কাৰবি প্ৰমুখ্যে ২৯টাকৈ বাৰেবৰণীয়া জনগোষ্ঠীৰ সমন্বয় আৱাসথলী কাৰবি আংলং জিলাৰ অৱস্থান অসম ৰাজ্যৰ মধ্যভাগত৷ প্ৰকৃতি-মাতৃ এই ভূখণ্ডৰ প্ৰতি ইমানেই উদাৰ যে বিৰল প্ৰজাতিৰ অনেক উদ্ভিদ তথা প্ৰাণীকুলে জিলাখনৰ চুকে-কোণে বিৰাজ কৰি আছে৷ প্ৰাকৃতিক আৱেশৰ মাজত সিঁচৰতি হৈ থকা নৈ-নিজৰা আৰু জলপ্ৰপাত, বনাঞ্চল আৰু বন্য-জীৱন, স্থাপত্য-ভাস্কৰ্য আৰু কীৰ্তিচিহ্নৰ অৱশেষ, নৃগোষ্ঠী আৰু নৃগোষ্ঠীয় সাংস্কৃতিক সমলৰ লগতে কেতবোৰ অভেদ্য ৰহস্য… এই সমূহ উপাদানেৰে কাৰবি আংলঙৰ পৰ্যটন ক্ষেত্ৰখন ভাবিব নোৱাৰা ধৰণে মেটমৰা৷ বিবিধতাৰে ভৰা জিলাখনৰ পাৰ্বত্য অঞ্চলবিশেষ এতিয়াও অনাৱিষ্কৃত, এতিয়াও মানুহৰ স্পৰ্শহীন৷ আনহাতে ভালেমান স্থানত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহে অতীতৰ সোঁৱৰণি স্বৰূপে গুৰুত্ব লাভ কৰি আহিছে৷
পৰ্যটনৰ দিশৰ পৰা কাৰবি আংলং জিলাক ‘অসমৰ হৃৎপিণ্ড’ বুলি অভিহিত কৰিব পাৰি৷ এই জিলাৰ পৰ্যটন মানচিত্ৰখন সকলো প্ৰকাৰৰ পৰ্যটকৰ বাবেই মনোযোগ আকৰ্ষণীয়৷ কিয়নো সাম্প্ৰতিক বিশ্বত সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু লাভজনক হিচাপে বিবেচিত পৰিৱেশ পৰ্যটন আৰু বন্য-জীৱনকে সামৰি প্ৰাকৃতিক, সাংস্কৃতিক, আধ্যাত্মিক, ঐতিহাসিক, শিক্ষামূলক, গ্ৰাম্য আৰু দুঃসাহসিক পৰ্যটন ইয়াত সহজে উপলব্ধ৷ গতিকে বিচিত্ৰতাৰে পূৰ্ণ ভ্ৰমণ-অভিজ্ঞতাও অনায়াসে আহৰণ কৰিব পৰা যায়৷
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হ’বৰ বাবে সুচল পথ যোগাযোগ আৰু ৰে’ল যাতায়াত ব্যৱস্থা আছে৷ আনহাতে নিকটৱৰ্তী বিমানবন্দৰ হৈছে ইয়াৰ পৰা প্ৰায় ৬২ কিল’মিটাৰ আঁতৰৰ ডিমাপুৰ (নাগালেণ্ড)৷ থকা-খোৱাৰ বাবে ডিফুত চৰকাৰী আৱৰ্ত ভৱন; ডিফু, দেওপানী, গৰম পানী, দেইথৰ, কঁহৰাত পৰ্যটক নিবাসৰ উপৰি ঠায়ে ঠায়ে পৰিদৰ্শন বঙলা, হোটেল, হোমষ্টে’ আদি আছে৷
পৃষ্ঠভূমিৰ উচ্চতাৰ তাৰতম্যৰ বাবে কাৰবি আংলঙৰ ভিন্ন স্থানত জলবায়ুৰ প্ৰকাৰো ভিন্ন ভিন্ন৷ অক্টোবৰ মাহত শীতকাল আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী পৰ্যন্ত ঠাণ্ডা থাকে৷ গ্ৰীষ্ম কালত তাপমাত্ৰা বৃদ্ধি পায় আৰু জলবায়ু সেমেকা হয়৷ শীতকালত উষ্ণতা ৬ ডিগ্ৰীৰ পৰা ১২ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত আৰু গৰমকালি ২৩ ডিগ্ৰীৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াচ পৰ্যন্ত হয়৷ বৰষুণৰ পৰিমাণ গড়ে প্ৰায় ২,৪১৬ মিলিমিটাৰ৷ জুন মাহৰ পৰা আগষ্ট মাহলৈকে বাদ দি বছৰৰ বাকী কালছোৱা তুলনামূলকভাৱে আৰামদায়ক৷ পৰ্যটকৰ বাবে এই জিলা ভ্ৰমণৰ উৎকৃষ্ট সময় হৈছে অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত৷
পৰ্যটকৰ আকৰ্ষণৰ থলীসমূহ
আৰবৰেটাম গাৰ্ডেন
ডিফু-লামডিং পথেৰে ডিফুৰ পৰা ৮ কিল’মিটাৰ নিলগত, ফৰেষ্ট বিট অফিছৰ সমীপত, ৰাস্তাৰ দাঁতিতে আছে উদ্ভিদবিদ্যা অনুশীলনৰ উপযোগী এই উদ্যান৷ ১০ হেক্টৰ ভূমি আৱৰি কাৰবি আংলং জিলাৰ বন বিভাগৰ পশ্চিম সংমণ্ডলৰ অধীনত ১৯৮৭ চনত মুকলি কৰা আৰবৰেটামত নানা প্ৰজাতিৰ বৃক্ষ আছে৷
ব’টানিকেল গাৰ্ডেন
ডিফুৰ পৰা ৫ কিল’মিটাৰ আঁতৰত, ডিফু-লামডিং পথৰ দাঁতিত, একালৰ পৰিত্যক্ত জুমতলীত ২.১১৫১ বৰ্গ কিল’মিটাৰ মাটিকালি আৱৰি এইখন উদ্ভিদ উদ্যান৷ কাৰবি আংলং জিলাৰ বন সংবৰ্ধন বিভাগ, পাৰ্বত্যৰ তত্ত্বাৱধানত বিভিন্ন প্ৰজাতিৰ ঔষধি গছ-গছনি ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে৷ ব’টানিকেল গাৰ্ডেন ৰেঞ্জৰ বন বিষয়াৰ কাৰ্যালয়, অৰ্কিড গৃহ, দৰ্শন স্তম্ভ, বিশ্ৰাম গৃহ, প্ৰাকৃতিক হ্ৰদ, নাৰ্ছাৰী, শৈল উদ্যান আদি ইয়াত আছে৷
