এই প’ৰ্টেলৰ সমূহ পৰিদৰ্শনকাৰীৰ সহায়ক হোৱাকৈ আমি ব্যৱহাৰযোগ্যতাৰ নীতি আৰু সাৰ্বজনীন ৰূপদান অনুসৰণ কৰাৰ লক্ষ্য লৈছোঁ৷ ভাৰত চৰকাৰৰ ৱে’বচাইট সম্পৰ্কীয় নিৰ্দেশনাসমূহ মানি এই প’ৰ্টেলৰ ৰূপদানত XHTML 1.0 Transitional ব্যৱহাৰ কৰা হৈছে আৰু World Wide Web Consortium (W3C)এ ধাৰ্য কৰা নিৰ্দেশিকাৰ Web Content Accessibility Guidelines (WCAG) 2.0ৰ স্তৰ-ক বাহাল ৰখা হৈছে৷ প’ৰ্টেলত সন্নিৱিষ্ট আংশিক তথ্য বাহ্যিক ৱে’বচাইটৰ সৈতে সংযোগ ঘটাই সহজলভ্য কৰা হৈছে৷ বাহ্যিক ৱে’বচাইটসমূহ সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা প্ৰতিপালিত আৰু উক্ত বিভাগসমূহেই পৃষ্ঠাৰ প্ৰৱেশযোগ্যতাৰ ক্ষেত্ৰতো দায়বদ্ধ৷
সম্প্ৰতি Portable Document Format (PDF) ফাইলবোৰ অভিগম্য নহয় যদিও ৱে’বচাইটটো প্ৰতিবন্ধী লোকেও চাব পৰা হোৱাকৈ প্ৰশাসন বিভাগৰ দপ্তৰে কাম কৰি আছে৷ ইয়াৰোপৰি হিন্দী ভাষাত প্ৰাপ্ত তথ্যসমূহো অভিগম্য নহয়৷ আপোনাৰ যদি কিবা সমস্যা হয় বা এই প’ৰ্টেলৰ অভিগম্যতা সম্পৰ্কে কিবা পৰামৰ্শ থাকে তেনেহ’লে অনুগ্ৰহ কৰি আমালৈ লিখিলে সহায়কাৰী হিচাপে সঁহাৰি জনাব পৰা যাব৷ তাৰ বাবে যোগাযোগৰ তথ্যৰে সৈতে আপোনাৰ সমস্যা আমাক জনায় যেন৷
অভিগম্যতাৰ বৈশিষ্ট্যসমূহ
DIT ৱে’বচাইট সুগম কৰাৰ অৰ্থে অন্তৰ্ভুক্ত কৰা বৈশিষ্ট্যসমূহ হ’ল :
মুখ্য বিষয়-বস্তু এৰাই চলা :
কীব’ৰ্ডৰ দ্বাৰা বাৰে বাৰে বিচাৰিবলগীয়া নোহোৱাকৈ পৃষ্ঠাৰ শাহ-বস্তু ঘপহকৈ বিচাৰিবৰ ব্যৱস্থা ৰখা হৈছে৷
পৰিচয়-চিহ্ন :
শিক্ষণ অক্ষমতাসম্পন্ন ব্যৱহাৰকাৰীৰ বাবে তথ্যসমূহ সহজবোধ্য হোৱাকৈ খাপ খোৱা স্থান অনুপাতে পাঠ-বস্তুৰ সৈতে পৰিচয়-চিহ্ন সংযোজন কৰা হৈছে৷ কীব’ৰ্ড চিনাকিৰ বাবে পাঠ-স্তৰৰ সৈতে প্ৰিণ্ট, ই-মেইল আদি দৰকাৰী ব্যৱস্থাৰ পৰিচয়-চিহ্ন ৰখা হৈছে৷
অভিগম্যতাৰ বিকল্পসমূহ :
পাঠ-বস্তুৰ আকাৰ সালসলনি, ৰঙৰ আঁচনি নিৰ্ধাৰণ আৰু পাঠ-বস্তুৰ ফাঁক নিৰূপণৰ বিকল্পসমূহ দিয়া হৈছে৷
ফাইলৰ প্ৰকাৰ আৰু জোখ চিনাক্তকৰণ :
