত্ৰকালিৰ কেৱল ৪১.১২ শতাংশহে বনাঞ্চলেৰে আবৃত হৈ আছে৷ ইয়াৰে কেতবোৰ এলেকাৰ উন্নয়ন সাধন কৰাটো প্ৰয়োজনীয়৷ সেউজ আৱৰণ বৃদ্ধিৰ অৰ্থে অষ্টম পৰিকল্পনা পৰ্যন্ত জিলাখনত Annexure-IIত বিস্তাৰিতভাৱে উল্লেখ থকা ধৰণে চেগুন (Tectona grandis), গমাৰি (Gmelina arborea), তিতাচঁপা (Michelia champaca), শিমলু (Bombax ceiba), ওদাল (Sterculia villosa), আজাৰ (Lagerstroemia flos-reginae), পাইন (Pinus khasya) আদি ৰোপণেৰে ৬৩,৬০৫ হেক্টৰ এলেকাত বনানীকৰণ কৰা হৈছে৷ ৰাষ্ট্ৰীয় বন নীতি অনুসৰি পাৰিস্থিতিক সন্তুলন সঠিকভাৱে বৰ্তাই ৰাখিবলৈ হ’লে পাৰ্বত্য অৰণ্যানীৰ ন্যূনতম ৬০ শতাংশ ভৌগোলিক এলেকা বননি আচ্ছাদিত হোৱা উচিত৷ এতেকে নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাত বাৰ্ষিক ৪,০০০ হেক্টৰ হিচাপত ২০,০০০ হেক্টৰ এলেকাত বৃক্ষৰোপণৰ এক পৰিমিত লক্ষ্য স্থিৰ কৰা হৈছিল৷ পিছে নিৰূপিত পুঁজি দুৰ্বল হোৱা হেতুকে প্ৰস্তাৱিত লক্ষ্যত উপনীত হ’ব পৰা নগ’ল৷ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ২০,০০০ হেক্টৰৰ বিপৰীতে কেৱল ৭,৫৩৬ হেক্টৰ এলেকাতহে বৃক্ষৰোপণ কৰিব পৰা গ’ল৷

    আই.জে.ডি.পি. কাৰ্যসূচীৰ মাধ্যমেৰে নগদ শস্যাদিৰ উৎপাদন বঢ়াই স্থায়ী বসতি স্থাপনৰ উদ্দেশ্যে প্ৰচেষ্টা চলোৱা হৈছে যদিও স্থানীয় জনজাতীয়সকলে জুম প্ৰণালীৰে কৰা পৰম্পৰাগত কৃষি পদ্ধতি আজিকোপতিও অৱলম্বন কৰি থকাত পাহাৰৰ এঢলীয়া উপৰিভাগ বিস্তৃতভাৱে আৰু বেয়াকৈ লঠঙা হৈ পৰিছে৷ খণ্ডিত বাসস্থান আৰু বৰ্ধিত জনসংখ্যাৰ ফলত জিলাখনত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত হ’বলৈ লৈছে৷ এই সংঘাত ঘাইকৈ হাতীৰ সৈতে, কিয়নো বৃহৎকায়াৰ তৃণভোজী জন্তুটোৱে শস্য চপোৱাৰ বতৰত সঘনাই আহি পথাৰৰ ধান আৰু কুঁহিয়াৰ খেতিত উপদ্ৰৱ চলায়৷ সংঘাতৰ ফলত অনেকজনৰ প্ৰাণ হানি হোৱাৰ বিপৰীতে প্ৰতিফলস্বৰূপে কেতিয়াবা হাতীৰো মৃত্যু ঘটিছে৷

    3 Pictures

    ৩. উদ্দেশ্য

    বন বিভাগৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহ হৈছে-

    ক. অধিকভাৱে সংৰক্ষিত বনাঞ্চল সৃষ্টি আৰু অধঃপতিত ভূভাগত বৃক্ষাৱৰণ বৃদ্ধিৰে জিলাখনৰ ভৌগোলিক পৰিসীমাৰ ৬০ শতাংশ এলেকা বনাবৃত কৰাৰ লক্ষ্য সাকাৰ কৰা৷