ছিমন্জিৰ চিলড্ৰেন পাৰ্ক-কাম-পিক্নিক্ স্পট
প্ৰকৃতিপ্ৰেমী উদ্যমী যুৱক মণিৰাম হাঞ্চেৰ একক আৰু অনন্য চিন্তা তথা স্বাৱলম্বী কৰ্মৰ ফচল ডিফু চহৰৰ উপকণ্ঠৰ ৪ নং ৱাৰ্ডৰ অন্তৰ্গত ছিৰকাংনেপৰ থং টেৰণ গাঁওস্থিত এই শিশু উদ্যান তথা বনভোজ স্থল৷ পাহাৰৰ এঢলীয়া বক্ষৰ প্ৰায় ৫০ মিটাৰ বহল আৰু ২০০ মিটাৰ দীঘল এলেকাত খলপ কাটি ফুল, ফল আৰু পাচলিকে মুখ্য কৰি বিভিন্ন প্ৰকাৰৰ গছ-গছনি, শিশুৰ উপযোগী নানাবিধ ক্ৰীড়া সামগ্ৰী, নানা ধৰণৰ ভাস্কৰ্য, ফুটপাথ, খটখটি, ৱাটাৰ ফাউণ্টেইন, টয়লেট, ডাষ্টবিন, মাছ, শহাপহু, চৰাই, তোৰণ, জিৰণি চ'ৰা, পৰম্পৰাগত গৃহ, মুকলি মঞ্চ, বহা ঠাই, সেউজ ঘাঁহনিৰে সজাই তোলা হৈছে৷ বনভোজকাৰীৰ ৰন্ধা-বঢ়া আৰু খোৱা-বোৱাৰ বাবে আহল-বহল জেগা আছে৷ পোহৰ, পানী আৰু পৰিষ্কাৰ অনাময় ব্যৱস্থাৰে চৌদিশ পৰিষ্কাৰ-পৰিচ্ছন্ন, শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ৷ বিগত ২৩.১২.২০১৮ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি হোৱা এই অৱসৰ বিনোদন থলীৰ লগতে পুলি বিক্ৰী কেন্দ্ৰ ছিমা নাৰ্ছাৰী পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰতিদিনে খোলা থাকে৷ এলেকাৰ ভিতৰত মাদক দ্ৰব্যৰ ব্যৱহাৰ, বিনা-অনুমতিত জুই ধৰা, ফুল ছিঙা, জীৱ-জন্তুক আমনি কৰা ইত্যাদি নিষিদ্ধ৷ ডিফু ৰে’ল ষ্টেছনৰ পৰা দূৰত্ব প্ৰায় ৪ কিল’মিটাৰ৷
আৰবৰেটাম-কাম-ক্ৰাফ্ট চেণ্টাৰ
মুখ্য মন্ত্ৰীৰ বিশেষ পেকেজ ২০১৮-২০১৯ৰ ধনৰাশিৰে ডিফু চহৰৰ উপকণ্ঠৰ মাটিপুঙত ওখ-চাপৰ ৭ হেক্টৰ ভূখণ্ডত কাৰবি আংলং জিলাৰ বন বিভাগৰ পশ্চিম সংমণ্ডলৰ তত্ত্বাৱধানত ২০১৯ চনৰ ২৫ জানুৱাৰীত মুকলি কৰা হৈছে অত্যাধুনিক আৰবৰেটাম-কাম-ক্ৰাফ্ট চেণ্টাৰ৷ সুদৃশ্য প্ৰৱেশ-দ্বাৰ, পদপথ, পুষ্প উদ্যান, জল প্ৰস্ৰৱণ, শিশু উদ্যান, গেলাৰীযুক্ত মুকলি মঞ্চ, প্ৰেক্ষাগৃহ, পঁজাঘৰ, কাফেটেৰীয়া, সেউজ-গৃহ, জিমনেচিয়াম, মিউজিয়াম, দৰ্শন-স্তম্ভ আদিৰে সমৃদ্ধ৷ নৈশ আলোকত অনন্য ৰূপত উজলি উঠা এলেকাটোৱে আগমনকাৰীক মন্ত্ৰমুগ্ধ কৰে৷
ডিমা-ৰাজা খাৰনাই, ধনশিৰি
ডিফুৰ পৰা প্ৰায় ২৪ কিল’মিটাৰ আঁতৰৰ ধনশিৰিৰ উত্তৰ দিশে শিৱনগৰ গাঁৱত ত্ৰয়োদশ শতিকাত ডিমাচা ৰজাই খন্দোৱা বৃহৎ পুখুৰীটোৱে ইতিহাসৰ স্বাক্ষৰ আজিও বহন কৰে৷ ৩৩ বিঘা মাটিকালিৰ দেওলগা ৰাজপুখুৰীটোৰ সৈতে ডিমাচা সমাজৰ অনেক জনশ্ৰুতি সম্পৃক্ত হৈ আছে৷
কাৰবি পিপুল্ছ হল, তাৰালাংছ’
ডিফু ৰে’ল ষ্টেছনৰ পৰা প্ৰায় ৫ কিল’মিটাৰ নিলগত ৮২৭ বিঘা ভূমি সামৰি গঢ় লোৱা এই বিৰাট ক্ষেত্ৰখন সাংস্কৃতিক পৰ্যটনৰ উৎকৃষ্ট থলী৷ ওখ-চাপৰ টিলাৰে আৱৰা এলেকাটো স্মৃতি-তোৰণ, পকী পথ, কাৰ্যালয়, আবাস-গৃহ, বাগিচা, পৰিদৰ্শন বঙলা, স্বাস্থ্য উপকেন্দ্ৰ, জুৰি, পুখুৰী, পানী যোগান আঁচনি, স্মৃতি-উদ্যান, মঞ্চ, কেইবাটাও প্ৰতিমূৰ্তি, শিল্পীগ্ৰাম, যাদুঘৰ, মেলা আৰু প্ৰদৰ্শনী থলী, কেম্প থলী আদিৰে গঢ়ি তোলা আন্তঃগাঁথনিৰে ব্যতিক্ৰমী আৰু শৈল্পিক সজ্জাৰে আকৰ্ষণীয়৷ কাৰবি কলা-কৃষ্টিৰ প্ৰাণকেন্দ্ৰটিত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ১৫-১৯ তাৰিখলৈ কাৰবি সাংস্কৃতিক সমাজৰ উদ্যোগত কাৰবি যুৱ মহোৎসৱৰ আয়োজন চলে৷ সম্পূৰ্ণ প্ৰাকৃতিক বাতাৱৰণত, মুক্ত আকাশৰ তলত, গ্ৰীক এম্ফি থিয়েটাৰৰ আৰ্হিত নিৰ্মিত মুকলি মঞ্চত কাৰবি আংলঙৰ উপৰি অসমৰ বিভিন্ন জিলাৰ ২৬টা মণ্ডলক প্ৰতিনিধিত্ব কৰা প্ৰতিযোগীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ কাৰবিসকলৰ পৰম্পৰাগত গৃহ, খাদ্য-সম্ভাৰ, সাজ-পোছাক, আ-অলংকাৰ, নৃত্য-গীত, বাদ্য-যন্ত্ৰ, খেল-ধেমালি, শিল্প-কলা ইত্যাদিৰ লগতে জিলাখনৰ অন্যান্য জনগোষ্ঠীৰ পৰম্পৰাগত গৃহসজ্জা আৰু সাংস্কৃতিক সম্পদৰাজিও প্ৰদৰ্শিত হয়৷
