মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

জনগোষ্ঠী আৰু সংস্কৃতি

  • পৰিচয়

    অসমৰ বিশিষ্ট বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই লিখিছিল যে জনগোষ্ঠীয় লোকে আমাক শিকাব পৰা এটা পাঠ হৈছে ঘৰুৱা অৰ্থনীতিত তেওঁলোকৰ স্ব-প্ৰচুৰতা৷ বাহিৰৰ যোগানৰ ওপৰত তেওঁলোক সামান্য পৰিমাণেহে নিৰ্ভৰশীল৷ সেয়েহে ইয়াৰ শিল্পসমূহেও নৃগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ অতীত পৰম্পৰা বহন কৰে৷ স্থানীয় জনসাধাৰণে সেইবিলাক গৰ্বেৰে প্ৰতিপালন কৰি আহিছে৷ তেওঁলোকে কাঠেৰে বাচন-বৰ্তন সাজে, কপাহৰ পৰা উলিওৱা সূতা কাটি গৰম বস্ত্ৰ আৰু পৰম্পৰাগত সাজ-পোছাক বয়৷ অন্য কথাত, পাৰ্বত্য অঞ্চলৰ শিল্প হৈছে নান্দনিকতা আৰু কাৰিকৰী বিদ্যাৰ অপূৰ্ব সমাহাৰ৷

    ভাৰত চৰকাৰৰ সংবিধান আদেশত মিকিৰ বুলি উল্লেখ কৰা কাৰবিসকল অসমৰ পাৰ্বত্য অঞ্চলৰ এটা লেখত ল’বলগীয়া জনগোষ্ঠী৷ তেওঁলোকে নিজকে নিজে মিকিৰ নোবোলে৷ কাৰবি আৰু আৰলেং বোলে৷ অৰ্থৰ দিশৰ পৰা এই শব্দই মানুহ বুজায়৷ বৰ্তমান মূল বাসভূমি কাৰবি আংলং জিলা যদিও ডিমা হাচাও, কামৰূপ, মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাতো তেওঁলোকৰ বসতি আছে৷ কাৰবিৰ বাহিৰেও অন্যান্য সম্প্ৰদায়ৰ বৃহৎসংখ্যক লোকে জিলাখনত বসবাস কৰে৷ সেইসমূহৰ ভিতৰত প্ৰধান হৈছে-

    ১. ধনশিৰি / মহংডিজুৱা অঞ্চলত ডিমাচাসকল

    ২. লাংহিন অঞ্চলত বড়োসকল

    ৩. সিংহাসন আৰু কয়লামাটি অঞ্চলত কুকি / থাদ’ / মাৰসকল

    ৪. নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্ত অঞ্চলত তিৱাসকল

    ৫. হামৰেণ মহকুমাত গাৰোসকল

    ৬. বোকাজান মহকুমাত মান-টাইভাষীসকল

    ৭. হামৰেণ মহকুমাৰ ঘাইকৈ মেঘালয় সংলগ্ন অঞ্চলত খাচিসকল

    ৮. বৰলাংফেৰ অঞ্চলত সিঁচৰতিভাৱে চাক্‌মাসকল

    ৯. নিলিপ উন্নয়ন খণ্ড এলেকাত ৰেংমা নগাসকল

    কাৰবি জনগোষ্ঠী আৰু সংস্কৃতিৰ সংক্ষিপ্ত আভাস

    . অতীত ইতিহাস

    নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা কাৰবিসকল মংগোলীয় আৰু ভাষাতাত্ত্বিক দিশৰ পৰা তিব্বত-বৰ্মীয় গোটৰ অন্তৰ্ভুক্ত৷ তিব্বত-বৰ্মী ভাষা ব্যৱহাৰকাৰী বিভিন্ন লোক-সমষ্টিৰ মূল বসতিস্থল আছিল পশ্চিম চীনৰ য়াংছিকিয়াং আৰু হোৱাংহো নদীৰ অৱবাহিকা অঞ্চল৷ উক্ত স্থানসমূহৰ পৰা ব্ৰহ্মপুত্ৰ, চিন্দুইন, ইৰাৱতী নদীৰ নিম্নাংশলৈ নামি আহি তেওঁলোকে ভাৰত আৰু ম্যানমাৰত প্ৰৱেশ কৰিছিল৷ মধ্য এছিয়াৰ পৰা এসময়ত ঘটা প্ৰব্ৰজনৰ টৌত অন্যান্যসকলৰ লগতে কাৰবিসকলো অসমভূমি পাইছিলহি৷ লিখিত তথ্যৰ উপৰি প্ৰত্নতাত্ত্বিক অৱশেষ আদিৰ অভাৱত কাৰবিসকলৰ আদিম বসতিৰ স্থান-কাল নিৰ্ণয় কৰাটো সহজসাধ্য নহয়৷ পুৰণা ঘটনাৱলী আৰু বুৰঞ্জীসমূহত বিক্ষিপ্তভাৱে পোৱা তথ্যসমূহে এই মানুহখিনিৰ বিষয়ে কিছু কথা জানিবলৈ দিয়ে৷ কিন্তু সেই প্ৰসংগ-নিৰ্দেশ বা নথিসমূহৰ পৰাও কালক্ৰমিক ঘটনাপ্ৰৱাহ উদ্ঘাটন কৰাটো অতি কঠিন৷ তেওঁলোকৰ লোক-কথা আৰু লোক-গীতসমূহেই নিৰ্ভৰযোগ্য একমাত্ৰ উৎস য’ৰ পৰা জনগোষ্ঠীটোৰ অতীত ইতিহাস সম্বন্ধে সম্যক ধাৰণা এটা কৰিব পৰা যায়৷