    খ. অধঃপতিত আৰু পৰ্যাৱৰণৰ দৃষ্টিৰে অসন্তুলিত এলেকাসমূহত বনানীকৰণ কৰা৷

    গ. ধাৰণ ক্ষমতা বঢ়াই ভূমি আৰু জল খহনীয়া হ্ৰাস কৰাৰ বাবে অধঃপতিত তথা কম গছ-গছনি থকা এলেকাসমূহত জীৱাৱশেষ বৃদ্ধি কৰা৷

    ঘ. খহনীয়া প্ৰতিৰোধৰ কাৰণে জুম-পৰিত্যক্ত এলেকাসমূহ গছ-গছনিৰে পুনৰাবৃত কৰা৷

    ঙ. বৰ্তমানে থকা বনাঞ্চলসমূহত বহনক্ষম ভিত্তিক কৰ্ম-যোজনা বিধানৰ মাধ্যমেৰে ব্যৱস্থা গ্ৰহণ৷

    চ. ঔদ্যোগিক আৰু ঘৰুৱা চাহিদা পূৰণৰ অৰ্থে প্ৰতি অঞ্চল তথা সময় অনুপাতে বনজ উৎপাদন বৃদ্ধি কৰা৷

    ছ. সংযুক্ত বন ব্যৱস্থাপনাৰ জৰিয়তে বহনক্ষম ক্ষুদ্ৰ বন উৎপাদন সৃষ্টিৰে ইন্ধন, তৃণভোজী প্ৰাণীৰ আহাৰ আৰু কাঠৰ প্ৰয়োজন পূৰণৰ বাবে স্থানীয় মানুহৰ আয় বৃদ্ধি কৰা৷

    জ. উদ্ভিদকুল আৰু প্ৰাণীকুল জীয়াই ৰখা আৰু সংখ্য বৃদ্ধিৰ কাৰণে অনুকূল নিবাস সৃষ্টিৰে সংৰক্ষিত অভয়াৰণ্য তথা জীৱমণ্ডল গঠন কৰি জিন ভাণ্ডাৰ আৰু অঞ্চলৰ স্বকীয় পৰ্যাৱৰণ সুৰক্ষিত কৰা৷

    ৪. উন্নয়নমূলক কাৰ্যকলাপ

    ৪.১ ক্ষেত্ৰীয় সংমণ্ডলসমূহলৈ বন ব্যৱস্থাপনা আৰু বন্য-প্ৰাণীৰ সুৰক্ষা সম্পৰ্কীয় সকলো ধৰণৰ কাম-কাজ ন্যস্ত কৰা হৈছে৷ সংমণ্ডলসমূহে কুন্দা উলিওৱা আৰু অন্য বনজ উৎপাদন চোৱা-চিতাৰ লগতে জিলা পৰিষদৰ ৰাজভঁৰাললৈ ৰাজহ সংগ্ৰহ কাৰ্য সম্পন্ন কৰে৷ উদ্ভিদ আৰু প্ৰাণীকুলৰ সংৰক্ষণ আৰু আন্তঃগাঁথনিৰ উন্নয়নাৰ্থে বিস্তৃত বৃক্ষৰোপণতো সংমণ্ডলসমূহ নিয়োজিত৷ ক্ষেত্ৰীয় সংমণ্ডলসমূহে হাতত লোৱা বৃক্ষৰোপণ আঁচনিসমূহ হৈছে চেগুন গছ ৰোপণ, অধঃপতিত বন এলেকাক পুৰ্বৰ অৱস্থালৈ নিয়া, চাহপাতৰ বাকচ আৰু জুইশলাৰ বাবে লগা বৃক্ষ আৰু বাঁহগছ ৰোপণ৷