বায়’-ডাইভাৰচিটি-কাম-ৰিক্ৰিয়েশ্বন পাৰ্ক
ডিফু-মান্জা পথৰ দাঁতিত কাৰবি আংলং জিলাৰ বন আৰু পৰিৱেশ বিভাগৰ দ্বাৰা পৰিচালিত এই উদ্যান মুকলি কৰা হৈছিল বিগত ১৯৯৮ চনৰ ৬ নৱেম্বৰত৷ ডিফু নৈৰ পাৰত সম্প্ৰতি ৪২ হেক্টৰ ভূখণ্ড সামৰি বৃহৎ এলেকাত সংৰক্ষিত বাঁহ-বেত, কল, আদা-হালধি, পাচলি, অৰ্কিড, ফুল আৰু ঔষধি গছ-গছনিৰ ১,০২০টা প্ৰজাতিৰে সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশত পদপথ, পুষ্প উদ্যান, বৃক্ষ-ভাস্কৰ্য, শিশু উদ্যান, ফোঁৱাৰা, পদুম পুখুৰী, পৰম্পৰাগত ফলৰ বাগিচা, কাফেটেৰীয়া, অৰ্কিড গৃহ, কাৰবি পৰম্পৰাগত গৃহ, জীৱাশ্ম গৃহ, নাৰ্ছাৰী, নৌকা-বিহাৰৰ সুবিধাযুক্ত জলাশয়, বনভোজথলীৰ উপৰি জীৱ-জন্তুৰ উদ্ধাৰ কেন্দ্ৰ, বন সংগ্ৰহালয়, সন্মিলন কক্ষ, ফটো গেলাৰী আৰু বায়’-ডাইভাৰচিটি-কাম-ৰিক্ৰিয়েশ্বন ৰেঞ্জৰ বন বিষয়াৰ কাৰ্যালয় আছে৷ শৈক্ষিক জ্ঞান আহৰণকাৰী ছাত্ৰ-ছাত্ৰী, গৱেষক-বিজ্ঞানী, প্ৰকৃতিপ্ৰেমীৰ লগতে অৱসৰ বিনোদনৰ বাবে আগ্ৰহী যিকোনো বয়সৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ৰিক্ৰিয়েশ্বন পাৰ্ক৷ ডিফু ৰে’ল ষ্টেছনৰ পৰা দূৰত্ব প্ৰায় ৯ কিল’মিটাৰ৷ আগমনকাৰীৰ বাবে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত খোলা থাকে৷
লংছ’কাংথু (শিলনি)
যমুনা নদীৰ উপনৈ লংনিতৰ বক্ষত সেউজ পাহাৰৰ আৱেষ্টনীত শিলাময় স্থান৷ শিলনি নামে জনপ্ৰিয়, ব্যস্ত আৰু আদৰ্শ বনভোজথলী৷ ট্ৰেকিং আৰু ৰাফ্টিঙৰ কাৰণেও উপযোগী৷ যান-বাহন ৰখা আহল-বহল ঠাইৰ লগতে দ্বীপসদৃশ পিক্নিক্ স্পটলৈ যাবৰ বাবে লো আৰু বাঁহৰ দলং, খাদ্য ৰন্ধা চালি, খোৱা ঠাই, জিৰণী চ’ৰা, দৰ্শন স্তম্ভ, কাৰবি পৰম্পৰাগত আৱাস, প্ৰসাধন গৃহ, মুকলি মঞ্চ আদি আছে৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লংনিতৰ পৰা দূৰত্ব প্ৰায় ৪ কিল’মিটাৰ৷ ১০ হেক্টৰ ভূমি এলেকাৰে কাৰবি আংলং জিলাৰ বন বিভাগে নৈপৰীয়া স্থানত লংছ’কাংথু ইক’-টুৰিজম পাৰ্ক গঢ়ি দিছে৷ পৰ্যটক নিৱাস, পঁজাঘৰ, কাফেটেৰীয়া আছে৷
লাংচিথিং
শিলনিৰ পৰা প্ৰায় ১৪ কিল’মিটাৰ আঁতৰৰ ছিং তেৰাং গাঁৱৰ সমীপত কোবাল গতিৰে বৈ অহা পৰ্বতীয়া ঝৰ্ণা লাংচিথিঙত বান্ধ দি ৪৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইনেৰে মধ্যাকৰ্ষণ শক্তিৰ সহায়ত ডিফু চহৰলৈ পানী বোৱাই অনা হৈছে৷ অকোৱা-পকোৱা ঊৰ্ধ্বমুখী পাহাৰীয়া পথ আৰু জাংগল ট্ৰেইলৰ সংমিশ্ৰণেৰে জান-জুৰি অতিক্ৰমি যোৱা এইটো এটা আকৰ্ষণীয় ট্ৰেকিং এড্ভেন্চাৰ ডেষ্টিনেছন৷
শিলভেটা পাব্লিক গাৰ্ডেন-কাম-পিক্নিক্ স্পট
লংনিতৰ পৰা প্ৰায় ১৩ কিল’মিটাৰ নিলগত ৩৬ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ গাতে লাগি থকা সহজগম্য অৱস্থান৷ যমুনা নৈৰ বুকুত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শিলৰ ভেটা আৰু সৰু-বৰ অসংখ্য জলপ্ৰপাতেৰে আকৰ্ষণীয় আৰু জনপ্ৰিয় বনভোজ থলী৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিৱেশ আৰু বন বিভাগৰ পূব সংমণ্ডলৰ অধীনস্থ মাঞ্জাৰ চেণ্ট্ৰেল ৰে’ঞ্জৰ তত্ত্বাৱধানত পৰিচালিত৷ যমুনাৰ পাৰত শিলাময়, আৰণ্যক, নিৰিবিলি পৰিৱেশত বনৌষধি গছ-গছনিৰ জৈৱ-বৈচিত্ৰ্য উদ্যানৰ উপৰি বিশাল এলেকাজুৰি পদপথ, খটখটি, জিৰণী চ’ৰা, শিশু উদ্যান, দৰ্শন স্তম্ভ, চাংঘৰ, কাফেটেৰীয়া, প্ৰসাধন থলী, বহা স্থান, ৰন্ধন চালি, সমূহীয়া ভোজন চালি, বাহন ৰখা নিৰাপদ ঠাই আদি আছে৷ লকেল ডিজনীলেণ্ড বুলিও পৰিচিত৷ নিতৌ পুৱা ৯ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে প্ৰৱেশদ্বাৰ খোলা থাকে৷
