নজৰ-তালিকা:
- নিকটতম আত্মীয়ৰ প্ৰমাণ-পত্ৰৰ বাবে নাগৰিকে সংশ্লিষ্ট ৰাজহ বিষয়াৰ কাৰ্যালয় / চি.এছ.চি. / উপায়ুক্তৰ কাৰ্যালয়ত থকা পি.এফ.চি. / এছ.ডি.অ’.(চি)ৰ কাৰ্যালয়ত আৱেদন জনাব লাগিব৷
- নিয়মানুসাৰে প্ৰয়োজনীয় পৰিমাণৰ মাচুল জমা দিব লাগিব৷
- প্ৰয়োজনীয় তথ্যসমূহ জমা দিব লাগিব৷
সংক্ষিপ্ত বিৱৰণ
নিকটতম আত্মীয়ৰ প্ৰমাণ-পত্ৰ হৈছে চৰকাৰী প্ৰশাসনে যোগান ধৰা বৈধ প্ৰমাণ-পত্ৰ৷ যাৱতীয় তথ্যপাতি জমা দি সংশ্লিষ্ট উপায়ুক্ত / এছ.ডি.অ’.(চি.)ৰ পৰা এই প্ৰমাণ-পত্ৰ লাভ কৰিব পাৰি৷
প্ৰক্ৰিয়া প্ৰৱাহ
নিকটতম আত্মীয়ৰ প্ৰমাণ-পত্ৰৰ আৱেদনৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ সহায়তা কেন্দ্ৰ / এছ.ডি.অ’.(চি.)ৰ কাৰ্যালয়ত যাৱতীয় তথ্যপাতিসহ প্ৰমাপ প্ৰ-পত্ৰ জমা দিব লাগিব৷
যোগ্যতা নিৰ্ণায়ক
- আৱেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব৷
- আৱেদনকাৰী মৃতকৰ পত্নী / পতি / মাক / দেউতাক / জী / পুত্ৰ / ভ্ৰাতৃ / ভগ্নী / খুৰায়েক / খুৰীয়েক / ভতিজা / ভাগিন হ’ব লাগিব৷
মাচুল
- সেৱাৰ বাবদ ৩০ টকা
- ছপাৰ বাবদ ১০ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
- স্কেনিঙৰ বাবদ ৫ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
দৰকাৰী নথি-পত্ৰ
- আৱেদন পত্ৰৰ স্কেন ক’পী৷
- মৃতকৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ৷
- মৃতকৰ সৈতে সম্পৰ্কৰ বৈধ নথি৷
- স্বঘোষিত হলফনামা
কেনেকৈ আৱেদন কৰিব
নিকটতম আত্মীয়ৰ প্ৰমাণ-পত্ৰৰ আৱেদনৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ সহায়তা কেন্দ্ৰ / এছ.ডি.অ’.(চি.)ৰ কাৰ্যালয়ত যাৱতীয় তথ্যপাতিসহ প্ৰমাপ প্ৰ-পত্ৰ জমা দিব লাগিব৷
সেৱাৰ প্ৰকাৰ
অনলাইন
কাৰ সৈতে যোগাযোগ কৰিব
সংশ্লিষ্ট উপায়ুক্তৰ কাৰ্যালয় / ৰাজহ বিষয়াৰ কাৰ্যালয় / চি.এছ.চি.৷