মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

কাৰবি আংলং জিলা প্ৰশাসন

  • ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত উপলব্ধ ব্যৱস্থাপনাৰ ভিত্তিত গঠিত কাৰবি আংলং অসমৰ অন্যতম স্বায়ত্তশাসিত পাৰ্বত্য জিলা৷ সেইবাবে অসমৰ সমতলৰ জিলাসমূহতকৈ ইয়াৰ প্ৰশাসনিক গাঁথনিও কিছু বেলেগ৷ জিলাখনত ষষ্ঠ অনুসূচীক ভিত্তি কৰি জন্ম লাভ কৰা স্বায়ত্তশাসিত পৰিষদ এখন আছে, যাৰ নাম কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ৷ এই জিলাৰ প্ৰায় সকলোবোৰ উন্নয়নমূলক বিভাগেই পৰিষদখনৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনস্থ৷

    কাৰবি আংলং জিলাখন দুটা মহকুমাৰে গঠিত৷ তাৰে এটা অসামৰিক মহকুমা, যাৰ নাম বোকাজান৷ এই মহকুমাৰ মুখ্যালয় বোকাজান৷ মহকুমাটোৰ প্ৰশাসনীয় মুৰব্বীগৰাকী হৈছে মহকুমাধিপতি (অসামৰিক)৷ জিলাখনৰ আনটো মহকুমা হৈছে ডিফু সদৰ, যাৰ মুখ্যালয় ডিফু৷ সমতলীয় জিলাসমূহৰ দৰেই কাৰবি আংলং জিলাৰো সদৰ ঠাই ডিফুত থকা উপায়ুক্তগৰাকীয়েই জিলাখনৰ প্ৰশাসনীয় মুৰব্বী৷ ১২.৮.২০১৭ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যায়িক আদালত পৃথককৰণ পৰ্যন্ত ন্যায়দাতাৰ দায়িত্বকে ধৰি জিলাখনৰ আইন-শৃংখলাৰ ৰক্ষণাবেক্ষণ আছিল উপায়ুক্তৰ প্ৰাথমিক কৰ্তব্য৷ ১২.৮.২০১৭ পৰ্যন্ত উপায়ুক্তই জিলা দণ্ডাধীশ আৰু দণ্ডসত্ৰাধীশৰ দায়িত্বও পালন কৰিছে৷ উপায়ুক্তগৰাকী জিলা নিৰ্বাচনী বিষয়াও৷ ৩-স্বায়ত্তশাসিত জিলা (অনুসূচিত জনজাতি) সংসদীয় সমষ্টি, ১৮-হাওৰাঘাট বিধান সভা সমষ্টি আৰু ১৯-ডিফু বিধান সভা সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন প্ৰাধিকাৰী হৈছে জিলাখনৰ উপায়ুক্তগৰাকী৷ অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, নিৰ্বাচনী বিষয়া আদি কৰি কেইগৰাকীমান অধস্তন বিষয়াই জিলাখনৰ উপায়ুক্তগৰাকীক প্ৰশাসনীয় কাম-কাজ পৰিচালনাৰ দিশত সহযোগিতা আগ বঢ়ায়৷ আৰক্ষী অধীক্ষকৰ নেতৃত্বাধীন আৰক্ষী প্ৰশাসনক জিলাখনত আইন-শৃংখলাৰ ৰক্ষণাবেক্ষণ আৰু অপৰাধ প্ৰতিৰোধ তথা উদ্ঘাটনত উপায়ুক্তগৰাকীয়ে সহায় কৰে৷

    ১. জিলা সদৰ – ডিফু

    ২. মহকুমা – ২টা

    ক. ডিফু (সদৰ) মহকুমা, মুখ্যালয় – ডিফু

    খ. বোকাজান (অসামৰিক) মহকুমা, মুখ্যালয় – বোকাজান

    গ. হাওৰাঘাট (অসামৰিক) মহকুমা হাওৰাঘাটক মুখ্যালয় হিচাপে লৈ হাওৰাঘাট মহকুমাক অসামৰিক মহকুমা হিচাপে বিগত ২৫.১.২০১৬ তাৰিখে জাননী নং GAG (B) 27/2005/235 মৰ্মে ঘোষণা কৰা হৈছিল যদিও এতিয়াও কাৰ্যক্ষম হোৱা নাই৷

    ৩. বৰ্তমানৰ উপায়ুক্তৰ নাম – শ্ৰী মুকুল কুমাৰ শইকীয়া, এ.চি.এছ.

    বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ নাম – শ্ৰী দেৱজিত দেউৰী, এ.পি.এছ.

    অতিৰিক্ত উপায়ুক্তৰ নাম – ক. শ্ৰী পাৰ্থসাৰথি জহৰী, এ.চি.এছ., খ. শ্ৰী ৰাজেচান তেৰাং, এ.চি.এছ.

    বোকাজান মহকুমাৰ বিষয়াসকলৰ নাম –

    অতিৰিক্ত উপায়ুক্ত আৰু মহকুমাধিপতি (অসামৰিক), ভাৰপ্ৰাপ্ত – শ্ৰী দিলীপ তেৰাং, এ.চি.এছ.

    সহকাৰী আয়ুক্ত – ক. শ্ৰীমতী এ. বেমথই চানু, এ.চি.এছ., খ. শ্ৰী ভাস্কৰ কলিতা, এ.চি.এছ. নিৰ্বাচনী বিষয়া – শ্ৰী তাহিৰ আলম, এ.চি.এছ.