    কাৰবিসকলৰ লোক-গীতসমূহে সূচায় যে দূৰ অতীতত তেওঁলোক কলং আৰু কপিলী নদীৰ তীৰ আৰু সমগ্ৰ কাজিৰঙা এলেকাতে বসতি কৰিছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেওঁলোকৰ নিবাসস্থলৰ ভিতৰুৱা আছিল৷ কছাৰী ৰজাৰ শাসন কালত তেওঁলোক পৰ্বতৰ ওপৰলৈ উঠিবলগীয়াত পৰে৷ তাৰে একাংশই জয়ন্তীয়া পাহাৰত পদাৰ্পণ কৰি তাত পূৰ্বৰে পৰাই ৰাজ্য পাতি থকা জয়ন্তীয়া ৰজাৰ তলতীয়া হিচাপে থাকিবলৈ লয়৷

    কাৰবিসকলৰ এটা অংশ জয়ন্তীয়া ৰাজ্যত ৰৈ যোৱাৰ বিপৰীতে বাকীসকলে কপিলীৰ উপনৈ বৰপানী পাৰ হৈ উত্তৰ-পূব দিশেৰে ৰংখাং পাহাৰলৈ গৈ ছ’চেং নামৰ ঠাইত ৰাজধানী স্থাপন কৰে৷ ইফালে জয়ন্তীয়া ৰজাৰ অধীনত থাকি যোৱাসকলে জয়ন্তীয়াৰ হাতত ধাৰাবাহিকভাৱে অন্যায়-অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়েই তেওঁলোকক উত্তৰ দিশে প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰায়৷ ভালেসংখ্যকে আহোম ৰাজ্যত প্ৰৱেশ কৰি ৰহাত থকা বৰফুকনক নিৰাপত্তা প্ৰদানৰ বাবেও আৱেদন জনাইছিল৷ এনেদৰে ১৭ শতিকাৰ আৰম্ভণিৰ পৰাই প্ৰব্ৰজন আৰম্ভ হৈছিল৷ আহোম সাম্ৰাজ্যলৈ প্ৰব্ৰজিত কাৰবিসকলে মানৰ আক্ৰমণৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ অসম আক্ৰমণকাৰী বাৰ্মিজ সৈন্যই জনসাধাৰণৰ ওপৰত অমানৱীয় উৎপীড়ন আৰু দুষ্কৰ্ম চলাইছিল৷ পাহাৰৰ নিম্ন বা মধ্যাংশত পতা ঘৰ-বাৰী ত্যাগ কৰি কাৰবিসকলে ঘন অৰণ্য আৰু উচ্চ স্থানত আশ্ৰয় লৈছিলগৈ৷ বাৰ্মিজ আক্ৰমণকাৰীৰ লুলোপ দৃষ্টিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গাভৰুবিলাকে নিজকে আপচু দেখুৱাবলৈ কপালৰ সোঁমাজৰ পৰা থুঁতৰি পৰ্যন্ত ক’লা ৰেখা টানি ‘দুক’ আঁকি লৈছিল৷ একাংশ কাৰবি লোক নামনি অসমৰ ফালে গুচি গৈছিল আৰু একাংশই ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ উত্তৰ পাৰে বসতি আৰম্ভ কৰিছিলগৈ৷

    ২. চং-কেদাম (ঢাল-তৰোৱাল লৈ কাৰবিসকলে কৰা পৰম্পৰাগত নৃত্য)

    . আঞ্চলিক বিভাজন

    বাসস্থানৰ দৃষ্টিকোণেৰে কাৰবিসকল তিনিটা গোটত বিভক্ত৷ ‘চিন্‌থং’, ‘ৰংহাং’ আৰু ‘আম্‌ৰি’৷ এই গোটকেইটাক ক্ৰমে চিন্‌থং, নিলিপ-ৰংহাং আৰু আম্‌ৰি মাৰ্‌লং বুলিও জনা যায়৷ সমতলৰ জিলাসমূহত বাস কৰা কাৰবিসকলক ‘ডুমুৰালি’ বোলা হয়৷ মৌলিকভাৱে গোটসমূহ ইটোৰ পৰা সিটো পৃথক নহয় আৰু ফৈদৰ সৈতেও বুজাত খেলিমেলি হোৱা অনুচিত৷

