I am now accessing as a :

Government Of Assam Karbi Anglong District

কাৰবি আংলং জিলা সম্পৰ্কে

কাৰবি আংলং জিলা মধ্য অসমৰ অন্তৰ্গত। নাগালেণ্ড আৰু গোলাঘাট জিলা ইয়াৰ পুব দিশত, হোজাই জিলা পশ্চিমে,  গোলাঘাট আৰু নগাঁও উত্তৰে, আৰু ডিমা হাচাও জিলা আৰু নাগালেণ্ড দক্ষিন দিশে  অবস্থিত।

জিলাখন ডাঠ পাহাৰীয়া অৰণ্য আৰু সমতল ভূমিৰে পৰিপূৰ্ণ আৰু ই 250 33’ – 260 35’ উত্তৰ অক্ষাংশ  আৰু 920 10’- 930 50’ পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।

আৰম্ভণি-

অসমৰ জনসাধৰণে ১৯৫১ চনৰ ১৭ নবেম্বৰ তাৰিখে এখন নতুন জিলা গঠন প্ৰত্যক্ষ কৰিলে যিখন আছিল সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰীয়া জিলা। এই নতুন জিলাখন আনুস্থানিক ভাবে ওপোৰক্ত তাৰিখত চৰকাৰী নিৰ্দেশনা নং TAD/R.31/50/201 Dtd. the 3rd November'1951 আধাৰত তেতিয়াৰ শিবসাগৰ জিলা, নগাঁও জিলা, কাছাৰ জিলা আৰু এতিয়াৰ মেঘালয়ৰ সংযুক্ত খাচীয়া আৰু জয়ন্তীয়াা পাহাৰীয়া জিলাৰ কিছু অংশলৈ মধ্য অসমৰ জনজাতিয় গোষ্ঠিৰ উন্নয়নৰ হকে গঠন কৰা হৈছিল। পিছলৈ ১৯৭০ চনত এই জিলাখন পৃথক হৈ মিকিৰ হিলছ আৰু উত্তৰ কাছাৰ হিলছ নামৰ দুখন জিলাৰ জন্ম হয়। ইয়াৰ মিকিৰ হিলছ জিলাখন আকৌ  ১৪ অক্ট'বৰ, ১৯৭৬ চনৰ পৰা চৰকাৰী নিৰ্দেশনা নং TAD/R/115/74/47 Dtd. 14-10-1976ৰ মতে    "কাৰবি আংলং জিলা" নামেৰে নতুনকৈ নামাকৰণ কৰা হয়। এনেকৈ কাৰবি আংলং জিলা ডিফু সদৰক লৈ এখন পূৰ্ণাংগ জিলাৰূপে অসমৰ মানচিত্ৰত স্থান লাভ কৰে। কাৰবি আংলং ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্গত এখন বৃহৎ জিলা।

হামৰেণ মহকুমা (সদৰ)ৰ পৃথকিকৰণ- ২০১৬ চনত হামৰেণ হেড-কোৱাৰ্টাৰক লৈ পশ্চিম কাৰবি আংলং (West Karbi Anglong)  জিলা গঠন কৰা হয়। পশ্চিম কাৰবি আংলং জিলা কাৰ্বি আংলং স্বয়ত্বশাষিত পৰিষদৰ এটা অংশ।

জলবায়ু- 

ভূসংস্থান পৰিবৰ্তনৰ বাবে পাহাৰীয়া মণ্ডলৰ বিভন্ন অংশত ভিন্ন জলবায়ুৰ উদ্ভাৱন দেখা যায়। ইয়াত শীতকাল অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ থাকে। গ্ৰীস্মকালত বায়ুমণ্ডল অপ্ৰশস্ত হৈ পৰা দেখা যায়।  শীতকালত ইয়াৰ তাপমাত্রাৰ পৰিসৰ  ৬ ডিগ্রীৰ পৰা ১২ ডিগ্রী আৰু গ্ৰীস্মকালত ২৩ ডিগ্রীৰ পৰা ৩২ ডিগ্রী চেলচিয়াচ পৰিলক্ষিত হোৱা দেখা যায়।

জনসংখ্যাৰ গাঠনি-

জিলাখনৰ জনসংখ্যা প্ৰধানত জনজাতীয় লোকক লৈ গঠিত।  জিলাখনৰ মুখ্য জনজাতীয় বৰ্ণবোৰ হৈছে কাৰবি, বড়ো, কুকি, মাৰ, গাৰো, ৰেংমা নগা, টিৱা, মন ইত্য়াদি। ইয়াৰ ওপৰিও পাহাৰীয়া  জিলাখনত এটা বৃহৎ  অংশ অজনজাতীয় লোকে বসবাস কৰে।

ভূগোল-

জিলাখনৰ মাজেৰে বহুতো নদী আৰু উপনদী বৈ গৈছে। ইয়াৰ ভিতৰত তলত দিয়া নামবোৰ উল্লেখযোগ্য-

আমৰেং, বৰপানী, কলিয়নী, ধনশিৰী, দিখাৰু, নামবৰ, দেওপানী, যমুনা, পত্ৰদিশা, লংনিত, দৈগ্ৰং

 


 

(N.B. Under Draft Only)