    ৪.২ উত্তৰ বনানীকৰণ সংমণ্ডলটো খৰতকীয়াভাৱে বৃদ্ধি পোৱা প্ৰজাতি আৰু সামাজিক বনপালনবিদ্যাৰ বৃক্ষৰোপণৰ সৈতে জড়িত৷

    ৪.৩ জিলাখনৰ বিজ্ঞানসন্মত বন ব্যৱস্থাপনাৰ অৰ্থে কৰ্ম-যোজনা নিৰূপণৰ ভাৰ কৰ্ম-যোজনা সংমণ্ডল (পাৰ্বত্য)ক অৰ্পণ কৰা হৈছে৷ ক্ষেত্ৰ জৰীপ আৰু তথ্য সংগ্ৰহ ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ কাৰবি আংলং পূব সংমণ্ডল, কাৰবি আংলং পশ্চিম সংমণ্ডল, হামৰেণ সংমণ্ডল আৰু বাঁহ ব্যৱস্থাপনা যোজনাৰ কৰ্ম-যোজনাৰ প্ৰস্তুতিৰ কাম চলি আছে৷

    ৪.৪ বন সংবৰ্ধন সংমণ্ডল (পাৰ্বত্য)টো উপযুক্ত ব্যৱস্থাপনা অনুশীলন, শস্য-গোট আৰু বৃক্ষ সংবৰ্ধনৰ সঠিক পদ্ধতি উদ্ভাৱনমূলক গৱেষণা কাৰ্যৰ সৈতে জড়িত৷ এই সংমণ্ডলৰ তত্ত্বাৱধানত দুখন উদ্ভিদ উদ্যান প্ৰতিপালন কৰি অহা হৈছে৷ ইয়াৰোপৰি বনৌষধি আৰু দুষ্প্ৰাপ্য উদ্ভিদৰ সৈতেও সংমণ্ডলটো সাঙোৰ খাই আছে৷

    ৫. বন্যপ্ৰাণী এলেকা সৃষ্টি আৰু উন্নয়ন

    ৫.১ বিবিধ বন্য জীৱনেৰে কাৰবি আংলং চহকী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাত এটা খড়্গযুক্ত গঁড়, বনৰীয়া ম’হ, বন-গৰু আদি সহজলভ্য৷ জিলাখনৰ প্ৰায় প্ৰতিটো অংশতে ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, কুকুৰনেচীয়া বাঘ আৰু ভালুক পোৱা যায়৷ বিশেষভাৱে, পাহাৰৰ সমীপত হাতী পোৱা যায়৷ শস্য যেতিয়া পকে, হাতীয়ে বৰকৈ নষ্ট কৰে৷ বনৰীয়া হাতী, বিশেষকৈ অকলশৰীয়া মখনাই বাটৰুৱা বা গঞাক আক্ৰমণ কৰাৰ উপৰি জাক পাতি আহি শস্যৰ অনিষ্ট কৰাটো সচৰাচৰ ঘটা ঘটনা৷ পহু ইয়াত উভৈনদী৷ গুঁইসাপ, অজগৰ আদিও সততে উপলব্ধ৷

    ৫.২ বনাঞ্চল আৰু জলাহ স্থানত বাস কৰা অনেকবোৰ ৰংচঙীয়া চৰাই-চিৰিকটি পক্ষীকুলৰ অন্তৰ্ভুক্ত৷ সঘনাই দেখা চৰাইবোৰ হৈছে ধনেশ, পৰ্ঘুমা, হাইঠা, শিলকপৌ, হয়ঁকলী, বনকুকুৰা, বাঢ়ৈটোকা, কুলি, মাছৰোকা, কাকৈঢোঁৰা, কণামুচৰি, ডঁৰিক, পেলিকান, গোবৰ খোঁচৰা, মইনা, হালধি কণা, বগলী আদি৷