    . ৰাজনৈতিক ব্যৱস্থা

    ছ’চেঙৰ পৰা পিছলৈ কাৰবিসকলে নিজ ৰংখাঙলৈ তেওঁলোকৰ ৰাজধানী স্থানান্তৰ কৰে৷ হামৰেণ মহকুমাৰ সদৰ ঠাই (এতিয়া পশ্চিম কাৰবি আংলং জিলাৰ সদৰ) হামৰেণৰ পৰা প্ৰায় ১৬ কিল’মিটাৰ দক্ষিণে অৱস্থিত নিজ ৰংখাঙক ৰংহাং ৰংবং বুলিও কোৱা হয়৷ ‘পিনপ’মাৰ’ নামে ইয়াত এখন সদন আছে৷ এই সদনে ‘লিন্দকপ’’ অৰ্থাৎ পৰম্পৰাগত কাৰবি ৰজাক নিৰ্বাচন কৰে৷ সামাজিক আৰু ধৰ্মীয় বিষয়বোৰত লিন্দকপ’ই এতিয়াও পৰম্পৰাগত কৰ্তৃত্ব প্ৰয়োগ কৰি আহিছে৷ অতীজৰ কাৰবি ৰাজতন্ত্ৰত প্ৰতিখন গাঁৱৰে ‘ৰং ছাৰ্থে’ অৰ্থাৎ গাঁওবুঢ়াজনেই মুখিয়াল আছিল৷ লগালগিকৈ থকা কেইবাখনো গাঁও একত্ৰিত হৈ এখন ‘লংৰি’ গঠিত হৈছিল৷ লংৰিৰ প্ৰশাসনিক বিষয়াজনক ‘হাবে’ বা ‘হাবাই’ বোলা হৈছিল৷ কাৰবি ৰাজতন্ত্ৰত মুঠতে ১২খন লংৰি আছিল৷ এই লংৰিসমূহৰ পৰা ৪খন ‘আৰ্টু’ গঠন কৰা হৈছিল৷ ‘লিন্দক’ নামৰ প্ৰশাসক একোজনে প্ৰতিখন আৰ্টু চোৱা-চিতা কৰিছিল৷ ৪খন আৰ্টুৰ শীৰ্ষক লিন্দকজনক ‘ৰেচ’’ বা লিন্দকপ’ অৰ্থাৎ ৰজা বোলা হৈছিল৷

    . পৰম্পৰাগত শিক্ষানুষ্ঠান

    অন্যান্য জনগোষ্ঠীৰ দৰে কাৰবিসকলৰ সমাজতো আৱহমান কালৰে পৰাই চলি অহা কেতবোৰ পৰম্পৰাগত শিক্ষানুষ্ঠান আছিল৷ তাৰে কিছুমান আছিল সামাজিক-ৰাজনৈতিক ধাৰাৰ৷ কিছুমান আছিল অৰ্থনৈতিক চৰিত্ৰৰ৷ আধুনিক যুগৰ পৰিপ্ৰেক্ষিতত সেই শিক্ষানুষ্ঠানসমূহৰ কিছুমান আওপুৰণি হৈ পৰিল আৰু কিছুমানে সময়ৰ উত্থান-পতনৰ মাজতো এতিয়াও ধাৰাবাহিকতা বৰ্তাই ৰাখিছে৷ তেনেকুৱা কেইটামান শিক্ষানুষ্ঠানৰ বিষয়ে তলত উল্লেখ কৰা হ’ল৷

    . গাঁও পৰিষদ, মে’’

    কাৰবিসকলৰ পৰম্পৰাগত গাঁও পৰিষদক ‘মে’’ বুলি কোৱা হয়৷ এই পৰিষদখন গাঁৱৰ জ্যেষ্ঠ পুৰুষ সদস্যসকলৰ দ্বাৰা গঠিত৷ গাঁওখনৰ মুখিয়ালজন, ‘ছাৰ্থে’ অৰ্থাৎ গাঁওবুঢ়াই ইয়াত সভাপতিত্ব কৰে৷ অতিশয় গুৰুতৰ ধৰণৰ নোহোৱা সকলোবিলাক অভিযোগ ইয়াতে নিষ্পত্তি কৰা হয়৷ গাঁওবাসীৰ সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় জীৱনৰ দৰকাৰী নীতি-নিয়ম বলবৎকৰণত গাঁও পৰিষদে উল্লেখযোগ্য ভূমিকা লয়৷ সাম্প্ৰতিক সময়ত মে’ই তাহানিৰ গৰিমা হেৰুৱাইছে৷ যিকোনো বিবাদ-মামলাৰ ক্ষেত্ৰত আজিকালি মানুহে গাঁও পৰিষদৰ কাষ চপাৰ পৰিৱৰ্তে আইন-আদালতৰ ওচৰলৈ যোৱাটোহে পচন্দ কৰা হৈছে৷

    . ডেকাচাং, ফাৰ্লা(জিৰকেদাম)

    কাৰবিসকলৰ ডেকাচাঙক ‘তেৰাং আহেম’, ‘তেৰাং হংবাৰ’, ‘ফাৰ্লা’ আদি বিভিন্নভাৱে জনা যায় যদিও ‘জিৰকেদাম’ নামটো অধিক জনপ্ৰিয়৷ কাৰবি আংলং জিলাৰ সমতল অঞ্চলত, য’ত ডেকাচাং নাছিল, যুৱক সংঘৰ ডেকাসকলে কাৰ্যকাৰক পৃথক হ’লেও কম-বেছি পৰিমাণে অনুৰূপ ধৰণৰ কাম-কাজ চলাইছিল৷ জিৰকেদামত মূলতঃ ডেকাসকলকহে অন্তৰ্ভুক্ত কৰা হৈছিল৷ পাছলৈ কোনো দায়িত্ব ন্যস্ত কৰা নহ’লেও গাভৰুকো সাঙুৰি লোৱা হয়৷ দৰাচলতে জিৰকেদামত যোগদান কৰা মানে যুৱক-যুৱতীসকলে ভৱিষ্যতৰ কাৰণে নিজকে প্ৰস্তুত কৰি তোলা৷ এইটো এটা সাধাৰণ সংঘ নহয়, এখন ব্যৱহাৰিক শিক্ষালয়ো৷ স্থানীয়ভাৱে উপলব্ধ নিৰ্মাণ সামগ্ৰীসমূহেৰে গাঁৱৰ মধ্যস্থলত গৃহটি নিৰ্মাণ কৰা হৈছিল৷ দলপতি ‘ক্লেংছাৰ্প’’ আৰু উপ-দলপতি ‘ক্লেংদুন’কে ধৰি জিৰকেদামত ২৬গৰাকী পদবীধাৰী৷ শিক্ষাৰ বিস্তাৰৰ লগে লগে হৈ থকা উন্নয়নমূলক কাম-কাজে সমাজলৈ কঢ়িয়াই অনা ক্ষিপ্ৰ পৰিৱৰ্তনৰ সৈতে তাল মিলাবলৈ অক্ষম হোৱাত পৰম্পৰাগত এই অনুষ্ঠানটি ক্ৰমান্বয়ে মৃত্যুমুখী হৈ আহিল৷ পিছে আৰ্তজনলৈ সহায়ৰ হাত আগ বঢ়োৱাৰ ক্ষেত্ৰত কাৰবি গাঁও এখনৰ যুৱচামৰ যি উৎসাহ আৰু তৎপৰতা, ডেকাচাঙৰ অনুপস্থিতিয়েও তাক আজিকোপতিও ম্লান পেলাব পৰা নাই৷

