ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ লক্ষ্য হৈছে অসমৰ ২৭খন জিলাৰে নাগৰিকক চৰকাৰী সেৱাসমূহ উপলব্ধ কৰোৱা ৷ জিলা উপায়ুক্ত, মহকুমাধিপতি আৰু ৰাজহ-চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা চি.এছ.চি., পি.এফ.চি.ত স্থানীয়ভাৱে পোৱা ইণ্টাৰনেটৰ জৰিয়তে সৰ্বসাধাৰণৰ কাৰণে চৰকাৰী সেৱাসমূহ উপলব্ধ কৰা হ’ব৷ এই প্ৰকল্পৰ আৰম্ভণিস্বৰূপে জিলা, মহকুমা আৰু ৰাজহ-চক্ৰ পৰ্যায়ত পি.এফ.চি. নিৰ্মাণ কৰা হৈছে৷ গ্ৰাম্যাঞ্চলত চি.এছ.চি.ৰ জৰিয়তে মুখ্যাংশ প্ৰতিষ্ঠা কৰা হৈছে৷