ৰাজহুৱা স্থানত মটৰগাড়ী চলাবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা গাড়ীচালনাৰ অনুজ্ঞা-পত্ৰৰ দৰকাৰ৷ উপযুক্ত অনুজ্ঞা-পত্ৰ অবিহনে গাড়ী চলোৱাটো আইনবিৰুদ্ধ৷ নিৰ্দিষ্ট ব্যক্তিক নিৰ্দিষ্ট কৰা অনুজ্ঞা-পত্ৰ অবিহনে ৰাজহুৱা স্থানত যাত্ৰী পৰিৱহনকাৰী বাহন কোনেও চলাব নোৱাৰে৷ অসমৰ জিলাসমূহত থকা জিলা পৰিৱহণ বিষয়াগৰাকী গাড়ীচালনাৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ সক্ষম কৰ্তৃপক্ষ৷
আপোনাৰ নথিসমূহ পুংখানুপুংখভাৱে চোৱাৰ পাছত আপুনি ১৯৮৯ চনৰ কেন্দ্ৰীয় মটৰগাড়ী নিয়মৰ ১৫ নং নিয়মৰ অন্তৰ্গত গাড়ীচালনাৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ এই পৰীক্ষাৰ বাবে আপুনি আপোনাৰ বাহনখন জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈ আনিব লাগিব৷ যানবাহন পৰিদৰ্শকজনে আপোনাৰ চালনাৰ নিপুণতা, যানবাহনৰ নিয়ম সম্পৰ্কীয় জ্ঞান আৰু বাহনখনৰ সৈতে আপোনাৰ পৰিচিতি পৰীক্ষা কৰিব৷ এই পৰীক্ষাত সফলভাৱে দক্ষতা প্ৰদৰ্শন কৰা প্ৰাৰ্থীলৈ গাড়ীচালনাৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হ’ব৷>
অনুজ্ঞা-পত্ৰৰ আৱেদন কৰিবলৈ আৱেদনকাৰীৰ বয়স ১৮ বছৰৰ অধিক হ’ব লাগিব৷ যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত বয়স হ’ব লাগিব ২১ বছৰ৷ অৱশ্যে ১৬ বছৰ বয়সপ্ৰাপ্ত ব্যক্তিবিশেষেও ইঞ্জিনৰ শক্তি ৫০ চি.চি.তকৈ অধিক নোহোৱা মটৰ চাইকেল ৰাজহুৱা স্থানত চলাব পাৰে৷ শিকাৰুৰ বৈধ অনুজ্ঞা-পত্ৰ লাভ কৰা আৱেদনকাৰীয়ে কমেও ৩০ দিনৰ পাছত নতুবা প্ৰেৰণ দিনাংকৰ পৰা ১৮০ দিনৰ ভিতৰত স্থায়ী অনুজ্ঞা-পত্ৰৰ বাবে আৱেদন কৰিব পাৰে৷
শিকাৰুৰ অনুজ্ঞা-পত্ৰ লাভ কৰিবলৈ আৱেদনকাৰীয়ে বাস কৰা বা ব্যৱসায়-বাণিজ্য কৰি থকা নিজৰ অধিক্ষেত্ৰৰ অন্তৰ্গত সংশ্লিষ্ট কৰ্তৃপক্ষ বা জিলা পৰিৱহণ বিষয়াক আৱেদন জনাব লাগিব৷ আৱেদন প্ৰ-পত্ৰ তলত চিডিউল ১ আৰু ২ত দিয়া হৈছে৷
অনুজ্ঞা-পত্ৰৰ বৈধতা সাধাৰণতে প্ৰেৰণ দিনাংকৰ পৰা ২০ বছৰ নাইবা গৰাকীৰ বয়স ৫০ বছৰ হোৱালৈ, যিটোৱে আগতে হয়, সেই পৰ্যন্ত থাকে৷ আনহাতে যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত বৈধতাৰ ম্যাদ ৩ বছৰলৈ থাকে৷
জিলা পৰিৱহণ বিষয়া, কাৰবি আংলং, ডিফু৷