মটৰগাড়ী চলোৱাৰ প্ৰথ্ম ঢাপটো হ’ল শিকাৰুৰ অনুজ্ঞা-পত্ৰ এখন লাভ কৰা৷ শিকাৰুৰ অনুজ্ঞা-পত্ৰ পাবৰ বাবে এজন ব্যক্তিয়ে বাস কৰা বা ব্যৱসায়-বাণিজ্য কৰি থকা নিজৰ অধিক্ষেত্ৰৰ অন্তৰ্গত সংশ্লিষ্ট কৰ্তৃপক্ষক আৱেদন জনাব লাগিব৷ এই অনুজ্ঞা-পত্ৰ সম্পূৰ্ণ অস্থায়ী, যাৰ ম্যাদ মাত্ৰ ৬ মাহলৈহে বৰ্তি থাকে৷ আৱেদনকাৰীক গাড়ীচালনা শিকাৰ উদ্দেশ্যে এই অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হয়৷
অনুজ্ঞা-পত্ৰৰ আৱেদন কৰিবলৈ আৱেদনকাৰীৰ বয়স ১৮ বছৰৰ অধিক হ’ব লাগিব৷ যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত বয়স হ’ব লাগিব ২১ বছৰ৷ অৱশ্যে ১৬ বছৰ বয়সপ্ৰাপ্ত ব্যক্তিবিশেষেও ইঞ্জিনৰ শক্তি ৫০ চি.চি.তকৈ অধিক নোহোৱা মটৰ চাইকেল ৰাজহুৱা স্থানত চলাব পাৰে৷
চিডিউল ১ আৰু ২ত দিয়া প্ৰ-পত্ৰৰ সৈতে নিম্নলিখিত নথিসমূহ সংলগ্ন কৰিব লাগিব৷
ক. জন্মৰ প্ৰমাণ-পত্ৰ
খ. বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ
গ. চিভিল চাৰ্জন বা তাতোকৈ উচ্চ খাপৰ পঞ্জীয়নকৃত চিকিৎসকে দিয়া বয়সৰ প্ৰমাণ-পত্ৰ
ঘ. ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা বেতন শ্লিপ
শিকাৰুৰ অনুজ্ঞা-পত্ৰৰ আৱেদনকাৰী সংশ্লিষ্ট কৰ্তৃপক্ষৰ সন্মুখত প্ৰাথমিক পৰীক্ষাৰ বাবে উপস্থিত হ’ব লাগিব৷ এই পৰীক্ষা যানবাহন পৰিদৰ্শকে পৰিচালনা কৰিব৷ যানবাহন চলাচল সম্পৰ্কীয় চিহ্ন, ইংগিত আৰু পথৰ নিয়মসমূহৰ দিশত আৱেদনকাৰীয়ে প্ৰয়োজনীয় জ্ঞানৰ প্ৰমাণ দিব লাগিব৷ আগতীয়াকৈ গাড়ীচালনাৰ অনুজ্ঞা-পত্ৰ থকাসকলক নতুন শ্ৰেণীৰ বাহনৰ ক্ষেত্ৰত থকা প্ৰাথমিক পৰীক্ষাৰ পৰা ৰেহাই দিয়া হ’ব৷
শিকাৰুৰ অনুজ্ঞা-পত্ৰ লাভ কৰিবলৈ আৱেদনকাৰীয়ে বাস কৰা বা ব্যৱসায়-বাণিজ্য কৰি থকা নিজৰ অধিক্ষেত্ৰৰ অন্তৰ্গত সংশ্লিষ্ট কৰ্তৃপক্ষ বা জিলা পৰিৱহণ বিষয়াক আৱেদন জনাব লাগিব৷
আৱেদন প্ৰ-পত্ৰ তলত চিডিউল ১ আৰু ২ত দিয়া হৈছে৷
শিকাৰুৰ অনুজ্ঞা-পত্ৰৰ বৈধতা ৬ মাহলৈ থাকে৷ এই অনুজ্ঞা-পত্ৰৰ গৰাকীয়ে বাহনৰ আগফাল আৰু পাছফালে স্পষ্টৰূপত দেখাকৈ ইংৰাজী ‘L’ আখৰটো লগাই গাড়ী চলাব৷ গাড়ী চলোৱাৰ সময়ত স্থায়ী অনুজ্ঞা-পত্ৰ থকা ব্যক্তি এজন তেওঁৰ সৈতে থাকিব লাগিব৷
চিডিউল ১ |
শাৰীৰিক সুস্থতাৰ ঘোষণা তথা আৱেদন |
|
চিডিউল ২ |
শিকাৰুৰ অনুজ্ঞা-পত্ৰ প্ৰদান বা পুনৰ্নবীকৰণৰ আৱেদন প্ৰ-পত্ৰ |
জিলা পৰিৱহণ বিষয়া, কাৰবি আংলং, ডিফু