চেণ্টাৰ বজাৰ শৈলক্ষেত্ৰ
ডিফুৰ পৰা দূৰত্ব প্ৰায় ৬৭ কিল’মিটাৰ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এই বৃহৎ শৈলক্ষেত্ৰখন শৈলাৰোহণ প্ৰশিক্ষণৰ বাবে আদৰ্শ ঠাই৷
তাৰাবাছা পিক্নিক্ স্পট
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তাৰাবাছাৰ পৰা প্ৰায় ১.৫০ কিল’মিটাৰ ভিতৰত পাহাৰীয়া পৰিৱেশত লাংহেৰাং জুৰিত এটা জলপ্ৰপাত আৰু বনভোজস্থলী আছে৷ ডিফুৰ পৰা দূৰত্ব প্ৰায় ৭০ কিল’মিটাৰ৷ শৈলাৰোহণকাৰীৰ বাবে আকৰ্ষণীয় ঠাই৷
ছক্ লংতাৰ
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তাৰাবাছাৰ পূব দিশে প্ৰায় ৩ কিল’মিটাৰ ভিতৰৰ লক্ষী পাহাৰত আছে এই বিস্ময়কৰ স্থান৷ পাহাৰৰ প্ৰায় ১৬ বৰ্গ মিটাৰ জোখৰ শিলাময় বক্ষত বতৰ সাপেক্ষে আপোনা-আপুনি ধানগছ গজি উঠে, লহ্পহ্কৈ বাঢ়ে, গুটি লাগে, পকে আৰু সময়ত নিজে নিজে মৰহি যায়৷ কোনো বন্যপ্ৰাণীয়েই ক্ষতিসাধন নকৰে৷ জনবিশ্বাস আছে যে ছক্ লংতাৰত ধান ভাল হ’লে ভৈয়ামতো উৎপাদন ভাল হয়৷
মহামায়া থান
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডকমকাৰ পৰা প্ৰায় ৩ কিল’মিটাৰ নিলগত, পথৰ দাঁতিতে মহামায়া পাহাৰৰ অৱস্থান৷ এই পাহাৰৰ ওপৰতে আছে ঐতিহাসিক স্থাপত্য-ভাস্কৰ্য আৰু প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ শ্ৰীশ্ৰী মহামায়া থান৷ প্ৰাচীন বৈশিষ্ট্য আৰু বৈচিত্ৰ্যৰে ভৰপূৰ দেৱী মন্দিৰটো কামৰূপ ৰাজন মহাভূত বৰ্মনে (৫৪২-৫৫৮ খ্ৰীষ্টাব্দ) নিৰ্মাণ কৰিছিল৷ প্ৰাকৃতিক দুৰ্যোগত ধ্বংসপ্ৰাপ্ত হোৱাৰ পাছত ১৯৮৩ চনত নকৈ নিৰ্মাণ কৰা হয়৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৭৫ মিটাৰ উচ্চতাত এয়া এক ঐতিহ্যমণ্ডিত তীৰ্থস্থান৷ ইয়াত নীৰৱ প্ৰাকৃতিক পৰিৱেশৰ মাজত যুৰীয়া পুখুৰীসদৃশ দুটা জলাশয়, গুহা মন্দিৰ আৰু শিল এচটাৰ গাত প্ৰকাণ্ড (কথিত অনুযায়ী কাৰবিসকলৰ প্ৰসিদ্ধ বীৰ থং নক্বে’ৰ) ভৰিৰ চাপ এটা আছে৷ পাহাৰৰ ওপৰৰ পৰা ডকমকাকে ধৰি নিকটৱৰ্তী অঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰি৷ ট্ৰেকিং অভিযানৰ বাবে আদৰ্শ থলী৷
বুঢ়াগোসাঁই থান
ডকমকাৰ উত্তৰ-পশ্চিম কোণত, প্ৰায় ৪ কিল’মিটাৰ নিলগত, ডিখাৰু নদীৰ পাৰত এই থান অৱস্থিত৷ টিলা এটাৰ নামনিত আনুমানিক নৱম-দশম শতিকাত মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা প্ৰাচীন মন্দিৰটোৰ ভগ্নাৱশেষস্বৰূপে খাজ কটা খুঁটা আৰু দেৱালৰ অংশবিশেষৰ লগতে শিলত খোদিত জন্তু আৰু ফুল, শৈলনিৰ্মিত কলহ আৰু কেতবোৰ মূৰ্তি থানখনৰ চৌহদত দেখা যায়৷
বৰগংগা থান
ডকমকাৰ পৰা হাওৰাঘাটৰ দিশে প্ৰায় ৪ কিল’মিটাৰ আঁতৰত বৰগংগা থান৷ ইয়াত উদ্ধাৰ হোৱা ৫৫৪ খ্ৰীষ্টাব্দৰ শিলালিপিৰ মতে কামৰূপৰ মহাৰজাধিৰাজ মহাভূত বৰ্মনৰ মন্ত্ৰী আৰ্মগুণে ২৩৪ গুপ্তাব্দৰ মাঘ মাহত এই স্থানত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল৷ বৰগংগা থানত থকা, গুপ্ত শিল্পৰীতিৰে খোদিত শিলৰ মূৰ্তিসমূহৰ স্থাপত্য-ভাস্কৰ্যৰ তেজপুৰৰ দ-পৰ্বতীয়াৰ সৈতে সামঞ্জস্য আছে৷
ডিক্ৰুতপী
