স্থায়ী আৱাসিক প্ৰমাণ-পত্ৰৰ বাবে মুঠতে ১৪ দিনৰ প্ৰয়োজন৷ নিৰ্দিষ্ট শিক্ষা প্ৰতিষ্ঠানৰ প্ৰয়োজনসাপেক্ষে নামভৰ্তিৰ উদ্দেশ্যে কেৱল ভাৰতীয় নাগৰিকলৈ এই প্ৰমাণ-পত্ৰ আগ বঢ়োৱা হয়৷ উপলব্ধ ব্যৱস্থাৰ অন্তৰ্গত জিলাধিপতি আৰু এছ.ডি.অ’.(চি.)ৰ দ্বাৰা যাৱতীয় পৰীক্ষণৰ অন্তত কেৱল উক্ত নিৰ্দিষ্ট শিক্ষানুষ্ঠানত নামভৰ্তিৰ কাৰণে এই প্ৰমাণ-পত্ৰ দিয়া হয়৷ এই প্ৰমাণ-পত্ৰ অন্য কোনো ক্ষেত্ৰতে প্ৰযোজ্য নহ’ব৷ স্থায়ী আৱাসিক প্ৰমাণ-পত্ৰ লাভৰ বাবে নিম্নউল্লিখিত ব্যক্তিসকল যোগ্য বুলি বিবেচিত হ’ব৷
পি.আৰ.চি. লাভ কৰিবৰ বাবে প্ৰাসংগিক নথিপত্ৰসহ আৱেদনকাৰী / নাগৰিকগৰাকী জিলাধিপতিৰ অধীনস্থ নিকটৱৰ্তী সৰ্ব সেৱা কেন্দ্ৰ (চি.এছ.চি.) / পি.এফ.চি. / এছ.ডি.অ’.(চি.) / ৰাজহ বিষয়াৰ কাৰ্যালয়লৈ আহিব লাগিব৷
আৱেদন-পত্ৰৰ সৈতে জমা দিবলগীয়া নথিসমূহ-:
১. দুক’পি পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ
২. ভূমি ৰাজহ আদায়ৰ শেহতীয়া ৰচিদসহ স্থাৱৰ সম্পত্তিৰ বিৱৰণ
৩. ভাৰতীয় পাৰপত্ৰৰ নকল বা
৪. এন.আৰ.চি. ১৯৫১ৰ প্ৰত্যয়িত নকল
৫. সংযোগ পৰীক্ষাৰ বাবে ভোটাৰ তালিকাৰ প্ৰত্যয়িত নকল
৬. আৱেদনকাৰীৰ সৈতে সম্পৰ্ক উল্লেখেৰে পৰিয়ালৰ যিকোনো সদস্যৰ পি.আৰ.চি.ৰ নকল
৭. সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা জন্মৰ প্ৰমাণ-পত্ৰৰ নকল
৮. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰ / প্ৰৱেশ-পত্ৰৰ নকল
৯. বৰ্তমান স্থানত যোগদানৰ বিৱৰণীসহ নিয়োগকৰ্তাই জাৰি কৰা কৰ্মসংস্থানৰ প্ৰমাণ-পত্ৰ
১০. ন্যূনতম ৫০ বছৰ ধৰি অসমত একেৰাহে কৰি অহা বসতি সম্পৰ্কে পিতৃ আৰু উপৰিপুৰুষৰ নথি বা
১১. ন্যূনতম ২০ বছৰ ধৰি অসমত একেৰাহে কৰি অহা বসতি সম্পৰ্কে অভিভাৱকৰ নথি
আৱেদনকাৰী প্ৰয়োজনীয় তথ্যপাতিসহ নিকটৱৰ্তী জিলাধিপতিৰ কাৰ্যালয় / এছ.ডি.অ’.(চি.)ৰ কাৰ্যালয় / ৰাজহ বিষয়াৰ কাৰ্যালয়ত থকা চি.এছ.চি. বা পি.এফ.চি.লৈ আহিব লাগিব৷
অনলাইন
কম্পিউটাৰকৃত যথাবিহিত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব য’ত প্ৰমাণ-পত্ৰখন দিয়া হ’ব৷
সংশ্লিষ্ট উপায়ুক্তৰ কাৰ্যালয় / ৰাজহ বিষয়াৰ কাৰ্যালয় / চি.এছ.চি.৷