মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ বাবে আৱেদন

নজৰ-তালিকা:

  • অনুজ্ঞা-পত্ৰ জাৰিকৰ্তা কৰ্তৃপক্ষ বা গৃহ বিভাগলৈ কৰা দৰ্খাস্তৰ জৰিয়তে অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ আৱেদন জনাব পাৰি৷
  • অস্ত্ৰ-শস্ত্ৰ আইন, ১৯৫৯ অনুযায়ী প্ৰয়োজনীয় পৰিমাণৰ মাচুল জমা দিব লাগিব৷
  • অস্ত্ৰৰ প্ৰকৃতি আৰু অনুজ্ঞা-পত্ৰৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি পৃথক পৃথক নথি-পত্ৰ দৰকাৰ৷
  • অস্ত্ৰ-শস্ত্ৰ আইন, ২০১৬মতে অস্ত্ৰৰ অনুজ্ঞা-পত্ৰত ইউ.আই.এন. (স্বতন্ত্ৰ পৰিচয় সংখ্যা) বাধ্যতামূলক৷

Overview

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰ হৈছে কোনো অধিক্ষেত্ৰৰ ভিতৰত চৰকাৰী কৰ্তৃপক্ষ (সাধাৰণতে আৰক্ষীয়ে)ই জাৰি কৰা অনুমতি যিয়ে অনুজ্ঞা-পত্ৰৰ গৰাকীক কিছুমান চৰ্ত বা সীমাবদ্ধতা সাপেক্ষে অস্ত্ৰ ক্ৰয় কৰা, গৰাকী হোৱা, লগত ৰখা বা কঢ়িওৱাৰ সন্মতি প্ৰদান কৰে৷

অস্ত্ৰ-শস্ত্ৰ আইন, ২০১৬ অনুসৰি অস্ত্ৰৰ অনুজ্ঞা-পত্ৰত ইউ.আই.এন. (স্বতন্ত্ৰ পৰিচয় সংখ্যা)ৰ উল্লেখ থকাটো বাধ্যতামূলকভাৱে প্ৰয়োজনীয়৷ ইউ.আই.এন.বিহীন অনুজ্ঞা-পত্ৰ বৈধ নহয়৷ এইটো জানি থোৱা উচিত যে ইউ.আই.এন. অনুজ্ঞা-পত্ৰধাৰীকহে দিয়া হয়, অনুজ্ঞা-পত্ৰখনক নহয়৷ ব্যক্তিবিশেষ, শিক্ষানুষ্ঠান, অস্ত্ৰ ব্যৱসায়ী, অস্ত্ৰ নিৰ্মাতা, ক্ৰীড়া সন্থা আদি সকলো প্ৰকাৰৰ অনুজ্ঞা-পত্ৰধাৰীৰেই ইউ.আই.এন. থাকিব লাগিব৷ সকলো অনুজ্ঞা-পত্ৰধাৰীকে তেওঁলোকৰ অনুজ্ঞা-পত্ৰদাতা কৰ্তৃপক্ষক সাক্ষাৎ কৰি অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ ম্যাদ বৈধ ৰখাটো প্ৰয়োজনীয়৷

প্ৰক্ৰিয়া প্ৰৱাহ

আৰক্ষীৰ সত্যাখ্যানৰ পাছত অনুজ্ঞা-পত্ৰ দিওঁতা কৰ্তৃপক্ষই যদি প্ৰয়োজন বুলি ভাবে, ওপৰত উল্লেখ কৰা প্ৰতিবেদন পোৱাৰ পাছত, আইনী বিধান অনুযায়ী অনুজ্ঞা-পত্ৰ মঞ্জুৰ কৰিব পাৰে অথবা নকৰিবও পাৰে৷

যোগ্যতা নিৰ্ণায়ক

২১ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিক৷

মাচুল

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ মাচুল সম্পৰ্ক জানিবলৈ ইয়াত ক্লিক কৰক : ক্লিক

দৰকাৰী নথি-পত্ৰ

নিম্নলিখিত নথিআৰু তথ্যসমূহ বাধ্যতামূলক

  1. ব্যক্তিগত সবিশেষ
  2. ঠিকনাৰ প্ৰমাণ
  3. বয়সৰ প্ৰমাণ
  4. আৰক্ষীৰ সত্যাখ্যান প্ৰতিবেদন
  5. আৱেদনকাৰীৰ চহীৰ সৈতে পাছপ’ৰ্ট আকাৰৰ শেহতীয়া আলোক-চিত্ৰ
  6. কৰ্মৰত চাকৰিয়ালৰ ক্ষেত্ৰত অনাপত্তি পত্ৰ
  7. মানসিক স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতা সম্পৰ্কে চিকিৎসকৰ প্ৰমাণ-পত্ৰ

কেনেকৈ আৱেদন কৰিব

অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ বাবে চিডিউল ১ত উপলব্ধ প্ৰ-পত্ৰখন ডাউনল’ড কৰি আৱেদন জনাব পাৰি৷ সম্পূৰ্ণৰূপে পূৰণ কৰা আৱেদন প্ৰ-পত্ৰখন সমৰ্থক নথি-পত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ আইনৰ সময়ে সময়ে হোৱা সংশোধনী অনুসৰি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুলৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ত থকা দণ্ডাধীকাৰী শাখাৰ অস্ত্ৰ-শস্ত্ৰৰ অনুজ্ঞা-পত্ৰ ৰুজু কৰা স্থানত জমা দিব লাগিব৷

সেৱাৰ প্ৰকাৰ

অফলাইন

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

Swipe to view
Swipe to view
Swipe to view
চিডিউল ১ অস্ত্ৰৰ অনুজ্ঞা-পত্ৰৰ বাবে আৱেদন প্ৰ-পত্ৰ ডাউনল’ড


কাৰ সৈতে যোগাযোগ কৰিব

ডিফুস্থিত কাৰবি আংলং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত থকা দণ্ডাধীকাৰী শাখা৷