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডকমকাৰ পৰা উত্তৰ দিশে প্ৰায় ১৬ কিল’মিটাৰ আঁতৰত আকৰ্ষণীয় প্ৰাকৃতিক পৰিৱেশত জিলাখনৰ ভিতৰত সৰ্ববৃহৎ হিচাপে পৰিগণিত ডিক্ৰুতপী (বৰডিখাৰু) জলপ্ৰপাতৰ অৱস্থান৷ শব্দময় চৌপাশ, প্ৰায় ২৫০ ফুট উচ্চতাৰ পৰা তললৈ ছিটিকি অহা পানীৰ কণিকা আৰু শীতল বতাহে মন-প্ৰাণ জুৰ পেলায়৷ চতুৰ্দিশ ডাঠ সেউজীয়া বনাঞ্চলেৰে পৰিপূৰ্ণ৷ বনভোজকাৰীৰ বাবে উপযুক্ত আৰু উৎকৃষ্ট ঠাই৷ জনপ্ৰিয় নাম ভেলৌঘাট (কাৰবি ভাষাত পাক্লংকাম)৷ জলপ্ৰপাত দৰ্শনৰ লগতে জাংগল ট্ৰেকিং, কায়াকিং, গাঁও পৰিভ্ৰমণ ইত্যাদি কৰিব পাৰি৷
ডিক্ৰুতছ’
ভেলৌঘাট এলেকাৰ ৰত্ আটিং ইংতি গাঁৱৰ পৰা প্ৰায় ৪ ঘণ্টীয়া পদযাত্ৰাৰ অন্তত ডিক্ৰুতছ’ (সৰুডিখাৰু) জলপ্ৰপাতত উপস্থিত হ’ব পাৰি৷ উচ্চতা প্ৰায় ১৩০ ফুট৷ গ্ৰীষ্মপ্ৰধান সেউজ বৰ্ষাৰণ্যৰ মাজেৰে দৰ্শনীয় প্ৰাকৃতিক পৰিৱেশত ঘন অৰণ্য, জলস্ৰোত আৰু শৈলপাহাৰ অতিক্ৰম কৰি উপস্থিত হ’ব পৰা উচ্চখাপৰ ট্ৰেকিং-কেম্পিং ডেষ্টিনেছন৷ পৰ্যাৱৰণ-অনুকূল ঠাই৷ ভেলৌঘাটৰ পৰা দূৰত্ব প্ৰায় ১৭ কিল’মিটাৰ৷
কৰকাণ্ঠিছ’ পিক্নিক্ স্পট
ছামেলাংছ’ বজাৰৰ পৰা প্ৰায় ৪ কিল’মিটাৰ আঁতৰৰ লংতাং পাহাৰত, বাবুল ইংতি গাঁৱৰ সমীপত কৰকাণ্ঠিছ’ জলপ্ৰপাতৰ অৱস্থান৷ তিনি খলপীয়া জলপ্ৰপাতৰ প্ৰথমটো খলপৰ উচ্চতা প্ৰায় ৭০ ফুট৷ নামনিত, নৈখনৰ পাৰত পৰ্যটন বিভাগে বনভোজৰ থলী সাজি দিছে৷ সুন্দৰ ইক’-টুৰিজম্ স্পট৷
আৰ্লং লাংদ
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিফুৰ পৰা গ’লে ডেনগাঁও পোৱাৰ ৩ কিল’মিটাৰমান আগত পথৰ সোঁহাতে নুৰাক পাহাৰ৷ এই পাহাৰতে আছে আৰ্লং লাংদ অৰ্থাৎ পানী থকা শিল৷ আচৰিত যে ভূপৃষ্ঠৰ পৰা বহু ওপৰলৈ ওলাই থকা প্ৰকাণ্ড শিল এটাৰ উপৰিভাগত সৃষ্টি হৈছে এক জলাধাৰ৷ এই জলাধাৰত বছৰৰ বাৰমাহেই পানী জমা হৈ থাকে৷ জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়ে এই স্থানলৈ আহি তৃষ্ণা নিবাৰণ কৰে৷ প্ৰকৃতিৰ এক আশ্চৰ্যস্বৰূপ এই পানী কেতিয়াও নুশুকায়৷
কাংথিলাংছ’
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডেনগাঁৱৰ পৰা উত্তৰ-পশ্চিম দিশে প্ৰায় ১৫ কিল’মিটাৰ ভিতৰত তিনি খলপীয়া স্ফটিক-স্বচ্ছ জলধাৰাৰে কাংথিলাংছ’ জলপ্ৰপাত৷ উচ্চতা প্ৰায় ১৫০ ফুট৷ নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ শ্যামলীমাত নিৰিবিলি আৱেশত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা মনোৰম ইক’ টুৰিষ্ট এণ্ড পিক্নিক্ স্পট সাজি এলেকাটোৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা হৈছে৷
লাং কাৰ-অম্
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰখোৱাৰ পৰা প্ৰায় ৪ কিল’মিটাৰ দূৰত্বত, পাৰখোৱা-দংহাপ পথত এক আচৰিত প্ৰাকৃতিক পৰিঘটনাৰ থলী৷ শিলাময় পাহাৰৰ বুকুৱেদি বৈ অহা জলধাৰা সূৰ্যাস্তৰ পাছত ক্ৰমাৎ গৰম হৈ উঠে৷ পুৱা সূৰ্যোদয়ৰ পাছত ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে৷ গিৰিখাদসদৃশ স্থানত যাদুকৰী উঁহটোৰ পৰা সৃষ্টি হোৱা অলৌকিক নিজৰাটোৰ পানী দংহাপ জুৰিত মিলিত হৈছে৷ ৰোগাক্ৰান্ত লোকে ইয়াৰ পানী সেৱন কৰিলে বা স্নান কৰিলে ৰোগমুক্ত হয় বুলি স্থানীয় মানুহৰ বিশ্বাস৷
ঊৰ্ধ্ব গংগা
কাৰবি আংলং আৰু নগাঁও জিলাৰ সীমাত এই জলপ্ৰপাতৰ অৱস্থান৷ পাহাৰৰ ওপৰৰ পৰা থিয়ৈ থিয়ৈ নামি আহি তলত এটা প্ৰকাণ্ড কুণ্ডৰ সৃষ্টি কৰি তাৰ পৰা জুৰি আকাৰে বৈ আকাশী গংগাৰ সৈতে মিলি ডিখাৰু নদীত পৰিছে৷ কুণ্ডত আধা পোত গৈ থকা অৱস্থাত চাৰিসিৰীয়া খুঁটা আৰু কুণ্ডৰ পাৰত সিঁচৰতি হৈ থকা অৱস্থাত পুৰণিকলীয়া ইটা দেখা পোৱা যায়৷