    ৫.৩ পক্ষীকুল বিবিধতাভৰা আৰু চহকী যদিও কাৰবি আংলং জিলাত কোনো অভয়াৰণ্য বা সংৰক্ষিত অঞ্চল নাছিল৷ ১৯৯৯-২০০০ চনৰ কালছোৱাত পৰিষদ কৰ্তৃপক্ষ ভৌগোলিক এলেকাৰ কমেও ৪ শতাংশ বন্যপ্ৰাণী এলেকা হিচাপে বিজ্ঞাপিত হোৱা উচিত সম্পৰ্কীয় ভাৰত চৰকাৰৰ বিধিৰ বিষয়ে অৱগত হয়৷ মোটামুটিভাৱে জিলাখনৰ ৩.৪৯ শতাংশ ভৌগোলিক এলেকাৰে ৩৬০.৮৬ বৰ্গ কিল’মিটাৰ আৱৰি বৰ্তমান পৰ্যন্ত চাৰিখন অভয়াৰণ্য ইতিমধ্যে ঘোষিত হৈছে৷ তদুপৰি ৪৫১.৮৭ বৰ্গ কিল’মিটাৰ এলেকা আৱৰি মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্যৰো প্ৰস্তাৱ দিয়া হৈছে৷ সবিশেষ তলত উল্লেখ কৰা হ’ল-

    ক. নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য-

    অসম চৰকাৰে ২৭.৭.২০০০ তাৰিখৰ অধিসূচনা নং এফ.ই.ডব্লিউ.৫৭/৯৯/৩৮ মৰ্মে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰবি আংলং জিলাৰ কাৰবি আংলং পূব বন সংমণ্ডল, ডিফুৰ অন্তৰ্গত বোকাজান মহকুমাৰ শিলনিজান অসামৰিক চক্ৰৰ ৩৭ বৰ্গ কিল’মিটাৰ মাটিকালিৰে ‘নামবৰ অভয়াৰণ্য’ ঘোষণা কৰে৷ উত্তৰ দিশে ই গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্যৰ পশ্চিম আৰু দক্ষিণ সীমান্তৰে বৈ যোৱা ধনশিৰি নৈ পৰ্যন্ত বিস্তৃত৷

    এই অভয়াৰণ্যৰ এলেকাত বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰভাৱপূৰ্ণ ব্যৱস্থাপনাৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত কাঠামোৰ উন্নয়ন, বিচৰণভূমি সালসলনি আৰু উন্নীতকৰণ ইত্যাদি কৰাটো দৰকাৰ৷ টহলদাৰী পথ, শিৱিৰ, প্ৰহৰী স্তম্ভ, পানীৰ উৎসৰ উন্নয়ন, বেতাঁৰ যন্ত্ৰপাতি আৰু বাহন ক্ৰয় আদিৰ বাবে পুঁজি আবণ্টনৰ প্ৰস্তাৱ চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে৷

    খ. পূব কাৰবি আংলং বন্যপ্ৰাণী অভয়াৰণ্য-

    অসম চৰকাৰে ২৭.৭.২০০০ তাৰিখৰ অধিসূচনা নং এফ.আৰ.ডব্লিউ.৫৭/৯৯/৫১ মৰ্মে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰবি আংলং জিলাৰ কাৰবি আংলং পূব বন সংমণ্ডল, ডিফুৰ অন্তৰ্গত বোকাজান মহকুমাৰ শিলনিজান অসামৰিক চক্ৰৰ ২২১.৮১ বৰ্গ কিল’মিটাৰ মাটিকালিৰে ‘পূব কাৰবি আংলং বন্যপ্ৰাণী অভয়াৰণ্য’ ঘোষণা কৰিছে৷

    মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চলৰ বহিঃস্থ সীমাই এই অভয়াৰণ্যৰো সীমা৷ ইয়াৰ ওপৰঞ্চি ক্ৰমে ১৭.১০.১৮৭৮ তাৰিখৰ নং ৫বি আৰু ৭.১০.১৮৮২ তাৰিখৰ নং ২৪ অধিসূচনা মৰ্মে ভাৰতীয় জৰীপ বিভাগৰ স্থলাকৃতি পৃষ্ঠাত পূৰ্বতে স্পষ্টৰূপে অংকিত সীমাকে ধাৰ্য কৰা হৈছে৷

