কাৰবি আংলং জিলা অসমৰ মধ্যভাগত অৱস্থিত৷ ইয়াৰ পূব সীমাত নাগালেণ্ড আৰু গোলাঘাট জিলা, পশ্চিমে হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলা, দক্ষিণে নাগালেণ্ড আৰু ডিমা হাচাও জিলাই ঘেৰি আছে৷ গ্ৰীষ্মপ্ৰধান ঘন অৰণ্যৰে ঢকা পাহাৰ আৰু বিস্তৃত সমতলভূমিৰে পৰিপূৰ্ণ এই জিলা ২৫০৩৩’-২৬০৩৫’ উত্তৰ অক্ষাংশ আৰু ৯২০১০’-৯৩০৫০’ পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত৷
কাৰবি আংলং জিলাৰ বিষয়ে সংক্ষিপ্ত টোকা
ভূমিকা
১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে অসমৰ জনসাধাৰণে সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা নামে এখন নতুন জিলাৰ জন্ম প্ৰত্যক্ষ কৰিলে। মধ্য অসমৰ জনজাতীয় ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ অৰ্থে শিৱসাগৰ (এতিয়া গোলাঘাট), নগাঁও, কাছাৰ আৰু বৰ্তমান মেঘালয় ৰাজ্যৰ সংযুক্ত খাচিয়া আৰু জয়ন্তীয়া জিলাৰ অংশবিশেষ সামৰি ৩ নৱেম্বৰ ১৯৫১ তাৰিখৰ চৰকাৰী অধিসূচনা নং TAD/R.31/50/201 মৰ্মে এই নতুন জিলাখন যথাবিধি সৃষ্টি কৰা হৈছিল৷ ১৯৭০ চনত পূৰ্বৰ সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন ‘মিকিৰ পাহাৰ’ আৰু ‘উত্তৰ কাছাৰ পাহাৰ’ নামে দুখন পৃথক জিলাত বিভাজিত হয়। ১৯৭৬ চনৰ ১৪ অক্টোবৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী অধিসূচনা নং TAD/R/115/74/47, দিনাংক 14-10-1976 মৰ্মে মিকিৰ পাহাৰ জিলাখন ‘কাৰবি আংলং জিলা’ নামকৰণেৰে বিভূষিত হয়৷ এনেকৈয়ে ডিফুক সদৰ হিচাপে লৈ কাৰবি আংলং জিলাই অসমৰ মানচিত্ৰত এখন পূৰ্ণাংগ পৃথক জিলাৰূপে স্থান লাভ কৰে। এই জিলাখনে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্গত স্বায়ত্তশাসনৰ সুবিধা উপভোগ কৰি আহিছে৷ অসমৰ ভিতৰত এইখন বৃহৎ জিলা।
হামৰেণ মহকুমাৰ পৃথকীকৰণ
অসমৰ কাৰবি আংলং জিলাৰ হামৰেণ মহকুমাৰ হামৰেণক সদৰ হিচাপে লৈ ২০১৬ চনত নতুন জিলা পশ্চিম কাৰবি আংলং গঠন কৰা হৈছে৷ এই জিলাখন কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰে অংশবিশেষ৷
জলবায়ু
পৃষ্ঠভূমিৰ উচ্চতাৰ তাৰতম্যৰ বাবে এই পাৰ্বত্য অঞ্চলটোৰ ভিন্ন স্থানত জলবায়ুৰ প্ৰকাৰো ভিন্ন ভিন্ন৷ অক্টোবৰ মাহত শীতকাল আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী পৰ্যন্ত ঠাণ্ডা থাকে৷ গ্ৰীষ্মৰ সময়ছোৱাত জলবায়ু উষ্ণ হয়৷ শীতকালত তাপমাত্ৰা ৬ ডিগ্ৰীৰ পৰা ১২ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত থাকে৷ আনহাতে গৰমকালি ২৩ ডিগ্ৰীৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াচ হয়৷ বৰষুণৰ পৰিমাণ গড়ে প্ৰায় ২,৪১৬ মিলিমিটাৰ৷
জনসংখ্যাৰ গাঁথনি
মূল অধিবাসী জনজাতীয়সকলে জিলাখনৰ জনসংখ্যাৰ সিংহভাগ অধিকাৰ কৰি আছে৷ জিলাখনৰ প্ৰধান নৃগোষ্ঠীয় গোটকেইটা হ’ল কাৰবি, বড়ো, কুকি, ডিমাচা, মাৰ, গাৰো, ৰেংমা নগা, তিৱা, মান (টাইভাষী)৷ এইসমূহৰ বাহিৰে ভালেসংখ্যক অজনজাতীয় লোকেও পাৰ্বত্য জিলাখনত বসবাস কৰি আহিছে৷
ভূগোল
ক. নদ-নদী