কয়লালাংছ’
ডিলাইৰ পৰা প্ৰায় ৭ কিল’মিটাৰ আঁতৰৰ কয়লাজান (কাৰবি ভাষাত হক্ৱাইলাংছ’)ত প্ৰায় ৩০ ফুট উচ্চতাৰ এটা জলপ্ৰপাত আছে৷ জলপ্ৰপাতটোৰ বিশেষত্ব এয়াই যে ইয়াৰ শিলাময় বুকুখনৰ লগতে কাষৰীয়া এলেকাটোৰ বৰণ ক’লা৷ কাৰবি আংলঙৰ প্ৰথম কয়লা খনি কয়লাজানৰ পাহাৰতেই আছিল৷
লাংৱ’কু
ডিলাই বজাৰ তিনিআলিৰ পৰা বাওঁহাতে হক্ৱাইলাংছ’ (কয়লাজান) এণ্ড লাংৱ’কু ৰ’ডেৰে প্ৰায় ১২ কিল’মিটাৰ আগুৱাই যমুনা নৈ অতিক্ৰম কৰাৰ পাছত এই জলপ্ৰপাত পোৱা যায়৷ যমুনা নদীৰ উপনৈ লাংৱ’কুৱে প্ৰায় ৩০ মিটাৰ উচ্চতাৰ এটা জলপ্ৰপাতৰ সৃষ্টি কৰি যমুনাত বিলীন হৈছে৷ যমুনাৰ নৈপৰীয়া শান্ত-সমাহিত নৈসৰ্গিক পৰিৱেশত বনভোজথলী আছে৷ জৈৱ-বৈচিত্ৰ্যৰ দিশত অত্যন্ত চহকী আৰু স্পৰ্শকাতৰ পৰিৱেশতন্ত্ৰৰ আলয় লাংৱ’কুৰ পৰিসৰ৷ প্ৰকৃতিপ্ৰেমীৰ কাৰণে আকৰ্ষণীয় থলী৷ এটা এড্ভেন্চাৰ টুৰিজম ডেষ্টিনেছন৷ মাঞ্জাৰ পৰাও যাব পাৰি৷ ডিফুৰ পৰা দূৰত্ব প্ৰায় ২৬ কিল’মিটাৰ৷
চূণা পাহাৰ
ডিলাই-সৰিয়হজান পথৰ জিৰ’ পইণ্ট তিনিআলিৰ পৰা বাওঁহাতে প্ৰায় ৩ কিল’মিটাৰ নিলগত চিমেণ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেড (চি.চি.আই.), বোকাজানৰ ডিলাই পৰ্বত লাইমষ্ট’ন মাইন্ছ শিক্ষামূলক ভ্ৰমণকাৰীৰ চাবলগীয়া ঠাই৷ এটা সুন্দৰ ট্ৰেকিং ডেষ্টিনেছন৷ চূণা পাহাৰৰ এ’ণ্ড ব্লকত সৃষ্টি হোৱা সেউজ আস্তৰণৰ স্ফটিকস্বচ্ছ সৰোবৰে প্ৰকৃতিপ্ৰেমীক আশ্চৰ্যচকিত কৰে৷ পদচালনাৰে আগুৱাই গৈ কাৰবি, নেপালী আৰু কুকি গাঁৱৰ সঁচাৰূপ দৰ্শন কৰিব পাৰি৷
ডিলাই ১, ২, ৩…
বোকাজান মহকুমাৰ ক্ষুদ্ৰ গাঁও চাইজাঙৰ কাষেৰে বৈ অহা শিলাময় ডিলাই নদীখনৰ উচ্চ সোঁতত আৰণ্যক নীৰৱতাৰ মাজত ইটোৰ পাছত সিটোকৈ এলানি জলপ্ৰপাত আছে৷ স্থানীয় মানুহে একাদিক্ৰমে ডিলাই-১, ডিলাই-২ বুলি নামকৰণ কৰা জলপ্ৰপাতময় বৃষ্টিপ্ৰচুৰ অঞ্চলটো প্ৰকৃতিপ্ৰেমী আৰু এড্ভেন্চাৰিষ্টসকলৰ বাবে আকৰ্ষণীয়৷ সৰহ মানুহ এতিয়াও গৈ নোপোৱা ঠাই৷ শৈলাৰোহণ আৰু কুকি গাঁও পৰিভ্ৰমণ কৰিব পাৰি৷ ডিলাই-সৰিয়হজান পথৰ মইছ’ কিলিং তিনিআলিৰ পৰা চাইজাঙলৈ প্ৰায় ৪ কিল’মিটাৰ৷
বনচাই শ্যাম গাঁও, বালিপথাৰ
বোকাজান উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী, জিলাৰ পূব প্ৰান্তৰ বালিপথাৰৰ বনচাই শ্যাম গাঁওখনক ২০১৭ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) কাৰ্যসূচীৰ অন্তৰ্গত কাৰবি আংলং জিলাৰ ভিতৰত পৰিষ্কাৰ গাঁও বুলি স্বীকৃতি প্ৰদান কৰা হৈছে৷ ডিফুৰ পৰা দূৰত্ব প্ৰায় ৮০ কিল’মিটাৰ৷
দেওপানী থান
দেওপানী নৈৰ কাষত অৱস্থিত দেওপানী থান বা দুৰ্গা মন্দিৰৰ মাহাত্ম্য সৰ্বজনবিদিত৷ দেওপানীত উদ্ধাৰ আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাজানৰ পৰা দূৰত্ব প্ৰায় ২০ কিল’মিটাৰ৷ চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত ইতিহাসপ্ৰসিদ্ধ পৰ্যটন স্থলৰ পৰিকাঠামো উত্তৰণৰ উদ্দেশ্যে প্ৰকাশিত অনুদান প্ৰাপ্তিৰ তালিকাত দেওপানী থানো অন্তৰ্ভুক্ত হৈছে৷ থানৰ পৰা প্ৰায় ২ কিল’মিটাৰ আগলৈ সুপ্ৰাচীন মূৰ্তি প্ৰতিষ্ঠাৰে ঐতিহ্যমণ্ডিত শিৱ থান এখন আছে৷ দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ আটকধুনীয়া নিৱাস অৱস্থিত৷
চিংহন লে’ক, ৰঙাগড়া
