মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

ওপৰিঞ্চি সংযোগ নীতি

বাহ্যিক ৱেবচাইট / পৰ্টেলৰ সৈতে সংযোগ
এই ৱে’বচাইটৰ বিভিন্ন স্থানত আপুনি অন্য ৱে’বচাইট / প’ৰ্টেলৰ সংযোগ পাব৷ উক্ত সংযোগসমূহ আপোনাৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে৷ তেনে ৱে’বচাইটসমূহৰ বিষয়-বস্তু আৰু নিৰ্ভৰযোগ্যতাৰ দিশত কাৰবি আংলং জিলা প্ৰশাসন দায়বদ্ধ নহয় আৰু সেইসমূহত সন্নিৱিষ্ট দৃষ্টিভংগী অনুমোদিত নহ’বও পাৰে৷ সেয়ে তেনেকুৱা সংযোগসমূহৰ উপস্থিতি বা ৱে’বচাইটত পোৱা সংযোগৰ তালিকাসমূহ পৃষ্ঠাংকিত বুলি ধৰা অনুচিত৷ সেই সংযোগসমূহ যিকোনো সময়তে কাৰ্যক্ষম হৈ থাকিব বুলি আমি ডাঠি ক’ব নোৱাৰোঁ আৰু সংযোগ পৃষ্ঠাসমূহৰ সহজলভ্যতাৰ ওপৰতো আমাৰ নিয়ন্ত্ৰণ নাই৷

অন্য ৱেবচাইটৰ দ্বাৰা আমাৰ ৱেবচাইটৰ সংযোগ
এই ৱে’বচাইটত উপস্থাপিত কোনো তথ্যৰ সৈতে স্থাপন কৰা পোনপটীয়া সংযোগৰ বাবে আমি আপোনাক আপত্তি নদৰ্শাওঁ আৰু তাৰ বাবে আগতীয়া অনুমতিৰো প্ৰয়োজন নাই৷ বৰঞ্চ স্থাপিত সংযোগ সম্বন্ধে আপুনি আমাক জনোৱাটো বিচাৰোঁ যাতে সেইসমূহত সময় অনুপাতে হোৱা যিকোনো পৰিৱৰ্তন বা অগ্ৰগতিৰ বিষয়ে আপোনাক জনাই থাকিব পৰা যায়৷ তদুপৰি আমাৰ পৃষ্ঠাসমূহ আপোনাৰ ৱে’বচাইটত উপস্থাপন কৰাটোতো আমি অনুমতি প্ৰদান নকৰোঁ৷ এই ৱে’বচাইটৰ অন্তৰ্ভুক্ত পৃষ্ঠাসমূহ ব্যৱহাৰকাৰীয়ে নতুনকৈ খোলা ব্ৰাউজাৰ উইণ্ড’ত উপস্থাপন কৰিব লাগিব৷