    গ. কাৰবি আংলং বন্যপ্ৰাণী অভয়াৰণ্য-

    অসম চৰকাৰে ২৭.৭.২০০০ তাৰিখৰ অধিসূচনা নং এফ.আৰ.ডব্লিউ.৫৭/৯৯/৪২ মৰ্মে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰবি আংলং জিলাৰ কাৰবি আংলং পূব বন সংমণ্ডল, ডিফুৰ অন্তৰ্গত বোকাজান মহকুমাৰ দুৱাৰ বাগৰি মৌজাৰ ৯৬ বৰ্গ কিল’মিটাৰ মাটিকালিৰে ‘কাৰবি আংলং বন্যপ্ৰাণী অভয়াৰণ্য’ ঘোষণা কৰিছে৷

    এই বন্যপ্ৰাণী অভয়াৰণ্যৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ অৰ্থে আন্তঃগাঁথনি, বাহন ক্ৰয়, যাতায়াত আৰু বেতাঁৰ নেটৱৰ্ক আদিকে সামৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ প্ৰয়োজন৷ ইয়াৰ বাবে প্ৰস্তাৱ ইতিমধ্যে দাখিল কৰা হৈছে৷

    ঘ. গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য-

    বৰ্তমানৰ গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্যখনৰ জাননী জাৰি কৰা হৈছিল ১৯৫২ চনত৷ ১০.৭.৫২ তাৰিখৰ অধিসূচনা নং এফ.আৰ.১৯৯/৫২ মৰ্মে ৬ বৰ্গ কিল’মিটাৰ এলেকাৰে গঠিত সমস্ত অভয়াৰণ্যখনেই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন আৰু বিৰল তথা বিলুপ্তপ্ৰায় জীৱ তথা উদ্ভিদ কুলেৰে পৰিপূৰ্ণ৷

    প্ৰভাৱপূৰ্ণ ব্যৱস্থাপনা আৰু বন্যপ্ৰাণী নিয়ন্ত্ৰণৰ কাৰণে আৰু এই অভয়াৰণ্যৰ সমীপত গোলাঘাট জিলাত থকা প্ৰচণ্ড জীৱীয় চাপৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ অভয়াৰণ্যখনৰ সুৰক্ষা আৰু ভৱিষ্যতে কৰিবলগীয়া সম্প্ৰসাৰণৰ অৰ্থে কাঠামোৰ যথোপযুক্ত উন্নয়ন অতিশয় দৰকাৰী৷ উপকণ্ঠত সুৰক্ষা পথ, সুকৌশলী অৱস্থানত শিৱিৰ, অস্থায়ী প্ৰহৰী স্তম্ভ আৰু দলং আদি নিৰ্মাণৰ বাবে পুঁজি অনুমোদনৰ প্ৰস্তাৱ ইতিমধ্যে জমা দিয়া হৈছে৷

    ঙ. মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য-

    বৰ্তমানৰ জৈৱ-বৈচিত্ৰ্য আৰু সংবেদনশীল পৰিস্থিতি-তন্ত্ৰৰ সংৰক্ষণৰ প্ৰয়োজন অনুভৱ কৰি কাৰবি আংলং জিলা পৰিষদে ১৯৯৭ চনত মিকিৰ পাহাৰ জিলা বন আইনৰ অধীনত অঞ্চলটোত বন্যপ্ৰাণী অভয়াৰণ্য সৃষ্টিৰ প্ৰাথমিক অধিসূচনা জাৰি কৰিছিল৷ বিষয়টোৰ ওপৰত কেন্দ্ৰীয় আইন থকাত ১৯৭২ চনৰ বন্যপ্ৰাণী (সংৰক্ষণ) আইনৰ অধীনত বিধিবৎ অধিসূচনাৰ অৰ্থে অসমৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ জৰিয়তে অসম চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল৷ অসমৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ অনুৰোধক্ৰমে আকাংক্ষিত অদল-বদলসমূহ সংঘব্দ্ধ কৰাৰ পাছত পৰিষদৰ ২৫.৬.৯৯ তাৰিখৰ চিঠি নং কে.এ.চি./এফ./এম.এল.ডব্লিউ.আই.অভয়াৰণ্য/৯৯-২০০০/১৭৪২ প্ৰস্তাৱটো অসমৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ জৰিয়তে অসম চৰকাৰলৈ পুনৰবাৰ প্ৰেৰণ কৰা হৈছিল৷