ব্যৱহাৰকাৰীয়ে চিনাত সহায়ক হোৱাকৈ ফাইলৰ জোখৰ সৈতে ফাইলৰ প্ৰকাৰ যেনে PDF, Word, Excel আদি সংযোগৰ ভিতৰত দিয়া হৈছে৷ ইয়াৰোপৰি, বিভিন্ন প্ৰকাৰৰ ফাইলৰ কাৰণে সংযোগৰ সৈতে পৰিচয়-চিহ্ন দিয়া হৈছে৷ এইবোৰে ব্যৱহাৰকাৰীক সংযোগটো অনুসৰণ কৰিব নে নকৰিব সিদ্ধান্ত লোৱাত সহায় কৰিব৷ উদাহৰণ স্বৰূপে, যদি এটা সংযোগে এটা PDF ফাইল খোলে, সংযোগৰ পাঠ-বস্তুৱে ফাইলটোৰ আকাৰ আৰু প্ৰকাৰ নিৰ্দেশ কৰিব৷
শীৰ্ষসমূহ :
ৱে’ব পৃষ্ঠাৰ সমলবোৰ পঠনযোগ্য গঠনশৈলীৰ যথাযথ শিৰোনাম আৰু উপ-শিৰোনামেৰে সংগঠিত৷ H1এ মূল শিৰোনাম আৰু H2এ উপ-শিৰোনাম নিৰ্দেশ কৰে৷
শিৰোনামসমূহ :
প্ৰতিটো ৱে’ব পৃষ্ঠাৰে একোটা যথাযোগ্য শিৰোনাম দিয়া হৈছে যি আপোনাক পৃষ্ঠাৰ সমলখিনি সহজে বুজাত সহায় কৰে৷
বিকল্প পাঠ-বস্তু :
চাক্ষুস অক্ষমতা থকা ব্যৱহাৰকাৰীৰ বাবে একোটা চিত্ৰৰ সংক্ষিপ্ত বিৱৰণ দিয়া হৈছে৷ যদি আপুনি কেৱল পাঠ-বস্তু সমৰ্থন কৰা বা চিত্ৰ বন্ধ হৈ পৰা ব্ৰাউজাৰ ব্যৱহাৰ কৰিছে, চিত্ৰৰ অৱৰ্তমানত তেতিয়াও আপুনি বিকল্প পাঠ-বস্তু পঢ়ি চিত্ৰটিৰ সম্বন্ধে সমস্ত জানিব পাৰিব৷ তদুপৰি কিছুমান ব্ৰাউজাৰে ব্যৱহাৰকাৰীয়ে মাউচৰ নিৰ্দেশকটো চিত্ৰৰ ওপৰত ঘূৰাই ফুৰালে বিকল্প পাঠ-বস্তুক হাথিয়াৰ আকাৰে দেখুৱায়৷
সংগত পথ-প্ৰদৰ্শক তন্ত্ৰ :
পথ-প্ৰদৰ্শকৰ সংগত তন্ত্ৰ আৰু উপস্থাপনশৈলী ৱে’বচাইটজুৰি কৰি ৰখা হৈছে৷
কীব’ৰ্ড সহায়তা :
কীব’ৰ্ডৰ Tab আৰু Shift + Tab চাবি ব্যৱহাৰ কৰি ৱে’বচাইটটো দৰ্শন কৰিব পাৰি৷
স্বনিৰ্ধাৰিত পাঠ-বস্তুৰ আকাৰ :
অভিগম্যতাৰ বিকল্পসমূহ থকা পৃষ্ঠা বা প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত দিয়া পাঠ-বস্তুৰ আকাৰ নিৰূপক চিত্ৰত ক্লিক্ কৰি ব্ৰাউজাৰৰ জৰিয়তে ৱে’ব পৃষ্ঠাৰ পাঠ-বস্তুৰ আকাৰৰ পৰিৱৰ্তন সাধিব পাৰি৷
ছাঁ-পোহৰৰ সমন্বয় :
দৃষ্টিপ্ৰতিবন্ধকতা যেনে কম দৃষ্টি আৰু বৰ্ণান্ধতাত ভোগা ব্যৱহাৰকাৰীৰ কাৰণে ৱে’ব পৃষ্ঠাৰ তথ্য সহজতে চাব পৰাৰ ক্ষেত্ৰত ৱে’বচাইটটোৱে বিভিন্ন ব্যৱস্থা ৰাখিছে৷ ৱে’ব পৃষ্ঠাৰ ছাঁ-পোহৰ সাল-সলনিৰ কাৰণে পাঠ-বস্তুৰ ফাঁক বৃদ্ধিৰ বিকল্প আছে ৷ অভিগম্যতাৰ বিকল্পসমূহ থকা পৃষ্ঠাত শব্দৰ মাজৰ বগা ঠাইৰ ব্যৱধান বঢ়োৱাৰ সুবিধা দিয়া আছে৷ বগা অংশ দুটা স্তৰ পৰ্যন্ত বঢ়াব পাৰি৷ শব্দৰ মাজত বগা ঠাই কম থাকিলে তথ্য অধ্যয়নত অসুবিধা পোৱা দৃষ্টি আৰু শিক্ষণ প্ৰতিবন্ধকতাযুক্তসকলৰ বাবে এই সুবিধাটো সহায়কাৰী৷