    . সামাজিক জীৱন

    . ফৈদ আৰু বিবাহ

    ৩. নৱ-বিবাহিত কাৰবি দম্পতী

    কাৰবিসকলৰ পাঁচোটা ‘কুৰ’ অৰ্থাৎ ফৈদ আছে৷ সেয়া হ’ল ইংতি, ইংহি, তেৰাং, টেৰণ আৰু তিমুং৷ পাঁচোটা ফৈদৰে ভালেমান উপ-ফৈদো আছে৷ ইংহি আৰু তিমুঙৰ প্ৰতিটোৰে ৩০টাকৈ, তেৰাং আৰু টেৰণৰ প্ৰতিটোৰে ৬টাকৈ আৰু ইংতিৰ ৪টা উপ-ফৈদ আছে৷ এই ফৈদসমূহ সম্পূৰ্ণভাৱে বহিৰ্জাত৷ একে ফৈদৰ সন্তানবোৰক ককাই-ভাই, বাই-ভনী হিচাপে গণ্য কৰা হয়৷ সেয়েহে একে ফৈদৰ ল’ৰা আৰু ছোৱালীৰ মাজত বিবাহ কেতিয়াও সম্পন্ন নহয়৷ প্ৰচলিত নিয়ম উলংঘা কৰিলে দম্পতী সমাজচ্যুত হ’বলগীয়া হয়৷ আনকি সমাধিথল ‘তিপিত’ বা ‘থিৰি’তো প্ৰতিটো ফৈদৰ বাবে সীমা নিৰ্ধাৰণ কৰা থাকে৷ সামাজিকভাৱে কেউটা ফৈদেই সমতুল্য যদিও পুৰোহিত হোৱা হেতুকে আগৰ দিনত ইংতি ফৈদে উচ্চ হিচাপে মৰ্যাদা পাইছিল৷ একস্ত্ৰী বিবাহ পূৰ্বৰে পৰাই চলি আহিছে যদিও বহুস্ত্ৰী বিবাহতো সমাজৰ বাধা নাই, যদিওবা বহুস্ত্ৰী বিবাহৰ উদাহৰণ কাৰবি সমাজত খুব কম৷ মোমাই সম্বন্ধীয়ৰ মাজত হোৱা বিবাহেই সৰ্বোত্তম৷ অন্যান্য জনজাতি সমাজৰ দৰে কাৰবিসকলৰো গা-ধন দিয়া-লোৱাৰ প্ৰথা নাই৷ বিয়াৰ পাছত কইনাই পিতৃৰ উপাধিকে ব্যৱহাৰ কৰে৷ সতি-সন্ততিসকলে দেউতাকৰ উপাধি লয়৷ কাৰবিসকলে পিতৃতান্ত্ৰিক পৰিয়াল গাঁথনি অনুসৰণ কৰে৷

    . গাঁৱৰ গঠন

    কাৰবিসকলে গাঁও পাতি বাস কৰে৷ প্ৰত্যেক গাঁৱৰে একোজন মুখিয়াল থাকে যাক ‘চাৰ্থে’ অৰ্থাৎ গাঁওবুঢ়া বোলা হয়৷ তেওঁ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত৷ প্ৰতিখন ৰাজহ গাঁও কেইকিল’মিটাৰমান আঁতৰে আঁতৰে অৱস্থিত কিছুমান ক্ষুদ্ৰ গাঁৱৰ সমষ্টি৷ এই ক্ষুদ্ৰ গাঁওসমূহৰো একোজনকৈ গাঁওবুঢ়া থাকে৷ কাৰবি গাঁৱৰ নামকৰণ গাঁওবুঢ়াৰ নাম অনুযায়ী হয়৷ অন্যান্য পাৰ্বত্য জনজাতিৰ দৰে কাৰবিসকলৰো পাহাৰৰ ওপৰৰ অংশত বসতি কৰাৰ প্ৰৱণতা দেখা যায়৷ কিন্তু সংকুচিত অঞ্চলত তেওঁলোক সাধাৰণতে নাথাকে৷ কাৰবি গাঁওবিলাক কেৱল আকাৰত সৰুৱেই নহয়, সিঁচৰতিও হৈ থাকে৷ কাৰবি আংলং জিলাৰ সমতল অংশত, য’ত কাৰবি লোকসকলে স্থায়ীভাৱে খেতি-বাতি কৰে, য’ত গাঁওবুঢ়া যথেষ্ট প্ৰভাৱশালী, তাত গঞাসকলক স্থায়ীভাৱে বাস কৰা দেখিবলৈ পোৱা যায়৷ কিন্তু ভিতৰুৱা অঞ্চলসমূহত, য’ত জুমখেতি কৰা হয়, গাঁওসমূহ স্থানান্তৰিত হোৱাৰ অভ্যাস এতিয়াও আছে৷ এনে দস্তুৰ চলি থকাৰ কাৰণবোৰ কোনো কোনো ক্ষেত্ৰত অৰ্থনৈতিক আৰু কেতিয়াবা সামাজিক৷ তলত উল্লেখ কৰাবিলাক ইয়াৰ কাৰণ বুলি গণ্য কৰিব পাৰি৷