    জিলাখনৰ চাৰিখন সংৰক্ষিত বনাঞ্চল ক্ৰমে মিয়ুংদিছা (ডি.চি.আৰ.এফ.), ডিচামা (আৰ.এফ.), কাকী (আৰ.এফ.) আৰু ইংলংকিৰি (ডি.চি.আৰ.এফ.)ক সামৰি ৪৫১.৮৭ বৰ্গ কিল’মিটাৰ এলেকাৰে প্ৰস্তাৱিত মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য উদ্ভিদ আৰু প্ৰাণীৰ দিশত অতি চহকী৷ অভয়াৰণ্যখনৰ ভিতৰত পোৱা বন্য জীৱজন্তুৰ প্ৰজাতিসমূহ হৈছে হাতী, ঢেঁকীয়াপতীয়া বাঘ, ভালুক-মেকুৰী, গছ-ভালুক, সুগৰী পহু, গিবন ইত্যাদি৷ তদুপৰি আছে অনেক প্ৰজাতিৰ পক্ষী৷

    এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰ্যাপ্ত পৰিমাণৰ পাৰিস্থিতিক, উদ্ভিদ তথা প্ৰাণী সংক্ৰান্তীয়, ভূৰূপতাত্ত্বিক, প্ৰাকৃতিক আৰু প্ৰাণীবিদ্যাগত বিশেষত্ব আছে৷ পাৰ্বত্য জিলাখনৰ মূল্যৱান বন সংৰক্ষণ তথা প্ৰতিৰোধী ব্যৱস্থাৰ মাপকাঠি হিচাপে এইবোৰেই হৈছে নিৰ্ধাৰক৷ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যখন এচিয়াৰ ভিতৰতে সৰ্ববৃহৎ সংৰক্ষিত বনাঞ্চলৰূপে পৰিগণিত আৰু জীৱ-উদ্ভিদ কুলত যথেষ্ট চহকী ধনশিৰি সংৰক্ষিত বনাঞ্চল চুই আছে৷

    এই প্ৰস্তাৱিত অভয়াৰণ্যখন সৃষ্টি কৰা চাৰিওখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মিয়ুংদিছা আৰু ইংলংকিৰি হৈছে ডি.চি.আৰ.এফ. য’ত সত্তৰৰ দশকত হোৱা গঠন আৰু বিজ্ঞপ্তিৰ সময়ৰে পৰাই থলুৱা জনজাতীয় লোকৰ কৃষি-কৰ্মৰ ক্ষেত্ৰত অধিকাৰ সীমিত৷ ভিতৰুৱা এলেকাৰ এই লোকসকলক উঠাই আনি আই.জে.ডি.পি.ৰ পৰিপাৰ্শ্ব উন্নয়ন প্ৰকল্পৰ জৰিয়তে আই.এফ.এ.ডি. আৰু পৰিষদৰ বাজেটৰ পুঁজিৰে বহনক্ষম ভিত্তিত সংবেদনশীল পৰিপাৰ্শ্ব-তন্ত্ৰৰ সংৰক্ষণ আৰু জন্তু-মানুহৰ সংঘাত সমস্যা সমাধানৰ লক্ষ্যৰে ডিফু-লামডিং পথত পুনৰ্সংস্থাপিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে৷ ইয়াৰোপৰি কেতবোৰ বেআইনী জুম অঞ্চল আছে যিবোৰত আপাতকালীন বনানীকৰণৰ প্ৰচেষ্টাৰে পুনৰাই সেউজীকৰণৰ পদক্ষেপ লোৱা হ’ব৷ এই অঞ্চলত থকা বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বাবে সঠিক বিচৰণভূমি ব্যৱস্থাপনা অনুশীলনৰো প্ৰস্তাৱ দাখিল কৰা হৈছে৷ বনস্পতিত চহকী লাংকাইজান ইউ.এছ.এফ.ৰ অন্তৰ্গত ৪৪.৩৭ বৰ্গ কিল’মিটাৰ বন এলেকা পৰৱৰ্তী সময়ত এই অভয়াৰণ্যৰ সৈতে ওপৰঞ্চিভাৱে সংযোজিত হ’ব৷

