বাকীজাই পৰিষ্কৰণ প্ৰমাণ-পত্ৰ হৈছে কাৰ্যালয় সংক্ৰান্তীয় বিভিন্ন কামৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আইনী তথ্য৷ পঞ্চায়ত নিৰ্বাচন / বিধান সভাৰ নিৰ্বাচন / লোক সভাৰ নিৰ্বাচনৰ সময়ত মনোনয়ন-পত্ৰ দাখিল কৰোঁতে এই তথ্য / পত্ৰ অন্যান্য তথ্যসমূহৰ সৈতে সংলগ্ন কৰাটো বাধ্যতামূলক৷
১৮ বছৰ বা তাতোকৈ অধিক বয়সৰ যিকোনো নাগৰিক৷
অফলাইন সেৱাৰ বাবে কোনো মাচুল নালাগে৷
১. মূল হলফনামা
২. ৰাজহ আদায়ৰ শেহতীয়া ৰচিদৰ স্কেন ক’পী
৩. আদালত মাচুল টিকটৰ স্কেন ক’পী
৪. পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ
৫. অন্য তথ্যপাতি (প্ৰয়োজনসাপেক্ষে)
বাকীজাই পৰিষ্কৰণ প্ৰমাণ-পত্ৰ পাবৰ বাবে আৱেদনকাৰীয়ে সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰ-পত্ৰৰ সৈতে সংশ্লিষ্ট উপায়ুক্ত / এছ.ডি.অ’. (চি)ৰ কাষ চাপিব৷
অফলাইন
https://assam.gov.in/download-e-form
সংশ্লিষ্ট উপায়ুক্ত / এছ.ডি.অ’.(চি.)/ ৰাজহ বিষয়া / চি.এছ.চি.৷