    ক. ৰাজহ গাঁৱেই হওক বা ক্ষুদ্ৰ গাঁৱেই হওক, গাঁওবুঢ়াৰ পদবীটো অতি লোভনীয় আৰু সন্মানীয়৷ সমাজৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠান বা উৎসৱত পোনপ্ৰথমে গাঁওবুঢ়াজনকে সন্মান যচাটো পৰম্পৰা৷ গাঁওখনো তেওঁৰ নামতে হয়৷ গতিকে কাৰবি গাঁও এখনত এই পদটিৰ প্ৰতি বহুতৰে প্ৰত্যাশা থাকে৷ কোনোৱে যদি ভাবে যে তেওঁ বাস কৰি থকা গাঁওখনত থাকিলে সেই আকাংক্ষা পূৰণ হোৱাৰ কোনো সুযোগ নাই, তেতিয়া তেওঁ গাঁওখন ত্যাগ কৰি নিজৰ অনুগামীসকলক লৈ নতুনকৈ গাঁও এখন প্ৰতিষ্ঠা কৰে আৰু আপোনা-আপুনি নিজেই সেই গাঁওখনৰ গাঁওবুঢ়া হৈ পৰে৷

    খ. কাৰবিসকলে বসতি কৰি থকা গাঁও এখনৰ গাঁওবাসীয়ে যদি ভাবে যে সেইডোখৰ দেও লগা ঠাই, ভূত-প্ৰেত বা দুষ্ট আত্মাৰ সঘন বিচৰণথলী, তেতিয়া তেওঁলোকে নতুন এডোখৰ ঠাইলৈ স্থানান্তৰিত হয়৷ উক্ত কাৰ্যত আগ-ভাগ লোৱাজন তেতিয়া গাঁওবুঢ়া হৈ পৰে৷

    গ. জুম পদ্ধতিৰে অৰ্থাৎ ঠাই সলাই কৰা খেতিৰ বাবেও নতুন নতুন স্থানৰ সন্ধানত ১০ৰ পৰা ২০ কিল’মিটাৰ দূৰত্বলৈ গাঁও একোখন সঘনাই স্থানান্তৰিত হোৱা দেখা যায়৷

    ৪. জুমতলীত গুটি সিঁচাত ব্যস্ত খেতিয়ক

    কৃষিয়ে কাৰবিসকলৰ প্ৰধান জীৱিকা৷ হাবি-জংঘল চাফা কৰি পাহাৰত তেওঁলোকে জুম খেতি কৰে৷ জুমতলীত মিশ্ৰ শস্যৰ খেতি কৰা হয়৷ এনে মাটি নথকা অৱস্থানত তেওঁলোকে দ খেতি কৰে৷

    . গৃহ

    ৫. আদৰ্শ কাৰবি গৃহ

    আদৰ্শ কাৰবি গৃহ একোটা আকাৰত বৰ সৰুও নহয়, খুব ডাঙৰো নহয়৷ বাঁহৰ খুঁটাৰ ওপৰত বাঁহৰ চাং সাজি ওপৰৰ অংশ নিৰ্মাণ কৰা হয়৷ মাটিৰ পৰা চাংখনৰ উচ্চতা কেইবা ফুটো৷ চাল চাবৰ বাবে খেৰ ব্যৱহাৰ কৰা হয়৷ ফলা বাঁহেৰে সজা বেৰাত মাটি লেপি ঘৰটোৰ বেৰ তৈয়াৰ কৰে৷ ঘৰটোৰ দুখন বাৰাণ্ডা থাকে৷ এখন সন্মুখত আৰু আনখন পাছফালে৷ ঘৰটো দীঘলে দীঘলে দুভাগত বিভক্ত৷ সোঁমাজত জুহালৰ সৈতে সন্মুখৰ কোঠাটোক ‘কাম’ বা আলহী কোঠা বোলে৷ পৰিয়ালৰ শোৱনি কোঠা হিচাপে ব্যৱহাৰ কৰা ভিতৰৰ কুঠৰীটোক ‘কুট’ বোলা হয়৷ সন্মুখৰ বাৰাণ্ডালৈ উঠিবৰ বাবে কাঠ বা বাঁহৰ খটখটি ৰখা হয়৷ চাঙৰ তলত সাধাৰণতে পোহনীয়া জীৱ-জন্তুবোৰ ৰাখে৷

    ৬. কাৰবি গৃহৰ সন্মুখভাগ

    পৰম্পৰাগত গৃহসজ্জা কাৰবিসকলে অৱশ্যে কম-বেছি পৰিমাণে পৰিত্যাগ কৰিছে৷ ওখকৈ বাঁহৰ চাং সজাৰ পৰিৱৰ্তে তেওঁলোকে মাটিৰ ওপৰতে ঘৰ সাজি লয়৷ পৰম্পৰাগত বা আধুনিক যিয়েই নহওক, ঘৰ সাজিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ওচৰৰ বনাঞ্চল আৰু বজাৰৰ পৰা সংগ্ৰহ কৰা হয়৷