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাফাপানীৰ ওচৰত এই প্ৰাকৃতিক হ্ৰদ অৱস্থিত৷ নানা ধৰণৰ পক্ষীৰ বিচৰণভূমি এই হ্ৰদটোৰ পাৰত বোকাজান উন্নয়ন খণ্ডৰ জৰিয়তে আদৰণী তোৰণ, দৰ্শন-স্তম্ভ, বনভোজৰ স্থান, জিৰণি-গৃহ আদি নিৰ্মাণেৰে ২০০৮ চনত পৰ্যটক-অনুকূল কৰি তোলা হৈছে৷
গৰম পানী
কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতিত নামবৰ নৈৰ পাৰত গৰম পানীৰ উঁহ, পহৰা চকী, ওলমা দলং আৰু লাং কাৰ-অম্ ইক’ পাৰ্ক আছে৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলনিজানৰ পৰা দূৰত্ব প্ৰায় ৪ কিল’মিটাৰ৷ ভূগৰ্ভৰ পৰা প্ৰাকৃতিকভাৱে নিৰ্গত ইয়াৰ পানীৰে শৰীৰ ধুলে চৰ্ম ৰোগ নাশ হয় বুলি ধাৰণা আছে৷ অৰণ্যৰ ভিতৰত বৰপুং নামে উষ্ণ প্ৰস্ৰৱণ আছে৷ ৰাজপথৰ পৰা প্ৰায় ৪ কিল’মিটাৰ ভিতৰত ফটাশিল জলপ্ৰপাতৰ অৱস্থান৷ কাৰবি আংলং জিলাৰ বন বিভাগৰ পূব সংমণ্ডলৰ গৰম পানীত থকা বন পৰিদৰ্শন বঙলাটো ১৮১১ চনতে সজা হৈছিল৷ জাংগল চাফাৰীৰ বাবে আদৰ্শ স্থান৷
ভিতৰ কলিয়নি বৌদ্ধ বিহাৰ
শিলনিজানৰ পৰা প্ৰায় ৩৩ কিল’মিটাৰ দূৰত্বত কলিয়নি নৈয়ে চুই যোৱা ভিতৰ কলিয়নিত ১৮১৯ চনত স্থাপিত বৌদ্ধ মঠ আছে৷ মানৰ দ্বিতীয়বাৰ অসম আক্ৰমণৰ সময়ত সেনাপতি মিঙ্গিমাহা তিলোৱা আৰু আলুমিঙ্গিয়ে ব্ৰহ্মদেশৰ পৰা লগত আনি এৰি থৈ যোৱা বুদ্ধদেৱৰ মূৰ্তিৰে এই জাগ্ৰত মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ বৌদ্ধধৰ্মী মানটাইভাষী লোকসকলে বিহাৰৰ প্ৰাংগণত প্ৰতি বছৰে পয়চাংকেন উৎসৱ উদ্যাপন কৰে৷
নাগালাংছ’
চকীহোলাৰ পৰা জংফালৈ যাওঁতে নিলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা সামান্য আগত পোৱা যায় নাগালাংছ’৷ ৰাস্তাৰ বাওঁহাতে ওপৰলৈ এই জুৰিত একে লেথাৰিয়ে ৩টা জলপ্ৰপাত আছে৷
কেইহাং ৰেংমা ফুকনৰ মৈদাম, জংফা
ৰেংমা নগা বীৰপুৰুষ কেইহাং ৰেংমাক আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহই ‘ফুকন’ উপাধি প্ৰদান কৰিছিল৷ চকীহোলাৰ সমীপত কালা পাহাৰ নামে পৰিচিত কেইহাং ৰেন্চ’ অৰ্থাৎ কেইহাং পৰ্বত এই বীৰজনৰ বিচৰণভূমি আছিল৷ ইতিহাসপ্ৰসিদ্ধ কেইহাং ৰেন্চ’ত জনসমাগমৰ পৰা নিলগত, পাহাৰৰ বক্ষত আজিও লুকাই আছে কেইহাং ৰেংমা ফুকনকে ধৰি অখ্যাত বহুজনৰ মৈদামৰ ভগ্নাৱশেষ৷ তদুপৰি আছে প্ৰকাণ্ড শৈল নিৰীক্ষণ চকী আৰু ৬৪টা উলম্ব স্মাৰক-শিলা৷ পাহাৰীয়া ট্ৰেকেৰে চকীহোলাৰ সমীপৱৰ্তী জংফাৰ পৰা একেৰাহে ৩-৪ ঘণ্টা খোজ কাঢ়ি মৈদামথলীত উপস্থিত হ’ব পাৰি৷ চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত ইতিহাসপ্ৰসিদ্ধ পৰ্যটন স্থলৰ পৰিকাঠামো উন্নয়নৰ অৰ্থে প্ৰকাশ কৰা অনুদান প্ৰাপ্তিৰ তালিকাত কেইহাং ৰেংমা ফুকনৰ মৈদামো অন্তৰ্ভুক্ত হৈছে৷ এটা সুন্দৰ ট্ৰেকিং ডেষ্টিনেছন৷ ইয়াৰ উপৰি জংফা, আখৈফুটা আদি ৰেংমা নগা গাঁও পৰিভ্ৰমণ আৰু কলিয়নি নদীত বেম্ব’ ৰাফটিঙৰ সোৱাদ ল’ব পাৰি৷
কাইফ’লাংছ’
ডলামৰাৰ সমীপত, কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমাত পাহাৰীয়া বনাঞ্চলৰ মাজত অপূৰ্ব সৌন্দৰ্যময় কাইফ’লাংছ’ জলপ্ৰপাত৷ বোকাখাত চহৰৰ পৰা ইয়ালৈ পথ-দূৰত্ব প্ৰায় ১২ কিল’মিটাৰ৷ একেখন নৈকে কেইবাবাৰো পাৰ হৈ খোজ কাঢ়ি যোৱাৰ আনন্দ ল’ব পাৰি৷
ৰংমংৱে’ৰ ওলমা সাঁকো
ডিফুৰ পৰা প্ৰায় ২৬০ কিল’মিটাৰ নিলগৰ ৰংমংৱে’ত দেওপানী নৈৰ ওপৰত সজা ওলমা সাঁকোৱে ৰংমংৱে’ আৰু কাষৰীয়া কাৰবি গাঁওসমূহক সংযোগ কৰিছে৷
ইথ্নিক ভিলেজ, কঁহৰা
