মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

বিলম্ব জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আৱেদন

নজৰ-তালিকা:

  • পৌৰনিগম / নগৰ সমিতিৰ এলেকাধীন হ’লে গাঁওবুঢ়াৰ প্ৰমাণ-পত্ৰ / ৱাৰ্ড কমিছনাৰৰ প্ৰমাণ-পত্ৰ
  • জন্ম সম্পৰ্কে চিকিৎসকৰ প্ৰমাণ-পত্ৰ
  • বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ / প্ৰৱেশ-পত্ৰ (৬ বছৰ বা ওপৰঞ্চি বয়সৰ বাবে)
  • এবছৰৰ অধিক বিলম্বৰ ক্ষেত্ৰত বিচাৰপতিৰ স্বাক্ষৰ সম্বলিত হলফনামা
  • অন্য নথি (প্ৰয়োজনসাপেক্ষে)
  • সংযোগ প্ৰমাণৰ সৈতে ১৯৬৬ চনৰ ভোটাৰ তালিকা
  • এল / আৰ ৰচিদ (শেহতীয়া) / বিজুলীৰ ৰচিদ / অন্য নথি

সংক্ষিপ্ত বিৱৰণ

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আইন, ১৯৬৯ বলবৎকৰণৰ পাছত ভাৰতবৰ্ষত জন্মৰ পঞ্জীয়নকৰণ বাধ্যতামূলক হৈছে৷ অসমত আৰ.বি.ডি. এক্ট, ১৯৬৯ৰ সা-সুবিধাসমূহৰ অন্তৰ্গত স্বাস্থ্য বিভাগে জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন নিয়ম, ১৯৭৮ প্ৰণয়ন কৰিছে৷ এই নিয়মসমূহ ১.৪.১৯৭৮ তাৰিখৰ পৰা অসমত প্ৰযোজ্য হৈছে৷

প্ৰক্ৰিয়া প্ৰৱাহ

বিলম্ব জন্ম প্ৰমাণ-পত্ৰৰ আৱেদনৰ বাবে দৰকাৰী ক্ৰমসমূহ তলত উল্লেখ কৰা হ’ল৷ ১. জন্মৰ প্ৰমাণ-পত্ৰৰ বাবে প্ৰয়োজনীয় আৱেদন প্ৰ-পত্ৰ জন্ম আৰু মৃত্যু পঞ্জীয়কৰ কাৰ্যালয়ত উপলব্ধ থাকিব৷ নতুবা অসম চৰকাৰৰ অফিচিয়েল প’ৰ্টেলৰ পৰা ডাউনল’ডো কৰিব৷

২. অনলাইন চাৰ্ভিচত ক্লিক্‌ কৰি >> Download E – Forms >> Delayed Birth Certificate application form এনেদৰে আৱেদন প্ৰ-পত্ৰখন ডাউনল’ড কৰিব৷

৩. আৱেদন প্ৰ-পত্ৰৰ প্ৰিণ্ট এটা লৈ প্ৰ-পত্ৰখন শুদ্ধ আৰু সত্যতাৰে সবিশেষ পূৰণ কৰিব৷

৪. আৱেদন প্ৰ-পত্ৰৰ সৈতে প্ৰয়োজনীয় আৰু প্ৰাসংগিক সকলো নথি গাঁথি দিব৷

৫. এইখিনি সম্পূৰ্ণ হ’লে দৰকাৰী সকলো নথি-পত্ৰৰ সৈতে আৱেদন প্ৰ-পত্ৰখন জমা দিব আৰু জমা দিয়াৰ ৰচিদ ল’ব৷

৬. সত্যাখ্যান কৰি উঠাৰ পাছত সংশ্লিষ্ট পক্ষই আৱেদন প্ৰ-পত্ৰত অনুমোদন জনাব আৰু আপোনাক প্ৰমাণ-পত্ৰ এখন দিব৷ 

যোগ্যতা নিৰ্ণায়ক

যিকোনো ভাৰতীয় নাগৰিক৷

মাচুল

  1. সেৱাৰ বাবদ ৩০ টকা
  2. ছপাৰ বাবদ ১০ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
  3. স্কেনিঙৰ বাবদ ৫ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)

কেনেকৈ আৱেদন কৰিব

সাধাৰণ নাগৰিকে নিজৰ অঞ্চলত ইণ্টাৰনেটৰ জৰিয়তে, চি.এছ.চি.ৰ ‘অৰুণোদয় কেন্দ্ৰ’ আৰু উপায়ুক্ত, এছ.ডি.অ’. বা ৰাজহ বিষয়াৰ কাৰ্যালয়ত অৱস্থিত পি.এফ.চি.ৰ জৰিয়তে নাগৰিককেন্দ্ৰিক এই সেৱা লাভ কৰিব পাৰে৷৷ গ্ৰামীণ জনসাধাৰণে চি.এছ.চি.ৰ জৰিয়তে সেৱা গ্ৰহণ কৰিব পাৰে৷

সেৱাৰ প্ৰকাৰ

অনলাইন  

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

https://assam.gov.in/download-e-form

কাৰ সৈতে যোগাযোগ কৰিব

চি.এছ.চি.ৰ ‘অৰুণোদয় কেন্দ্ৰ’ আৰু উপায়ুক্ত, এছ.ডি.অ’. বা ৰাজহ বিষয়াৰ কাৰ্যালয়ত অৱস্থিত পি.এফ.চি.৷ গ্ৰামীণ জনসাধাৰণে চি.এছ.চি.ৰ জৰিয়তে সেৱা গ্ৰহণ কৰিব পাৰে