    . উৎসৱ

    কাৰবিসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত চ’জুন, ৰংকেৰ, চক্‌-কেৰয়, হাচ্চাকেকান, চ’মাংকান ইত্যাদিৰ নাম ল’ব পাৰি৷ উল্লিখিত প্ৰথম চাৰিটা উৎসৱ সামাজিক কিম্বা ধৰ্মীয় প্ৰকৃতিৰ আৰু শেহৰটো হৈছে সামাজিক৷

    চ’জুন পূজাৰ ঠাইখিনি সাধাৰণতে এই পূজা পাতিবলৈ মনস্থ কৰা পৰিয়ালটোৰ বাসস্থানৰ কাষতে নিৰ্বাচন কৰা হয়৷ এই পূজাৰ উপাস্য বাৰিথে, ছাৰ, আৰ্‌নি, হিঈ আৰু অন্যান্য দেৱতাগণ৷ কাৰবিসকলৰ সৰ্বোচ্চ দেৱতা হেম্‌ফুৰো আৰাধনা কৰা হয়৷ পৰিয়ালৰ মংগলৰ বাবে এই পূজা-অৰ্চনা আগ বঢ়ায়৷

    গাঁৱৰ মংগল কামনা কৰি বিভিন্ন দেৱ-দেৱীৰ বন্দনাৰে নতুন বছৰৰ আৰম্ভণিতে ৰংকেৰ পূজা পতা হয়৷ গাঁৱৰ বয়সস্থ পুৰুষসকলে এই পূজা-পাতল কৰে যাতে দেৱ-দেৱীৰ আশীৰ্বাদত গঞা ৰাইজ বেমাৰ-আজাৰ, প্ৰাকৃতিক দুৰ্যোগৰ পৰা মুক্ত থাকে আৰু খেতি-বাতি ভাল হয়৷ পূজাথলীত নাৰীৰ প্ৰৱেশ নিষেধ৷

    কাৰবিসকলৰ মাজত এবিধ বিশেষ ধৰণৰ ৰংকেৰ পূজাৰো ব্যাপকভাৱে প্ৰচলন আছে৷ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে আয়োজিত এই পূজাক ৱ’ফং ৰংকেৰ বোলে৷ এটা মৌজাৰ অন্তৰ্গত থকা আটাইকেইখন গাঁৱৰ বাসিন্দাৰে আশু-মংগল কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়৷ প্ৰতিখন ৰাজহ গাঁৱৰে গাঁওবুঢ়া আৰু বয়সস্থ পুৰুষে ইয়াত প্ৰতিনিধিত্ব কৰে৷ এখন গাঁৱে অনুষ্ঠিত কৰা ৰংকেৰ পূজা এদিনীয়া৷ আনহাতে ৱ’ফং ৰংকেৰৰ আয়োজন দুদিনীয়া৷

    খেতি পথাৰ যেতিয়া শস্যশ্যামলা হৈ উঠে তেতিয়া পালন কৰা হয় চক্‌-কেৰয় উৎসৱ৷ পকা ধান কাটি পথাৰতে এঠাইত গোটোৱা হয়৷ গুটিধান উলিওৱাৰ পাছত যুৱকসকলে বেগত ভৰাই ঘৰলৈ কঢ়িয়ায়৷ তেনে সময়ত আনন্দৰ জোৱাৰ উঠে৷ অন্তৰৰ আনন্দত যুৱকসকলে নাচে৷ চক্‌-কেৰয়ৰ অৰ্থ হৈছে পথাৰৰ পৰা ধান কঢ়িওৱা৷ এই উৎসৱত এজন লোকক নেতা হিচাপে নিৰ্বাচন কৰা হয়, যি নৃত্য-গীতত নেতৃত্ব দিয়ে৷ তেওঁক ‘লুন্‌ছে’ বোলা হয়৷ নৃত্য-গীতৰো তেৱেঁই নিৰ্দেশক৷

    হাচ্চাকেকান লোক-গীত নিৰ্ভৰ নহয়, খেতি চপোৱাৰ পাছৰ আনন্দৰ সৈতেহে বিজড়িত৷ ইয়াত কোনো ধৰণৰ শংকাৰ উপাদান নাই আৰু কোনো ঈশ্বৰৰ প্ৰশস্তিও নাই৷ সেয়েহে হাচ্চাকেকান ধৰ্মনিৰপেক্ষ৷ ঈশ্বৰৰ গুণ-গানসম্পন্ন ৰংকেৰৰ সৈতে ইয়াৰ পাৰ্থক্য আছে৷