    ৫.৪ হাতীৰ বিচৰণথলী সংৰক্ষণ আৰু মানুহ-প্ৰাণী সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে হস্তী প্ৰকল্পৰ অন্তৰ্গত সকলো সংৰক্ষিত বনাঞ্চল, জিলা পৰিষদৰ সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বিচৰণভূমি ব্যৱস্থাপনা সম্বন্ধে ভাৰত চৰকাৰক প্ৰস্তাৱ দাখিল কৰা হৈছে৷ জিলাখনৰ অনন্য উদ্ভিদকুল আৰু প্ৰাণীকুলৰ সংৰক্ষণাৰ্থে এই ব্যৱস্থাৱলীত দীঘলীয়া সময়ৰ প্ৰয়োজন আছে৷

    কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনৰ বনজ সম্পদসমূহৰ বিজ্ঞানসন্মত আৰু বহনক্ষম ব্যৱস্থাপনাত খৰতকীয়া পদক্ষেপ হাতত লৈছে৷ ১৯৯৫ চনৰ পৰা কাঠ কটাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ প্ৰকৃত উন্নয়ন আৰু স্থানীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গৃহসজ্জাত ব্যৱহৃত গছ-গছনিৰ বহনক্ষম ৰোপণ আৰু ক্ষুদ্ৰ বনজ উৎপাদনৰ বাবে বনাঞ্চল এলেকাৰ জৰীপ কাৰ্য হৈ গৈছে আৰু কৰ্ম-যোজনাৰ সংকলন চলি আছে৷ অধিকভাৱে সংৰক্ষিত অঞ্চলসমূহক জিন ভাণ্ডাৰ আৰু জিলাখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ্থে অধিসূচিত কৰা হৈছে৷ স্মৃতিবহিৰ্ভূত সময়ৰে পৰাই বন-বননিৰ সৈতে সহাৱস্থান কৰি অহা কাৰবি আংলঙৰ বিভিন্ন জনজাতিৰ সম্পৰ্কে নৃগোষ্ঠীয় জ্ঞান আহৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ডক্টৰ এছ. কে. বৰঠাকুৰৰ তত্ত্বাৱধানত নৃগোষ্ঠীয় উদ্ভিদ-বিদ্যাৰ অধ্যয়ন হাতত লোৱা হৈছে আৰু পূৰ্ব স্থিতি সংৰক্ষণৰ কাৰণে ডিফুত এখন উদ্ভিদ উদ্যান গঢ়ি তোলা হৈছে৷ কাৰবি আংলঙৰ মূল্যৱান উদ্ভিদ আৰু প্ৰাণীকুলৰ সংৰক্ষণৰ অৰ্থে এই ব্যৱস্থাৱলীয়ে দীঘলীয়া সময় ল’ব৷ আহক, আমাৰ বনজ সম্পদৰ সুৰক্ষাত আমি সকলোৱে যোগদান কৰোঁ কিয়নো আনুবংশিক সংসাধন আৰু জৈৱ-বিবিধতা প্ৰতিখন দেশৰে ৰাষ্ট্ৰীয় সম্পত্তি৷