অভিগম্যতাৰ বিকল্পসমূহৰ বিষয়ে জ্ঞান
পৰ্দাৰ প্ৰদৰ্শন নিয়ন্ত্ৰণ কৰাৰ বাবে এই ৱে’বচাইটে আগ বঢ়োৱা অভিগম্যতাৰ বিকল্পসমূহ ব্যৱহাৰ কৰিব৷ এই বিকল্পসমূহে স্পষ্টভাৱে দেখা পোৱা আৰু ভালদৰে পঢ়িব পৰা হোৱাকৈ পাঠ-বস্তুৰ ফাঁক বঢ়োৱা, আকাৰ সাল-সলনি আৰু ৰং আঁচনি নিৰ্ধাৰণ গ্ৰাহ্য কৰে৷
পাঠ-বস্তুৰ আকাৰ সলনি :
পাঠ-বস্তুৰ আকাৰ সলনিয়ে ইয়াৰ মানক আকাৰতকৈ সৰু বা ডাঙৰ আকাৰলৈ পাঠ-বস্তুৰ পৰিৱৰ্তন সাধন কৰাকে সূচায়৷ পঠনত ক্ৰিয়া কৰাকৈ পাঠ-বস্তুৰ আকাৰ সাল-সলনিৰ বাবে আপোনালৈ পাঁচোটা বিকল্প ৰখা হৈছে৷ সেয়া হ’ল :
Largest : আখৰৰ আকাৰ আটাইতকৈ ডাঙৰকৈ দেখুৱায়৷
Larger : আখৰৰ আকাৰ মানক আকাৰতকৈ ডাঙৰকৈ দেখুৱায়৷
Medium : মানক আকাৰৰ আখৰ দেখুৱায়, যিটো আৰম্ভণিতে দিয়া থাকে৷
Smaller : আখৰৰ আকাৰ মানক আকাৰতকৈ সৰুকৈ দেখুৱায়৷
Smallest : আখৰৰ আকাৰ আটাইতকৈ সৰুকৈ দেখুৱায়৷
আকাৰৰ পৰিৱৰ্তন সাধিবৰ বাবে
১. অভিগম্যতাৰ বিকল্পসমূহ নিৰ্বাচন কৰক৷ পৃষ্ঠাটো দেখা দিব৷
২. পাঠ-বস্তুৰ আকাৰ অংশৰ পৰা উপযুক্ত আকাৰ নিৰ্বাচন কৰক৷
৩. Applyত ক্লিক্ কৰক৷
ৰং আঁচনিৰ সাল-সলনি :
ৰং আঁচনিৰ সাল-সলনিয়ে উপযুক্ত পশ্চাদভূমিৰ প্ৰয়োগ আৰু পাঠ্য-বস্তু স্পষ্টভাৱে পঢ়িব পৰাকৈ ৰং নিৰ্বাচন কৰাকে সূচায়৷ ৰং আঁচনি সাল-সলনিৰ বাবে আপোনালৈ দুটা বিকল্প ৰখা হৈছে৷ সেয়া হ’ল :
উচ্চ ছাঁ-পোহৰ : ক’লা ৰঙক পশ্চাদভূমিৰ ৰং হিচাপে প্ৰয়োগ কৰাৰ লগতে পৰ্দাত দেখা গৈ থকা পাঠ-বস্তুৰ ৰং পঠন কাৰ্য সুবিধাজনক হোৱাৰ জোখাৰে কৰে৷
মানক ছাঁ-পোহৰ : পৰ্দাখনক আৰম্ভণিতে দেখা অৱস্থালৈ ঘূৰাই আনে৷
ৰঙৰ পৰিৱৰ্তন সাধিবৰ বাবে
১. অভিগম্যতাৰ বিকল্পসমূহ নিৰ্বাচন কৰক৷ পৃষ্ঠাটো দেখা দিব৷
২. ছাঁ-পোহৰৰ সমন্বয় আঁচনি অংশৰ পৰা উপযুক্ত ছাঁ-পোহৰ নিৰ্বাচন কৰক৷
৩. Applyত ক্লিক্ কৰক৷
টোকা : ৰং আঁচনিৰ সাল-সলনিয়ে পৰ্দাত দৃশ্যমান চিত্ৰত কোনো পাৰ্শ্বক্ৰিয়া নঘটায়৷