    কাৰবিসকলে মৃতদেহ সৎকাৰৰ সময়ত কাজ-কৰ্ম কৰিলেও মৃতকৰ আত্মাৰ সদ্‌গতিৰে পৰৱৰ্তী সময়ত শ্ৰাদ্ধ অনুষ্ঠান ‘চ’মাংকান’ অনুষ্ঠিত কৰে৷ তেওঁলোকৰ সামাজিক আৰু ধৰ্মীয় জীৱনত এইটো অতি বহল আৰু ব্যয়বহুল আয়োজন৷ চাৰি দিন চাৰি নিশা জুৰি একেৰাহে চলে৷ এই অনুষ্ঠানলৈ কোনো আনুষ্ঠানিক নিমন্ত্ৰণ নাই৷ সকলোকে উষ্ণ আদৰণিৰে স্বাগতম জনোৱা হয়৷ দুখৰ মাজতো পৰিয়ালৰ বাবে এয়া গৰ্বৰ সময়৷ গাঁওসমূহৰ পৰা দলবদ্ধভাৱে আহি ইয়াত যোগদান কৰে৷ প্ৰত্যেকে পাঁচটা শাখাযুক্ত কাষ্ঠদণ্ডসহ অংশ গ্ৰহণ কৰে৷ মূল দণ্ডক বাদ দি প্ৰতিডাল দণ্ডৰে মূৰত কাঠেৰে সজা একোটা ‘ৱ’ৰালি’ চৰাই থাকে৷ দণ্ডডালক ‘জাম্বিলী আথন’ বোলা হয়৷ এইডাল হৈছে কাৰবি জনগোষ্ঠীটোৰ প্ৰতীকি দণ্ড যি ফৈদসমূহৰ একতাক প্ৰতিনিধিত্ব কৰে৷

    ৭. জাম্বিলী আথন

    জাম্বিলী এক আকৰ্ষণীয় পৰিঘটনা৷ কাৰবিসকলৰ পাঁচোটা ফৈদ আছে আৰু জাম্বিলীৰো পাঁচডাল শাখা আছে৷ ইয়াৰ অন্তৰালত জড়িত হৈ আছে কাৰবিসকলৰ ‘মুছেৰা কেহিৰ’ নামক সৃষ্টিতত্বৰ কাহিনী-গীত৷

    . সাজ-পোছাক

    ৮. চয়-আং

    কাৰবিসকলৰ শৈল্পিক সাজোনেৰে তৈয়াৰী পৰম্পৰাগত সাজ-পোছাক আছে৷ ঘৰুৱা তাঁতশালত এইবোৰ বৈ লোৱা হয়৷ পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক বস্ত্ৰ৷ বয়সস্থ পুৰুষে শিল্পীসুলভ সজ্জাৰে তৈয়াৰী চোলা ‘চয়-আং’ আৰু যুৱকে ‘চয়-ইক্‌’ ব্যৱহাৰ কৰে৷ পুৰুষসকলে ‘ৰিকং’ নামৰ কৌপীন ব্যৱহাৰ কৰে৷ আজিকালি অৱশ্যে অধিকাংশ পুৰুষে ইয়াৰ ব্যৱহাৰ এৰিছে৷ ভিতৰুৱা ঠাইত বিবাহিত আৰু বয়সস্থ পুৰুষৰ মাজতহে প্ৰচলন দেখা যায়৷ কাৰবি পুৰুষে দেহত ৰেছমৰ ৰঙচুৱা ‘ৰিকং কে-এৰ’সহ ‘চয়-আং’ চোলা পিন্ধি কান্ধত গামোচা আৰু মূৰত এৰী কাপোৰৰ পাগুৰি ‘পহ’’ মেৰিয়ায়৷ কাৰবি পুৰুষে মূৰত মৰা পাগো খৰতকীয়াভাৱে অদৃশ্য হ’ব ধৰিছে৷

    কাৰবি মহিলা আৰু যুৱতীয়ে মেখেলাৰ দৰে কঁকালত পিন্ধা বস্ত্ৰ ‘পিনি’ ব্যৱহাৰ কৰে৷ দেহৰ ওপৰৰ অংশত শিল্পীসুলভতাৰে তৈয়াৰী ‘পেকক্‌’ পিন্ধে৷ কঁকালত অতিশয় শৈল্পিক সজ্জাৰে তৈয়াৰী পেটী ‘ৱামকক্‌’ মেৰিয়ায়৷ শীতকালত মহিলাসকলে ৰঙীন আৰু দীঘলকৈ আঁচ পৰা এৰী চাদৰ ‘খন্‌জাৰি’ ব্যৱহাৰ কৰে৷ চ’মাংকানৰ সময়ত যুৱতীসকলে বিশেষভাৱে তৈয়াৰী এৰীয়া কাপোৰ ‘দুক-ফিৰ্‌ছ’’ লয়৷ কাৰবি মহিলা আৰু যুৱতীসকল তেওঁলোকৰ পৰম্পৰাগত পোছাকৰ প্ৰতি অতি শ্ৰদ্ধাশীল৷ আধুনিক যুগৰ শক্তিশালী প্ৰতিযোগিতাৰ দিনতো তেওঁলোকে এইবোৰ ধৰি ৰাখিছে৷

    . নৃত্য আৰু সংগীত

    ৯. ঢাল আৰু ঢোল (চ’মাংকানৰ নৃত্যৰ অপৰিহাৰ্য অংগ)

    কাৰবি সমাজ-জীৱনত নৃত্য-গীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ চ’মাংকান আৰু আন আন সামাজিক তথা ধৰ্মীয় উৎসৱত যুৱকসকলে বিভিন্ন প্ৰকাৰৰ নৃত্য প্ৰদৰ্শন কৰে৷ শস্য চপোৱাৰ অন্তত কৰা নৃত্য হাচ্চাকেকান প্ৰাণৱন্ত আৰু অতিশয় আকৰ্ষণীয়৷ লোক-গীতেই হওক কিম্বা ধৰ্মীয়ই হওক, পৰম্পৰাগত গীত-মাতবোৰ সাধাৰণতে অৰ্থ জনা বিশেষজ্ঞ আৰু সুমধুৰ কণ্ঠৰ গৰাকীয়ে পৰিৱেশন কৰে৷ মৃতকৰ নীতি-নিয়ম আৰু দহাৰ সময়ত ‘উচেপী’ নামৰ গায়িকাই বিৰহ-গীত ‘চাৰ্হে’ পৰিৱেশন কৰে৷ ‘ছাবিন আলুন’ কাৰবিসকলৰ ৰামায়ণ৷ মন কৰিবলগীয়া যে তেওঁলোকৰ ৰামায়ণ অলিখিত৷ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ই মুখে মুখে বাগৰি আহিছে৷