জিলাখনৰ পৰ্যটন সম্ভাৱনাক বিকশাই তোলাৰ উদ্দেশ্যে স্বৰ্ণজয়ন্তী গ্ৰাম্য ৰোজগাৰ যোজনা ২০০৭-২০০৮ৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাজিৰ ৰংহাংপী ক্ষেত্ৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন খণ্ডসমূহৰ দ্বাৰা নিৰ্মিত এই আদৰ্শ গাঁওখন ২০১১ চনত মুকলি কৰা হৈছিল৷ ইয়াত কাৰবি আংলঙৰ ১২টা নৃগোষ্ঠী (কাৰবি, ডিমাচা, বড়ো, ৰেংমা, কুকি, গাৰো, তিৱা, আদিবাসী, খাচি, মানটাই, নেপালী আৰু অসমীয়া)ৰ পৰম্পৰাগত গৃহসজ্জা একত্ৰে দৰ্শন কৰি নৃগোষ্ঠীয় পৰম্পৰা, সংস্কৃতি, ঐতিহ্য আৰু সমন্বয়ৰ বুজ ল’ব পাৰি৷
কাজিৰ ৰংহাংপী মেম’ৰিয়েল পাৰ্ক, কঁহৰা
কহঁৰাৰ ইথনিক ভিলেজত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে এই উদ্যান সাজি কাজিৰ ৰংহাংপীৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাটো এসময়ত কাজিৰ ৰংহাংপীৰ গাঁও আছিল আৰু কাজিৰ আৰং অৰ্থাৎ কাজিৰৰ গাঁৱৰ পৰাই ‘কাজিৰঙা’ নামটো সৃষ্টি হোৱা বুলি কাৰবিসকলৰ বিশ্বাস৷
ইক’ টুৰিজম্ পাৰ্ক, কঁহৰা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এই উদ্যানত জিলাখনৰ পৰম্পৰাগত সংস্কৃতি প্ৰত্যক্ষ কৰিব পাৰি৷
আংজকলাংছ’
বালিজুৰি উপ-চিকিৎসা কেন্দ্ৰৰ পৰা প্ৰায় ৩ কিল’মিটাৰ নিলগত এই সুউচ্চ জলপ্ৰপাত আছে৷
ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ…
দুঃসাহসিক পৰ্যটকসকলৰ বাবে কাৰবি আংলং অন্যতম আৰু উপযুক্ত অভিযান থলী৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৩৬০ মিটাৰ উচ্চতাৰ সিংহাসন হৈছে কাৰবি আংলং জিলাৰ ভিতৰত সৰ্বোচ্চ শৃংগ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্ৰিটিছসকলে সিংহাসন পাহাৰৰ চূড়াটোক সেনা-বাহিনীৰ এয়াৰ-ষ্ট্ৰিপলৈ উন্নীত কৰিছিল৷ শিলাময় পাহাৰ, খৰস্ৰোতা নৈৰে ভৰপূৰ সমগ্ৰ পাহাৰখনেই চিৰসেউজ বৰ্ষাৰণ্য আৰু জিলাখনৰ সৰহসংখ্যক নৈ-নিজৰাৰে উৎপত্তিস্থল৷ ধনেশ পক্ষীকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই, নল গাহৰি, সুগৰী পহু, ফুটুকী হৰিণা, বান্দৰ আদিৰ বিচৰণভূমি৷ অনুকূল বতৰত শিখৰৰ প্ৰাকৃতিক দৰ্শন-স্তম্ভৰ পৰা ব্ৰহ্মপুত্ৰ নদ, বৰফাবৃত হিমালয় পৰ্বতমালা, পাটকাই আৰু বৰাইল পাহাৰ দৃশ্যমান হয়৷ ডিফুৰ পৰা প্ৰায় ৪০ কিল’মিটাৰ৷
কাৰবি আংলং জিলাৰ পৰিসীমাৰ অন্তৰ্গত ডিলাই পৰ্বত, মহামায়া পাহাৰ, পৰ্বত খনবামন, নুৰাক পাহাৰ আদি পাহাৰীয়া এলেকালৈও প্ৰকৃতিপ্ৰেমী, অনুসন্ধিৎসুসকলে ট্ৰেকিং-কেম্পিং অভিযান চলাব পাৰে৷ ডিফুৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ নিলগৰ লংনিত নৈ ৰিভাৰ ৰাফ্টিং আৰু প্ৰায় ৬৭ কিল’মিটাৰ আঁতৰৰ চেণ্টাৰ ৰক্ ফিল্ড শৈলাৰোহণ প্ৰশিক্ষণৰ বিশিষ্ট থলী৷ এই সমূহৰ বাহিৰেও নানা ধৰণৰ দুঃসাহসিক ক্ৰীড়াৰ থলী ইয়াত উপলব্ধ৷ পক্ষী দৰ্শন, ফটোগ্ৰাফী আদিৰ বাবেও উৎকৃষ্ট৷
জনজাতীয় গাঁও পৰিভ্ৰমণ
সেউজ পৰ্যটনৰ সমানে সমানে গ্ৰাম্য পৰ্যটনৰ দিশতো কাৰবি আংলং জিলাখন চহকী৷ বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীৰ বাসভূমি এই জিলাত থলুৱা গ্ৰামীণ জনজীৱন স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰি৷
বন্যপ্ৰাণী অভয়াৰণ্যসমূহ…
১. গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য – মাটিকালি ৬ বৰ্গ কিল’মিটাৰ৷ ১৮৭২ চনৰ ৯ আগষ্টত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত অঞ্চলটোক ১৯৫২ চনৰ ১০ জুলাইত বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হয়৷
২. পূব কাৰবি আংলং বন্যপ্ৰাণী অভয়াৰণ্য – ২২১.৮১ বৰ্গ কিল’মিটাৰ মাটিকালিৰ বনাঞ্চলক লৈ ২০০০ চনৰ ২৭ জুলাইত এই অভয়াৰণ্য ঘোষণা কৰা হয়৷