কাৰবি জনগোষ্ঠীটোৰ স্বকীয় পৰিচয় আৰু চহকী সাংস্কৃতিক উপাদানসমূহক সংৰক্ষিত, প্ৰসাৰিত তথা সদা-সঞ্জীৱিত কৰি ৰখাৰ মানসেৰে ডিফু চহৰৰ কাৰবি ক্লাবত ১৯৭৪ চনৰ ২৫ আগষ্ট তাৰিখে কাৰবি যুৱ মহোৎসৱে জন্ম লাভ কৰিছিল৷ প্ৰতিষ্ঠাকালৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে জনাছিং তেৰাং আৰু ৰয় ইংহি৷ ডিফুৰ ৰংনিহাংস্থিত কাৰবি ক্লাবৰ বাকৰিত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল পাঁচোটা ক্লাবে৷
উল্লেখযোগ্য যে লুঞ্চে তিমুঙক সভাপতি আৰু ৰয় ইংহিক সাধাৰণ সম্পাদক হিচাপে লৈ ১৯৭৬ চনত কাৰবি কালচাৰেল ছ’চাইটি (চমুকৈ কে.চি.এছ.) অৰ্থাৎ কাৰবি সাংস্কৃতিক সমাজ গঠন কৰা হৈছিল৷ তেতিয়াৰে পৰা এই বেচৰকাৰী সংস্থাটিয়েই প্ৰতি বছৰে কাৰবি যুৱ মহোৎসৱটিৰ আয়োজনত আগ-ভাগ লৈ আহিছে৷
জন্মলগ্নৰে পৰা একে লেথাৰিয়ে তিনিটা বছৰ ডিফুত অনুষ্ঠিত কৰাৰ পাছত ১৯৭৮ চনত মহোৎসৱটি পতা হৈছিল ডংকামোকামত৷ তাৰ পৰৱৰ্তী ১৯৯৩ চন পৰ্যন্ত জিলাখনৰ নিৰ্বাচিত ভিন্ন ভিন্ন স্থানত বাৰ্ষিকভাৱে পাতি অহা হৈছিল৷ ১৯৯৪ চনৰ পৰা মহোৎসৱটি ডিফু চহৰৰ উপকণ্ঠৰ তাৰালাংছ’ৰ কাৰবি পিপুল্ছ হলত স্থায়ী, সংঘবদ্ধ আৰু শৃংখলাবদ্ধভাৱে, মাণ্ডলিক ভিত্তিত বছৰি অনুষ্ঠিত হৈ আহিছে৷
কাৰবি যুৱ মহোৎসৱৰ বৰ্তমানৰ থলী, ডিফু ৰে’ল ষ্টেছনৰ পৰা প্ৰায় ৫ কিল’মিটাৰ নিলগৰ তাৰালাংছ’ত ৮২৭ বিঘা ভূমি এলেকাজুৰি গঢ় লোৱা কাৰবি পিপুল্ছ হল সম্প্ৰতি এক বৈচিত্ৰ্যময় সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ৷ ওখ-চাপৰ টিলাৰে আৱৰা এলেকাটো স্মৃতি-তোৰণ, পকী পথ, কাৰ্যালয়, আবাস-গৃহ, বাগিচা, পৰিদৰ্শন বঙলা, স্বাস্থ্য উপকেন্দ্ৰ, জুৰি, পুখুৰী, পানী যোগান আঁচনি, স্মৃতি-উদ্যান, মঞ্চ, কেইবাটাও প্ৰতিমূৰ্তি, শিল্পীগ্ৰাম, যাদুঘৰ, মেলা আৰু প্ৰদৰ্শনী থলী, কেম্প থলী আদিৰে গঢ়ি তোলা আন্তঃগাঁথনিৰে ব্যতিক্ৰমী আৰু শৈল্পিক সজ্জাৰে আকৰ্ষণীয়৷ কাৰবি কলা-কৃষ্টিৰ এই প্ৰাণকেন্দ্ৰটিত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ১৯ তাৰিখলৈ কাৰবি সাংস্কৃতিক সমাজৰ উদ্যোগত কাৰবি যুৱ মহোৎসৱৰ আয়োজন চলে৷ সম্পূৰ্ণ প্ৰাকৃতিক বাতাৱৰণত, মুক্ত আকাশৰ তলত, গ্ৰীক এম্ফি থিয়েটাৰৰ আৰ্হিত নিৰ্মিত মুকলি মঞ্চত কাৰবি আংলঙৰ উপৰি অসমৰ অন্যান্য জিলা সামৰি ২৬টা মণ্ডলক প্ৰতিনিধিত্বকাৰী প্ৰতিযোগীসকলৰ মাজত ভিন ভিন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ কাৰবিসকলৰ পৰম্পৰাগত গৃহ, খাদ্য-সম্ভাৰ, সাজ-পোছাক, আ-অলংকাৰ, নৃত্য-গীত, বাদ্য-যন্ত্ৰ, খেল-ধেমালি, শিল্প-কলা ইত্যাদি ইয়াত প্ৰদৰ্শিত হয়৷
সাংস্কৃতিক সংশ্লেষণ তথা সমন্বয় সাধনৰ অভিপ্ৰায়েৰে জিলাখনৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ পৰম্পৰাগত গৃহসজ্জা তথা ঐশ্বৰ্যময় সাংস্কৃতিক সম্পদৰাজিয়েও এই মহোৎসৱথলীত ঠাই পায়৷ ডক্টৰ ভূপেন হাজৰিকা, হোমেন বৰগোহাঞি, পদুম বৰুৱা, কেশৱ মহন্ত, নীলমণি ফুকন, ৰত্ন ওজা আদিৰ দৰে বিশিষ্ট সুধীজনৰ পদাৰ্পণে মহোৎসৱক গৰিমামণ্ডিত কৰিছে৷
উত্তৰ-পূব ভাৰতত হোৱা নৃগোষ্ঠীয় উৎসৱসমূহৰ ভিতৰত কাৰবি যুৱ মহোৎসৱটি সবাতোকৈ প্ৰাচীন, সৰ্ববৃহৎ, বহুৰঙী আৰু স্পন্দনশীল বুলি ইতিমধ্যে পৰিগণিত হৈছে৷ যিকোনো নৃগোষ্ঠীৰ বাবেই এই মহোৎসৱটি পথিকৃৎস্বৰূপ৷