    ১০. চ’মাংকানৰ নৃত্যৰ এটা মুহূৰ্ত

    কাৰবিসকলৰ সীমিতসংখ্যক বাদ্যযন্ত্ৰও আছে৷ বৃহৎ আকাৰৰ ঢোল ‘চেং’ তাৰ ভিতৰত মুখ্য৷ সাধাৰণতে ‘দুহুইদি’ নামৰ বাদকজনে ঢোল বজায়৷ ‘চেংবুৰুপ’ নামে সৰু আকৃতিৰ ঢোলো তেওঁলোকৰ আছে৷ ‘মুৰি’ আৰু ‘পংছি’ নামে ক্ৰমে কাঠ আৰু বাঁহেৰে তৈয়াৰী দুই প্ৰকাৰৰ বাঁহী আছে৷ কেতবোৰ নৃত্যত যুদ্ধত ব্যৱহৃত, গঁড়ৰ ছালেৰে নিৰ্মিত ‘চং’ অৰ্থাৎ ঢাল আৰু বিশেষ আকৃতিৰ তৰোৱাল ‘নক্‌’ ব্যৱহাৰ কৰে৷

    . গহনা-গাঁঠৰি

    ১১. কেইবিধমান আ-অলংকাৰ

     

    অতীতত কাৰবি পুৰুষে পিতলেৰে তৈয়াৰী কাণফুলি ‘ন’ৰিক’, ৰূপেৰে তৈয়াৰী খাৰু ‘ৰয়’, ৰূপৰ নেক্‌লেচ্‌ ‘লেক্‌-ৰুৱে’ আৰু ‘লেক্‌-জিন্‌জিৰি’ পৰিধান কৰিছিল৷ আজিকালি অৱশ্যে কোনো পুৰুষকে এইসমূহ ব্যৱহাৰ কৰা দেখা নাযায়৷ বয়সিয়াল কাৰবি মহিলাই পিন্ধা খুব ধুনীয়া অলংকাৰবিধ হৈছে ‘ন’থেংপি’৷ ৰূপেৰে নিৰ্মিত, ডাঙৰ আকৃতিৰ এই কাণফুলিক দুটা অংশত বিভক্ত কৰিব পাৰি৷ মহিলা আৰু ছোৱালীয়ে ৰূপৰ খাৰু ‘ৰূপ-আৰয়’ পিন্ধে৷ বগা মণিৰে তৈয়াৰ কৰা নেক্‌লেচ্‌ ‘লেক্‌-ল-ছ’’ৰ উপৰি ৰূপৰ মোহৰ আৰু ৰঙা মণিৰে তৈয়াৰী ‘লেক্‌-হিকি’ও পিন্ধে৷

    সামৰণি

    সাহিত্যৰ ক্ষেত্ৰখনত পদ্মশ্ৰী ৰংবং তেৰাং, লংকাম টেৰণ, ডক্টৰ ফুকন চন্দ্ৰ ফাংচ’, লুন্‌ছে তিমুং, ছামছিং হাঞ্চে, জিত ৰংপি, ছং বে’ আৰু আন আন বহুজনে কাৰবি সাহিত্যৰ উত্তৰণৰ হকে তাৎপৰ্যপূৰ্ণ বৰঙণি আগ বঢ়াইছে৷ কাৰবি সাহিত্য সভা ‘কাৰবি লাম্‌মেত আমেই’ও প্ৰসংগক্ৰমে উল্লেখযোগ্য৷৷ নিজৰ ভাগ্য-চকৰিৰ পৰিৱৰ্তন সাধনৰ অভিপ্ৰায়েৰে বিভিন্ন ক্ষেত্ৰৰ উন্নয়নমূলক আঁচনিসমূহ গ্ৰহণ কৰিবলৈ কাৰবিসকল এতিয়া ওলাই আহিছে৷ সমসাময়িকভাৱে, কাৰবিযে এটা পৃথক জনগোষ্ঠী তাক প্ৰতিপন্ন কৰা স্বতন্ত্ৰ সংস্কৃতিৰো লালন-পালন কৰি আছে৷

    ………….

    ফটোৰ শিৰোনাম (একাদিক্ৰমে)

    ১. ‘ৰংফাৰপী ৰংবে’, স্বাধীনতা সংগ্ৰামৰ দৃশ্যপট

    ২. চং-কেদাম (ঢাল-তৰোৱাল লৈ কাৰবিসকলে কৰা পৰম্পৰাগত নৃত্য)

    ৩. নৱ-বিবাহিত কাৰবি দম্পতী

    ৪. জুমতলীত গুটি সিঁচাত ব্যস্ত খেতিয়ক

    ৫. আদৰ্শ কাৰবি গৃহ

    ৬. কাৰবি গৃহৰ সন্মুখভাগ

    ৭. জাম্বিলী আথন

    ৮. চয়-আং

    ৯. ঢাল আৰু ঢোল (চ’মাংকানৰ নৃত্যৰ অপৰিহাৰ্য অংগ)

    ১০. চ’মাংকানৰ নৃত্যৰ এটা মুহূৰ্ত

    ১১. কেইবিধমান আ-অলংকাৰ