মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ পুনৰ্নবীকৰণৰ বাবে আৱেদন

 

নজৰ-তালিকা:

  • অনুজ্ঞা-পত্ৰৰ পুনৰ্নবীকৰণৰ ক্ষেত্ৰত পুনৰায় সত্যাখ্যান দৰকাৰ হ’ব পাৰে৷
  • পুনৰ্নবীকৰণৰ ম্যাদ ৩ বছৰ৷
  • অন্যান্য নথি-পত্ৰৰ সৈতে আৰক্ষীৰ সত্যাখ্যান প্ৰয়োজনীয়৷
  • ডাউনল’ড কৰিবলগীয়া আৰু জমা দিবলগীয়া আৱেদন প্ৰ-পত্ৰ চিডিউল ২ত উপলব্ধ কৰা আছে৷

সংক্ষিপ্ত বিৱৰণ

অনুজ্ঞা-পত্ৰৰ ম্যাদ উকলি গ’লে বা হেৰালে ইয়াৰ পুনৰ্নবীকৰণ কৰা দৰকাৰ৷ এনে ক্ষেত্ৰত ৩ বছৰলৈ ম্যাদ বৃদ্ধি কৰা হয়৷

প্ৰক্ৰিয়া প্ৰৱাহ

পুনৰ্নবীকৰণৰ সময়ত অনুজ্ঞা-পত্ৰ দিওঁতা কৰ্তৃপক্ষই আৰক্ষীৰ জৰিয়তে পূৰ্বৱৰ্তী গৰাকীৰ সত্যাখ্যান পুনৰায় কৰাব পাৰে৷ আন কোনো কৰ্তৃপক্ষই দিয়া অনুজ্ঞা-পত্ৰৰ ক্ষেত্ৰতো সেই কৰ্তৃপক্ষই ৰুজু কৰা অনুজ্ঞা-পত্ৰ বাবে আৰক্ষীৰ সত্যাখ্যান বিচাৰিব পাৰে৷.

যোগ্যতা নিৰ্ণায়ক

 

মাচুল

মাচুল সম্পৰ্কীয় তথ্য জানিবলৈ ইয়াত ক্লিক কৰকClick Here

দৰকাৰী নথি-পত্ৰ

  1. ব্যক্তিগত বিৱৰণ
  2. ঠিকনাৰ প্ৰমাণ
  3. বয়সৰ প্ৰমাণ
  4. আৰক্ষীৰ সত্যাখ্যান প্ৰতিবেদন
  5. আৱেদনকাৰীৰ চহীৰ সৈতে পাছপ’ৰ্ট আকাৰৰ শেহতীয়া আলোক-চিত্ৰ
  6. কৰ্মৰত চাকৰিয়ালৰ ক্ষেত্ৰত অনাপত্তি পত্ৰ

জৰুৰী সময়সীমা

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰ ৩ বছৰৰ বাবে পুনৰ্নবীকৰণ কৰা হয়৷

কেনেকৈ আৱেদন কৰিব

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰ পুনৰ্নবীকৰণ বাবে চিডিউল ২ত উপলব্ধ প্ৰ-পত্ৰখন ডাউনল’ড কৰি প্ৰাসংগিক সমৰ্থক তথ্যপাতিৰ সৈতে আৱেদন জনাব লাগিব৷

সেৱাৰ প্ৰকাৰ

অফলাইন

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

Swipe to view
Swipe to view
Swipe to view
চিডিউল ২ অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ পুনৰ্নবীকৰণ প্ৰ-পত্ৰ ডাউনল’ড


কাৰ সৈতে যোগাযোগ কৰিব

ডিফুস্থিত কাৰবি আংলং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত থকা দণ্ডাধীকাৰী শাখা৷