জিলাখনত ভালেসংখ্যক নদী-উপনদী আছে৷ সেইবোৰৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল-
১. আমৰেং নদী
২. বৰপানী নদী
৩. কলিয়নি নদী
৪. ধনশিৰি নদী
৫. ডিখাৰু নদী
৬. নামবৰ নদী
৭. দেওপানী নদী
৮. যমুনা নদী
৯. পাত্ৰাদিছা নদী
১০. লংনিত নদী
১১. দৈগ্ৰোং নদী
খ. বন-বননি
১৪খন ৰাজ্যিক বনাঞ্চল আৰু ১৭ খন জিলা পৰিষদ বনাঞ্চলে জিলাখনৰ ৪,৯২২.০১৯ বৰ্গ কিল’মিটাৰ এলেকা আৱৰি আছে৷
গ. সৰ্বোচ্চ শৃংগ
জিলাখনৰ অধিকাংশই পাহাৰ যদিও কিছু অংশক পৰ্বতৰ শাৰীত ধৰিব পাৰি৷ তাৰ ভিতৰত সৰ্বাধিক উচ্চ হৈছে সিংহাসন শৃংগ, যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১,৩৬০ মিটাৰ৷
ঘ. প্ৰাকৃতিক সম্পদ
খনিজ – পাহাৰীয়া জিলাখনত বিভিন্ন ধৰণৰ খনিজাত দ্ৰব্য পোৱা যায়৷
ক. চূণশিল – ডিলাই আৰু চাইনিলাংছ’ এলেকাত পোৱা যায়৷
খ. চীনামাটি – আপাৰ দেওপানী আৰু শিলনিজান এলেকাত পোৱা যায়৷
গ. ফেলস্পাৰ – কয়লাজান এলেকাত পোৱা যায়৷
ঘ. কয়লা – কয়লাজান আৰু শিলভেটা এলেকাত পোৱা যায়৷
কৃষি
জিলাখন ঘাইকৈ কৃষিপ্ৰধান৷ মূল শস্য ধানৰ উপৰি আন আন ধৰণৰ খেতি-বাতি ইয়াত কৰা হয়৷ উপত্যকা আৰু সমতলৰ বাদে মানুহে জুম পদ্ধতিৰে কৃষি-কৰ্ম কৰে৷
পথ আৰু যাতায়াত
বিভিন্ন পথৰ সহায়ত জিলাখন অন্য জিলাৰ সৈতে সংযুক্ত৷ উত্তৰত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পূবত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ অভ্যন্তৰীণ বাট-পথসমূহ গড়কাপ্তানি বিভাগে সামৰি লৈছে৷
গুৱাহাটীৰ পৰা পথেৰে ডিফুলৈ দূৰত্ব (৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে) ২৫৯ কিল’মিটাৰ৷
ডিমাপুৰৰ পৰা ডিফুলৈ (৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে) ৫৫ কিল’মিটাৰ৷
ৰে’লপথ
উত্তৰ-পূব সীমান্ত ৰে’লৱেই জিলাখনক চুই গৈছে৷ এই জিলাৰ অন্তৰ্গত ৰে’ল ষ্টেছনসমূহ হ’ল বৰলাংফাৰ, লাংছ’লিয়েট, নিলালং, ডিফু, দলদলি, ধনশিৰি, ৰঙাপাহাৰ, খটখটি আৰু বোকাজান৷
গুৱাহাটীৰ পৰা ৰে’লেৰে ডিফুলৈ দূৰত্ব ২১৩ কিল’মিটাৰ৷
ডিমাপুৰৰ পৰা ডিফুলৈ ৩৮ কিল’মিটাৰ৷
বিমান বন্দৰ
জিলাখনত কোনো বিমান বন্দৰ নাই৷ নিকটৱৰ্তী বিমান বন্দৰ হৈছে ডিমাপুৰ, যাৰ দূৰত্ব ডিফুৰ পৰা ৬১.২০ কিল’মিটাৰ৷
উদ্যোগ
কেঁচামালেৰে উপচি আছে যদিও জিলাখনত মাত্ৰ কেইটামান উদ্যোগহে গঢ় লৈ উঠিছে৷ সেইসমূহ হ’ল-
ক. ১. বোকাজান চিমেণ্ট ফেক্টৰী, ২. কাৰবি কেমিকেল মিনি চিমেণ্ট ফেক্টৰী
খ. খাদ্য প্ৰস্তুতকৰণ – অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম (KANCH)
গ. কৃষিভিত্তিক – ১. ৰবৰ উদ্যোগ, ২. চিত্ৰনেলা উদ্যোগ
ঙ) চাহবাগিচা – জিলাখনত সৰ্বমুঠ ১৫খন চাহবাগিচা আছে৷ সেইবোৰ হ’ল-
লেঙৰী চাহবাগিচা, বোকাজান চাহবাগিচা, লাহৰিজান আৰু নিৰ্মল কুমাৰ চাহবাগিচা, ৰামনগৰ চাহবাগিচা, দেওপানী চাহবাগিচা, ধনশিৰি চাহবাগিচা, বনস্পতি চাহবাগিচা, বৰপথাৰ চাহবাগিচা, ভাগৱতী চাহবাগিচা, নুমলিগড় চাহবাগিচা, শিলনিজান চাহবাগিচা, ৰাংচালি চাহবাগিচা, নিউ ৰাংচালি চাহবাগিচা, গ্ৰীণ ভেলী চাহবাগিচা, সোবনেশ্বৰী চাহবাগিচা৷